আজি মুকলি হ’ব বহু প্ৰত্যশিত Galaxy Unpacked 2026 ইভেণ্ট; কেনেদৰে প্ৰত্যক্ষ কৰিব পাৰিব পোনপটীয়া সম্প্ৰচাৰ ?
আজি মুকলি হ’ব বহু প্ৰত্যাশিত Galaxy Unpacked 2026 ইভেণ্ট ৷ কেনেকৈ আৰু কিদৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পাৰিব সেই মুকলি অনুষ্ঠান জানক আমাৰ বিস্তৃত প্ৰতিবেদনযোগে ---

Published : February 25, 2026 at 2:27 PM IST
হায়দৰাবাদ: আজি বহু প্ৰত্যাশিত Galaxy Unpacked 2026 ত নতুন ইয়াৰবাড আৰু ঘড়ীৰ সৈতে Samsung Galaxy S26 Ultra, Samsung Galaxy S26 Plus আৰু Samsung Galaxy S26 মুকলি কৰা হ’ব ৷ এই অনুষ্ঠানত Samsung Galaxy S26 Ultra মুখ্য আকৰ্ষণ হ’ব বুলি আশা কৰা হৈছে । এণ্ড্ৰইড ফ্লেগশ্বিপটোৱে আগন্তুক এপল আইফোন iPhone 18 Pro Max ক প্ৰত্যাহ্বান জনাব বুলি আশা কৰা হৈছে ৷ এই আইফোনটো চলিত বৰ্ষৰ শেষৰ ফালে ছেপ্টেম্বৰ মাহত মুকলি কৰা হ’ব ।
Galaxy Unpacked 2026: ক’ত, কেনেদৰে চাবলৈ পাৰিব পোনপটীয়া সম্প্ৰচাৰ ?
ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হ’লেও Galaxy Unpacked 2026 বিশ্বজুৰি দৰ্শকৰ বাবে অনলাইনত লাইভষ্ট্ৰিম হ’ব । Samsung Galaxy S26 Ultra, Samsung Galaxy S26 Plus আৰু Samsung Galaxy S26 ৰ লঞ্চ লাইভ চাবলৈ তলৰ লিংকটোৰ জৰিয়তে অনুষ্ঠানটো চাব পাৰিব বা শেহতীয়া আপডেট পাবলৈ এই লাইভ ব্লগটো অনুসৰণ কৰিব পাৰিব ।
Time for Galaxy Unpacked 2026 pic.twitter.com/58fnOodiXf
— Gadget Listings (@gadgetlistings) February 11, 2026
Samsung Galaxy S26 Ultra: কি আশা কৰিব পাৰি ?
Samsung Galaxy S26 Series এতিয়াও আনুষ্ঠানিকভাৱে মুকলি হোৱা নাই যদিও এজন টেক ইউটিউবাৰ সাহিল কাৰুলে মুকলিৰ পূৰ্বে ফ্লেগশ্বিপ Samsung Galaxy S26 আল্ট্ৰাৰ ভিডিঅ’ প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে । ক্ৰিয়েটৰজনে স্মাৰ্টফোনটোৰ আনবক্সিং ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ফোনটোৰ ডিজাইন আৰু বৈশিষ্ট্যসমূহ প্ৰকাশ পাইছে ।
ইউটিউবাৰেজনে প্ৰকাশ কৰা অনুসৰি Samsung Galaxy S26 Ultra ৰ ডিজাইনৰ কেইবাটাও পৰিৱৰ্তন হৈছে, য’ত ইয়াৰ পূৰ্বৰ Samsung Galaxy S25 Ultra ৰ তুলনাত ফ্লেট ফ্ৰেম আৰু অধিক বিশিষ্ট কেমেৰা আইলেণ্ড আছে । উল্লেখযোগ্য যে পেৰিস্কোপ টেলিফটো লেন্সৰ আকৃতি আয়তাকাৰৰ পৰা ঘূৰণীয়ালৈ সলনি হৈছে । এই আপডেটসমূহৰ পিছতো, S Pen’s কাৰ্যক্ষমতা একেই আছে, কিয়নো ইয়াত এতিয়াও ব্লুটুথ সংযোগৰ অভাৱ ।
শ্বেয়াৰ কৰা তথ্য অনুসৰি Samsung Galaxy S26 Ultra (ক’ডনেম ছেমছাং SM-S948B)-এ আকৰ্ষণীয় বেঞ্চমাৰ্ক ফলাফল দেখুৱাইছে । ই AnTuTu v11 বেঞ্চমাৰ্কত 37.2 মিলিয়ন পইণ্টৰ ব্যতিক্ৰমী সামগ্ৰিক স্ক’ৰ লাভ কৰে । Geekbench 6 ত ইয়াৰ প্ৰদৰ্শনও উল্লেখযোগ্য, একক-কোৰৰ বাবে 3648 আৰু মাল্টি-কোৰৰ বাবে 10898 স্ক’ৰ । তদুপৰি এই ডিভাইচটো এণ্ড্ৰইড 16 ত চলিব ।
লগতে পঢ়ক

