MediaTek Dimensity 7400 Ultra চিপছেটৰ সৈতে Realme এ মুকলি কৰিলে Realme P4x 5G
Realme এ বজাৰত মুকলি কৰিলে Realme P4x 5G ৷ ফোনটোৰ বিশেষত্ব, দাম, ৰঙৰ বিকল্পৰ বিষয়ে জানো আহক ---

Published : December 4, 2025 at 1:02 PM IST
|Updated : December 4, 2025 at 1:42 PM IST
হায়দৰাবাদ: ভাৰতত মুকলি কৰা হৈছে Realme P4x 5G । নতুন P ছিৰিজৰ স্মাৰ্টফোনটো তিনিটা ৰঙৰ ৰূপত 7000mAh বেটাৰী আৰু 45W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহিছে । Realme P4x 5G এটা MediaTek Dimensity 7400 Ultra চিপছেটত চলিব, লগতে 8GB পৰ্যন্ত ৰেম আৰু 256GB পৰ্যন্ত অনবৰ্ড ষ্ট’ৰেজ আছে । ইয়াত 6.72 ইঞ্চিৰ ডিছপ্লে আৰু ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট আছে যাৰ হেডলাইন হৈছে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী চেন্সৰ । Realme P4x 5G ৰ ধূলি আৰু স্প্লেচ ৰেজিষ্টেন্সৰ বাবে IP64 ৰেটিং আছে ।
ভাৰতত Realme P4x 5G মূল্য, উপলব্ধতা
Same segment. Different league.
— realme (@realmeIndia) December 4, 2025
The #realmeP4x sets the pace with a 780k+ score and 7000mAh power, built to outpower every “V-ery slow” option out there.
Starting from ₹13,499.*
Sale starts 10th Dec, 12 PM.
*First sale offer valid for 12 hours only
Know more:… pic.twitter.com/KiTWDvsbsx
ভাৰতত Realme P4x 5G ৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 6GB ৰেম + 128GB ষ্ট’ৰেজ মডেলৰ বাবে 15,499 টকা । 8GB+128GB আৰু 8GB +256GB ৰেম আৰু ষ্ট’ৰেজ মডেলৰ দাম ক্ৰমে 16,999 টকা আৰু 17,999 টকা । ইয়াক মেট ছিলভাৰ, এলিগেণ্ট পিংক, আৰু লেক গ্ৰীণ ৰঙত উপলব্ধ ।
| ভেৰিয়েণ্ট | মূল্য |
| 6GB ৰেম + 128GB ষ্ট’ৰেজ | 15,499 টকা |
| 8GB ৰেম + 128GB ষ্ট’ৰেজ | 16,999 টকা |
| 8GB ৰেম +256GB ষ্ট’ৰেজ | 17,999 টকা |
লঞ্চ অফাৰ হিচাপে Realme P4x 5G ৰ বেচ ৰেম আৰু ষ্ট’ৰেজ মডেল 13,499 টকা ৰেহাই মূল্যত আগবঢ়াব । ফ্লিপকাৰ্ট আৰু Realme ৰ অনলাইন ষ্ট’ৰৰ জৰিয়তে 10 ডিচেম্বৰৰ 12 বজাৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব ।

Realme P4x 5G বিশেষত্ব, বৈশিষ্ট্যসমূহ
ডুৱেল চিম (Nano+Nano) Realme P4x 5G Realme UI 6.0 ত চলিব আৰু ইয়াত 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.72 ইঞ্চি ফুল-এইচডি এলচিডি পেনেল আছে। ডিছপ্লেটোৱে ১০০০ নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা প্ৰদান কৰিব বুলি প্ৰচাৰ কৰা হৈছে।
Realme P4x 5G ত আছে 6nm octa core MediaTek Dimensity 7400 Ultra চিপছেট, লগতে 8GB পৰ্যন্ত ৰেম আৰু 256GB পৰ্যন্ত ষ্ট’ৰেজ আছে । হেণ্ডছেটটোত 18GB পৰ্যন্ত ভাৰ্চুৱেল ৰেমও আছে । মাইক্ৰ’এছডি কাৰ্ডৰ সহায়ত ষ্ট’ৰেজ 2TB লৈকে বৃদ্ধি কৰিব পাৰি ।

অপটিক্সৰ বাবে হেণ্ডছেটটোত ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট আছে, য’ত আছে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 2 মেগাপিক্সেল ছেকেণ্ডাৰী চেন্সৰ । ছেলফি আৰু ভিডিঅ’ চেটৰ বাবে ইয়াত 8 মেগাপিক্সেলৰ ফ্ৰন্ট ফেচিং কেমেৰা আছে । ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে এই হেণ্ডছেটটোত IP64 ৰেটিং বিল্ড আছে । ইয়াত ষ্টীল প্লেট আৰু কপাৰ-গ্ৰেফাইট আৱৰণৰ সৈতে 5300 মিলিমিটাৰ বৰ্গক্ষেত্ৰৰ বাষ্প কক্ষৰ ফ্ৰ’জেন ক্রাউন কুলিং ছিষ্টেম আছে ।
Realme P4x 5G ৰ সংযোগ বিকল্পসমূহৰ ভিতৰত আছে ব্লুটুথ, 5G, 4G LTE, GPS, USB Type-C পৰ্ট আৰু ৱাই-ফাই । ইয়াত ডুৱেল স্পীকাৰ আছে ।

Realme P4x 5G ত 7,000mAh বেটাৰী আছে আৰু 45W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থন আছে । বেটাৰীয়ে বাইপাছ চাৰ্জিং আৰু ৰিভাৰ্ছ তাঁৰযুক্ত চাৰ্জিং সমৰ্থন কৰে । ই 8.39 মিমি ডাঠ আৰু ওজন 208 গ্ৰাম ।
লগতে পঢ়ক

