মুকলিৰ দিশে Samsung Galaxy S26 ছিৰিজ; জানক প্ৰত্যাশিত বৈশিষ্ট্যৰ বিষয়ে
চমু চাপিছে ছেমছাং গেলেক্সি এছ 26 ছিৰিজ মুকলিৰ দিন । এই ছিৰিজৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক ---

Published : October 20, 2025 at 4:51 PM IST
হায়দৰাবাদ: প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি Samsung Galaxy S26 ছিৰিজ মুকলিৰ টাইমলাইন অহা বৰ্ষৰ অৰ্থাৎ 2026 চনৰ জানুৱাৰী, কিয়নো প্ৰতি বছৰে জানুৱাৰী মাহত ছেমছাঙে নতুন ফ্লেগশ্বিপ ফোন ছিৰিজ মুকলি কৰে । এইবাৰ Samsung Galaxy S26 ছিৰিজৰ পাল । মুকলিৰ টাইমলাইন ওচৰ চাপি অহাৰ লগে লগে এই ফোন ছিৰিজখনৰ বিষয়ে নতুন উৰাবাতৰি প্ৰচাৰ হৈছে ।
এই সন্দৰ্ভত এতিয়া এক নতুন উৰাবাতৰিৰ সৃষ্টি হৈছে । Samsung Galaxy S26 ছিৰিজৰ সন্দৰ্ভত কোৱা হৈছিল যে ছেমছাঙে নিজৰ ষ্টেণ্ডাৰ্ড মডেল Samsung Galaxy S26 ৰ নাম সলনি কৰি Samsung Galaxy S26 প্ৰ’ লৈ সলনি কৰিব পাৰে, যিটো গেলাক্সি এছ 26 Edge আৰু আল্ট্ৰা মডেলৰ সমান্তৰালভাৱে মুকলি হ’ব পাৰে । কিন্তু এই উৰাবাতৰিৰ পিছত নতুন খবৰ ওলাইছে যে কোম্পানীয়ে গেলাক্সি Edge বন্ধ কৰি ইয়াৰ ঠাইত গেলাক্সি এছ 26 প্লাছ মুকলি কৰিব পাৰে ।
ছেমছাঙৰ আগন্তুক ফ্লেগশ্বিপ ছিৰিজৰ ফাদিল হোৱা তথ্য
অৱশ্যে ছেমছাঙে নিজৰ নতুন Edge মডেলটোক আওকাণ কৰাৰ দৰে নহয়, কিয়নো অতি শ্লীম ডিজাইনৰ এই নতুন মডেলটোক ছেমছাঙৰ ব্যৱহাৰকাৰীসকলে ভাল সমাদৰ দিছে । এতিয়া শেহতীয়াকৈ ছেমছাঙৰ ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজৰ মুকলিৰ সন্দৰ্ভত এটা তথ্য ফাদিল হৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে আগন্তুক ছিৰিজত S26, S26 Plus আৰু S26 Ultra মডেল অন্তৰ্ভুক্ত কৰা হ’ব । অৰ্থাৎ ছেমছাঙৰ S ছিৰিজৰ পৰা প্ৰ’ মডেলটো নোহোৱা হৈ যাব পাৰে । অৱশ্যে এই ছিৰিজৰ নামকৰণ আঁচনিৰ কোনো পৰিৱৰ্তন নহ’ব বুলি ছেমম’বাইলে কয় ।
Samsung Galaxy S26 Ultra 5G ৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক । আটাইতকৈ বৃহৎ আপডেটটো হৈছে ইয়াৰ প্ৰচেছৰ । জানিব পৰা মতে, ছেমছাং গেলেক্সি এছ 26 আল্ট্ৰা 5G ত কোৱালকমৰ নতুন স্নেপড্ৰেগন 4 এলিট জেন 5 চিপছেট থাকিব । এই চিপছেটটো 3nm প্ৰক্ৰিয়া প্ৰযুক্তিৰ ওপৰত নিৰ্মিত, অৰ্থাৎ ই কেৱল দ্ৰুত পৰিৱেশন প্ৰদান কৰাই নহয়, শক্তিৰ ব্যৱহাৰো হ্ৰাস কৰিব ।
অৰ্থাৎ মাল্টিটাস্কিং, গেমিং, কেমেৰা প্ৰচেছিং আৰু AI ভিত্তিক কামৰ সময়ত ফোনটো বহুত মসৃণভাৱে চলিব । সহজ ভাষাত ক’বলৈ গ’লে গেলাক্সি এছ 26 আল্ট্ৰা 5G পূৰ্বৰ ছবিতকৈ , দ্ৰুত আৰু শক্তি-দক্ষ হ’ব ।
সম্ভাৱ্য পৰিৱেশনৰ হাইলাইটসমূহ
- প্ৰচেছৰ: কোৱালকম স্নেপড্ৰেগন 8 এলিট জেন 5
- স্থাপত্য: 3nm (উন্নত দক্ষতা + পৰিৱেশন বুষ্ট)
- পাৰফৰমেন্স ফ’কাচ: এআই, গেমিং, মাল্টিটাস্কিং
- তাপ ব্যৱস্থাপনা: উন্নত তাপ ব্যৱস্থা (ফাদিল হোৱা তথ্য অনুসৰি)
বেটাৰীতো ডাঙৰ বুষ্ট
গেলাক্সি আল্ট্ৰা ছিৰিজে সদায় উচ্চমানৰ বেটাৰী আৰু ফাষ্ট চাৰ্জিঙৰ সুবিধা প্ৰদান কৰি আহিছে যদিও এইবাৰ চেমচাঙে কথাবোৰ আৰু এখোজ আগুৱাই নিবলৈ বিচাৰিছে। লিক হোৱা বাতৰি অনুসৰি, Galaxy S26 Ultra 5G ত 5,500mAh বেটাৰী থাকিব পাৰে। ইয়াৰ উপৰিও ফোনটোৱে 60W ফাষ্ট চাৰ্জিং সমৰ্থন আগবঢ়াব পাৰে ।
| বৈশিষ্ট্য | বিৱৰণ (প্ৰত্যাশিত) |
|---|---|
| প্ৰচেছৰ | স্নেপড্ৰেগন 8 ইলাইট জেন 5 (3nm) |
| বেটাৰী | 5,500mAh |
| চাৰ্জিং | 60W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং |
| কেমেৰা ডিজাইন | পিলৰ দৰে ৰিয়াৰ মডুউল |
| ডিছপ্লে’ | QHD+ AMOLED (120Hz প্ৰত্যাশিত) |
| OS | এণ্ড্ৰইড 15 (প্ৰত্যাশিত) |
| মুকলিৰ সময় | 2026 বৰ্ষৰ আৰম্ভণি (প্ৰত্যাশিত) |
লগতে পঢ়ক

