10,001mAh বেটাৰীৰে সৈতে Realme এ ভাৰতত মুকলি কৰিব Realme P4 Power 5G
ভাৰতত Realme P4 Power নামৰ এটা নতুন স্মাৰ্টফোন মুকলি কৰিছে Realme য়ে । ইয়াত 10,001mAh বেটাৰী থাকিব ।

Published : January 20, 2026 at 4:09 PM IST
হায়দৰাবাদ: অৱশেষত Realme এ 10,000mAh বেটাৰী ফোন মুকলি কৰাৰ সিদ্ধান্ত লৈছে । Realme P4 Power 5G নামৰ এটা নতুন ফোন মুকলি কৰাৰ কথা ঘোষণা কৰিছে কোম্পানীটোৱে । এই ফোনটোৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ 10,001mAh বেটাৰী । এই Realme ফোনটো ভাৰতত 2026 চনৰ 29 জানুৱাৰীৰ দিনা দুপৰীয়া 12 বজাত মুকলি কৰা হ’ব । Realme ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটৰ লগতে ফ্লিপকাৰ্টতো বিক্ৰীৰ বাবে উপলব্ধ হ’ব এই স্মাৰ্টফোনটো ।
Realme P4 Power 5G ত আছে 10,001mAh টাইটান বেটাৰী, যি পাৱাৰ বেংক সদৃশ । তদুপৰি এই বৃহৎ বেটাৰীৰ লগতে কোম্পানীয়ে দ্ৰুত চাৰ্জিং সমৰ্থনও আগবঢ়াইছে । এই ফোনত 80W ফাষ্ট চাৰ্জিং সমৰ্থনো আছে । কোম্পানীটোৱে দাবী কৰিছে যে ব্যৱহাৰকাৰীয়ে মাত্ৰ 5 মিনিট চাৰ্জ কৰাৰ পিছত আধা দিন ব্যৱহাৰ কৰিব পাৰে । তদুপৰি বেটাৰীয়ে 27W ৰিভাৰ্ছ চাৰ্জিংও সমৰ্থন কৰে । অৰ্থাৎ ব্যৱহাৰকাৰীয়ে এই ডিভাইচটোক তেওঁলোকৰ স্মাৰ্টফোনৰ সৈতে পাৱাৰ বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে, যাতে তেওঁলোকে তেওঁলোকৰ আন যিকোনো ডিভাইচো চাৰ্জ কৰিব পাৰে ।
Three colours. Three attitudes.
— realme (@realmeIndia) January 19, 2026
From the commanding shine of TransSilver, to the bold energy of TransOrange, to the cool confidence of TransBlue. Each finish brings its own presence to the surface.
So which one matches your vibe?#realmeP4Power, coming soon.
Know More:… pic.twitter.com/qgdO2d69ZL
ফোনটোৰ 10,001mAh বেটাৰীত উন্নত ছিলিকন-কাৰ্বন এনোড প্ৰযুক্তি, ডাবল-লেয়াৰ কোটিং আৰু চি-পেক প্ৰটেকচন বৰ্ড ডিজাইনৰ বৈশিষ্ট্য আছে । এই বেটাৰীয়ে টি ইউ ভি ৰেইনলেণ্ডৰ পৰা ফাইভ ষ্টাৰ প্ৰমাণপত্ৰ লাভ কৰিছে আৰু মিলিটাৰী গ্ৰেডৰ শ্বক টেষ্টতো উত্তীৰ্ণ হৈছে ৷
উল্লেখযোগ্য যে বৃহৎ বেটাৰী থকাৰ পিছতো এই ফোনটোৰ ওজন মাত্ৰ 219 গ্ৰাম বুলি জানিব পৰা গৈছে । অৰ্থাৎ ই আইফোন 17 প্ৰ’ মেক্সতকৈ লঘু, যাৰ ওজন 233 গ্ৰাম ।
This isn’t more Power. This is Power rewritten.
— realme (@realmeIndia) January 20, 2026
10001 mAh doesn’t raise the bar. It moves it so far ahead, no one’s catching up.
realme P4Power Launching 29th Jan.
Know More, Stay Tuned! pic.twitter.com/UgRH5xOS7T
বেটাৰীটোৰ সেৱা সন্দৰ্ভত কোম্পানীয়ে দাবী কৰিছে ---
- ষ্টেণ্ডবাই সময়: 932.6 ঘণ্টা (অৰ্থাৎ ফোনটো ব্যৱহাৰ নকৰিলে প্ৰায় 39 দিনলৈকে চলিব পাৰে)
- সংগীত শুনা: 185.7 ঘণ্টা (অৰ্থাৎ আপুনি প্ৰায় 7-8 দিনলৈকে অবিৰতভাৱে সংগীত শুনিব পাৰিব )
- কলিং: 72.3 ঘণ্টা (অৰ্থাৎ আপুনি 3 দিনতকৈ অধিক সময় অবিৰতভাৱে কথা পাতিব পাৰিব )
- ইউটিউবত ভিডিঅ’ চোৱা: 32.5 ঘণ্টা (এটা চাৰ্জত 32.5 ঘণ্টা ধৰি অবিৰতভাৱে ইউটিউব ভিডিঅ’ চাব পাৰিব )
- নেভিগেচন (গুগল মেপ আদি): 21.3 ঘণ্টা (আপুনি দীঘলীয়া ড্ৰাইভ বা ভ্ৰমণৰ সময়ত 21.3 ঘণ্টাৰ বাবে নেভিগেচন ব্যৱস্থাটো অবিৰতভাৱে ব্যৱহাৰ কৰিব পাৰে )
- গেমিং ( BGMI সদৃশ ): 11.67 ঘণ্টা (আপুনি বেটলগ্ৰাউণ্ডছ মোবাইল ইণ্ডিয়াৰ দৰে গেম 11 ঘণ্টাৰো অধিক সময় অবিৰতভাৱে খেলিব পাৰে )
বাইপাছ চাৰ্জিং: এই ফোনত বাইপাছ চাৰ্জিংও আছে । যদি আপুনি ফোনটো চাৰ্জ হৈ থকাৰ সময়ত কোনো গেম খেলি আছে, তেন্তে শক্তি পোনে পোনে ফোনটোলৈ যায় আৰু বেটাৰী শেষ নকৰে । ই বেটাৰীৰ অতি উত্তাপ ৰোধ কৰে আৰু বেটাৰীৰ জীৱনকাল দীঘলীয়া হোৱাটো নিশ্চিত কৰে । ইয়াৰ অৰ্থ হ’ল গেমিঙৰ সময়ত কোনো লেগ নাথাকিব, আনকি চাৰ্জ কৰাৰ সময়তো ।
বেটাৰীটো স্বাস্থ্য নিশ্চয়তা
এই ফোনটোৰ আন এটা মূল বৈশিষ্ট্য হ’ল বেটাৰী স্বাস্থ্য নিশ্চয়তা । Realme য়ে কয় যে যদি চাৰি বছৰৰ ভিতৰত বেটাৰীৰ স্বাস্থ্য 80% তললৈ নামি যায় তেন্তে ই বিনামূলীয়াকৈ বেটাৰী সলনি কৰি দিব । অৱশ্যে এই গেৰাণ্টী অফাৰ কেৱল প্ৰথম বিক্ৰী ইউনিটৰ পৰা ফোনটো ক্ৰয় কৰাসকলৰ বাবেহে উপলব্ধ হ’ব ।
ট্ৰেন্সচিলভাৰ, ট্ৰেন্সঅৰেঞ্জ আৰু ট্ৰেন্সব্লু ৰঙত মুকলি কৰা হৈছে Realme P4 Power 5G । Realme এ এই ফোনটোৰ ডিজাইন প্ৰকাশ কৰিছে, পিছফালে ট্ৰিপল কেমেৰা ছেটআপ প্ৰকাশ কৰিছে । তদুপৰি কোম্পানীটোৱে নিশ্চিত কৰিছে যে এই ফোনটো এণ্ড্ৰইড 16 ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা Realme UI 7 ত চলিব । কোম্পানীয়ে প্ৰতিশ্ৰুতি দিছে যে এই ফোনটোৱে তিনিটা এণ্ড্ৰইড অ’ এছ আপডেট আৰু চাৰি বছৰৰ ছফটৱেৰ আপডেট লাভ কৰিব ।
Realme P4 Power 5G: স্পেচিফিকেশন আৰু মূল্য
সঞ্জু চৌধাৰী নামৰ এজন টিপষ্টাৰৰ মতে এই ফোনটোৰ স্পেচিফিকেশন আৰু বক্স এম আৰ পি ফাদিল হৈছে । প্ৰতিবেদন অনুসৰি, Realme P4 Power ত 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.78 ইঞ্চি 4D Curve+ AMOLED ডিছপ্লে থাকিব বুলি আশা কৰা হৈছে । ফোনটোত মিডিয়াটেক ডাইমেনচিটি 7400 আল্ট্ৰা চিপছেট, হাইপাৰভিজন+ এআই চিপৰ সৈতে যোৰ কৰা হ’ব বুলি আশা কৰা হৈছে । টিপষ্টাৰৰ মতে, ফোনটোৰ পিছফালে 50MP অ’আইএছ কেমেৰা থাকিব পাৰে । ইয়াৰ উপৰিও ইয়াত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 16MP ফ্ৰন্ট কেমেৰা থাকিব পাৰে । এই ফোনটোৰ মূল্য হ’ব 37,999 টকা ।
লগতে পঢ়ক

