ETV Bharat / technology

ছেমছাং গেলেক্সি ম’বাইলৰ মূল্য ১২,০০০ টকা পৰ্যন্ত বৃদ্ধি

ছেমছাঙে ভাৰতত গেলেক্সি এছ২৫ মডেলৰ ২৫৬জিবি আৰু ৫১২জিবি ভেৰিয়েণ্টৰ মূল্য বৃদ্ধি কৰিছে ৷

Samsung Galaxy
ছেমছাং গেলেক্সি ম’বাইলৰ মূল্য ১২,০০০ টকা পৰ্যন্ত বৃদ্ধি (etv bharat)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 5:52 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ছেমছাঙে ভাৰতত নিজৰ ফ্লেগশ্বিপ স্মাৰ্টফোন গেলেক্সি এছ২৫ ৫জিৰ দুটা মডেলৰ মূল্য বৃদ্ধি কৰিছে । বুধবাৰৰ পৰা এই নতুন নিৰিখ কাৰ্যকৰী কৰা হৈছে ৷ আজিৰে পৰা এই নতুন মূল্যসমূহ গ্ৰাহকে ছেমছাঙৰ অফিচিয়েল ৱেবছাইটত প্ৰত্যক্ষ কৰিবলৈ পাব । ছেমছাঙৰ অফিচিয়েল অনলাইন ষ্টোৰত ফোনটোৰ শীৰ্ষ মডেল দুটাৰ নতুন মূল্য দেখা পোৱা গৈছে ৷

নতুন মূল্য তালিকা অনুসৰি, গেলেক্সি এছ২৫ ৫জিৰ দ্বিতীয়টো মডেলৰ মূল্য ৮৪,৯৯৯ টকা ৷ ইয়াত আছে ১২ জিবি ৰেম আৰু ২৫৬ জিবি ষ্ট’ৰেজৰ সুবিধা ৷ মুকলিৰ সময়তকৈ এই ম’বাইলটোৰ মূল্য ৪,০০০ টকা বেছি বৃদ্ধি কৰা হৈছে ।

ইফালে, ১২ জিবি ৰেম আৰু ৫১২ জিবি ষ্ট’ৰেজৰ সৈতে কোম্পানীটোৰ টপ মডেলৰ হেণ্ডছেটটোৰ বৰ্তমান মূল্য ১,০৪,৯৯৯ টকা ৷ অৰ্থাৎ পূৰ্বৰ তুলনাত ১২,০০০ টকা পৰ্যন্ত এই মূল্য বৃদ্ধি কৰা হৈছে । এই ছেমছাং ফ্লেগশ্বিপ ফোনটোৰ পুৰণি আৰু নতুন দামৰ পাৰ্থক্য দেখুৱাবলৈ তলৰ টেবুলখন চাওক -

মডেলমুকলিৰ লগে লগে মূল্যনতুন মূল্যকিমান বাঢ়িল
১২জিবি + ১২৮জিবি৭৪,৯৯৯ টকা৭৪,৯৯৯ টকাকোনো সালসলনি হোৱা নাই
১২জিবি + ২৫৬জিবি৮০,৯৯৯ টকা৮৪,৯৯৯ টকা৪ হাজাৰ টকা
১২জিবি + ৫১২জিবি৯২,৯৯৯ টকা১,০৪,৯৯৯ টকা১২ হাজাৰ টকা

অৱশ্যে ছেমছাঙে এই ফ্লেগশ্বিপ ফোনটোৰ বেছ মডেলৰ মূল্য বৃদ্ধি কৰা নাই । বেছ ভেৰিয়েণ্টত ১২ জিবি ৰেম আৰু ১২৮ জিবি ষ্ট’ৰেজ আছে । মুকলিৰ লগে লগে এই ফোনটোৰ মূল্য আছিল ৭৪,৯৯৯ টকা ৷ এই মূল্যৰ সালসলনিৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই ।

কিন্তু মন কৰিবলগীয়া যে বিগত কেইবছৰমানৰ পৰা ছেমছাঙৰ ফ্লেগশ্বিপ ফোনসমূহ মুকলি কৰাৰ এবছৰ বা দুবছৰৰ পিছত মূল্য হ্ৰাস হোৱা দেখা গৈছে ৷ ইয়াৰ দাম মুকলিৰ লগে লগে নিৰ্ধাৰিত মূল্যতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ ২০২৫ চনৰ আৰম্ভণিতে ছেমছাং গেলেক্সি এছ২৫ মুকলি কৰা হৈছিল যদিও বেছ ভেৰিয়েণ্টৰ মূল্য হ্ৰাস পোৱা নাই ।

বিশ্বজুৰি ম’বাইল ফোনৰ কোম্পানীসমূহে সম্প্ৰতি চলি থকা ৰেম আৰু ষ্ট’ৰেজ সংকটৰ বাবে মূল্যবৃদ্ধি কৰাৰ সময়তে ছেমছাঙে নিজৰ এই ডিজাইনৰ ফোনটোৰ শীৰ্ষৰ দুটা মডেলৰ হেণ্ডছেটৰ মূল্য বৃদ্ধি কৰিছে ৷

বৈশিষ্ট্যসমূহ

ছেমছাং গেলেক্সি এছ২৫ ম’বাইলটো এটা কমপেক্ট ফোন । ইয়াত ৬.২ ইঞ্চি AMOLED ডিচপ্লে আছে, যিয়ে ১২০ হাৰ্জ পৰ্যন্ত এডাপ্টিভ ৰিফ্ৰেছ হাৰ আৰু FHD+ ৰিজ’লিউচন সমৰ্থন কৰে । ২৬০০ নিটৰ উজ্জ্বলতাৰে এই ফোনটো সূৰ্যৰ প্ৰখৰ ৰশ্মিটো ব্যৱহাৰৰ বাবে উপযোগী হৈ থাকে । ইয়াত কোৱালকমৰ স্নেপড্ৰেগন ৮ এলিট চিপছেট আছে, যিটো ৩এনএম প্ৰযুক্তিৰে নিৰ্মিত ।

ছফ্টৱেৰৰ ক্ষেত্ৰত এই ফোনটো এণ্ড্ৰইড ১৫ৰ ওপৰত ভিত্তি কৰি ছেমছাঙৰ ৱান ইউ আই ৭ স্কিনত চলিব । ডিভাইচটোৰ বাবে ৭ বছৰৰ বাবে অ’এছ আপডেট দিয়াৰ প্ৰতিশ্ৰুতি দিছে কোম্পানীটোৱে । ইয়াৰ লগত তুলনামূলকভাৱে সৰু ৪,০০০mAh বেটাৰী আছে, যিটো আধুনিক ব্যৱহাৰৰ মানদণ্ডত যথেষ্ট কম । বেটাৰীয়ে ২৫ ৱাট তাঁৰযুক্ত দ্ৰুত চাৰ্জিং, ১৫ ৱাট যুক্ত বেটাৰি চাৰ্জিং আৰু বেটাৰীক সমৰ্থন কৰে ।

এই ফোনটোৰ পিছফালে ট্ৰিপল-কেমেৰা ছেটআপ আছে, য’ত আছে ৫০এমপি মেইন কেমেৰা, ১০এমপি টেলিফ’টো লেন্স আৰু ১২এমপি আল্ট্ৰা-ৱাইড লেন্স । ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে কোম্পানীটোৱে ১২এমপিৰ ফ্ৰণ্ট কেমেৰাও হেণ্ডছেট দুটাত অন্তৰ্ভুক্ত কৰিছে ।

লগতে পঢ়ক: ৰব'টিক অস্ত্ৰোপচাৰ: আধুনিক চিকিৎসাত নতুন সম্ভাৱনা