7,000mAh বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Realme C85 5G; মূল্য কিমান ?
আজি ভাৰতত মুকলি হ’ল Realme C85 5G ৷ অহা 1 ডিচেম্বৰৰ পৰা ক্ৰয়ৰ বাবে উপলব্ধ হ’ব এই মোবাইলটো ৷

Published : November 28, 2025 at 5:16 PM IST
হায়দৰাবাদ: Realme এ ভাৰতত মুকলি কৰিছে C85 5G । ইয়াত আছে 144Hz LCD ডিছপ্লে, MediaTek Dimensity 6300 চিপছেট, 6GB পৰ্যন্ত ৰেম, 128GB ষ্ট’ৰেজ, 50MP ৰিয়াৰ কেমেৰা ছেটআপ আৰু 7,000mAh বেটাৰী । এই ডিভাইচটো Realme UI 6.0 ত চলিব, যিটো চলিব Android 15 ৰ ওপৰত ভিত্তি কৰি ।
Realme-এ দাবী কৰিছে যে সম্পূৰ্ণ চাৰ্জত C85 5G-এ 50 ঘণ্টাৰ কল টাইম, 145 ঘণ্টাৰ অডিঅ’ প্লেবেক আৰু 22 ঘণ্টাৰ ভিডিঅ’ প্লেবেক প্ৰদান কৰিব । একেদৰে ই 20 ডিগ্ৰী চেলছিয়াছৰ পৰা 40 ডিগ্ৰী চেলছিয়াছলৈকে অতি ঠাণ্ডা আৰু গৰম উষ্ণতাত 46 ঘণ্টাৰো অধিক কল টাইম আৰু 18 ঘণ্টাৰো অধিক ভিডিঅ’ প্লেবেক প্ৰদান কৰিব ।
Realme C85 5G: মূল্য, উপলব্ধতা

Realme C85 5G ৰ মূল্য 4GB ৰেম + 128GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ বাবে 16,499 টকা আৰু 6GB ৰেম + 128GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ বাবে 17,999 টকা । ইয়াক পেৰ’ট পাৰ্পল আৰু পিকক গ্ৰীণ ৰঙৰ বিকল্পত উপলব্ধ ।
মুকলি অফাৰৰ অংশ হিচাপে কুপন আৰু মূল্যৰ ৰেহাইকে ধৰি Realme C85 5G 4GB আৰু 6GB ৰেমৰ ভেৰিয়েন্ট ক্ৰমে 14,999 টকা আৰু 16,499 টকাত উপলব্ধ হ’ব ।
ডিভাইচটোৰ প্ৰথম বিক্ৰী আৰম্ভ হ’ব অহা 1 ডিচেম্বৰৰ পৰা ৷ 1 ডিচেম্বৰৰ দিনা ভাৰতীয় সময় অনুসৰি দিনৰ 12 বজাৰ পৰা Realme ৰ অফিচিয়ল ৱেবচাইট আৰু Flipkart ৰ জৰিয়তে এই মোবাইলটো ক্ৰয় কৰিব পাৰিব ।
Realme C85 5G: স্পেচিফিকেশন
Realme C85 5G ৰ জোখ 166.07 x 77.93 x 8.38 মিমি আৰু ওজন 215 গ্ৰাম । ইয়াত 144Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট, 256 পিক্সেল প্ৰতি ইঞ্চি (PPI) ঘনত্ব, 16.7 মিলিয়ন ৰঙৰ গভীৰতা, আৰু 1200 নিট (HBM) শীৰ্ষ উজ্জ্বলতাৰ সৈতে 6.8 ইঞ্চি HD+ LCD ডিছপ্লেৰ বৈশিষ্ট্য আছে ।
ইয়াত অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি 6300 চিপছেট আছে, যিটো আৰ্ম মালি-G57 MC2 জিপিইউৰ সৈতে সংযোগ কৰা হৈছে । এই হেণ্ডছেটটোত 6GB পৰ্যন্ত ৰেম আৰু 128GB ষ্ট’ৰেজ আছে । উল্লেখযোগ্য যে ৰেমটো ভাৰ্চুৱেলি 18 GB লৈকে সম্প্ৰসাৰিত কৰিব পাৰি ।

ইয়াত f/1.8 এপাৰচাৰ, 76 ডিগ্ৰী ফিল্ড অৱ ভিউ, 5P, আৰু PDAF অটোফ’কাছৰ সৈতে 50MP চ’নী IMX852 ৰিয়াৰ মেইন কেমেৰা আছে । ইয়াৰ উপৰিও ফোনটোত f/2.0 এপাৰচাৰ, 80 ডিগ্ৰী ফিল্ড অৱ ভিউ আৰু 4P লেন্সৰ সৈতে 8MP ফ্ৰন্ট ফেচিং কেমেৰা আছে ।
ইয়াত 45W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 7,000mAh বেটাৰী আছে । ডিভাইচটো এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি Realme UI 6.0 ত চলিব আৰু ইয়াৰ ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP69 Pro ৰেটিং আছে ।
| বৈশিষ্ট্য | বিৱৰণ |
| ডিছপ্লে | 144Hz | 6.8-inch HD+ LCD |
| প্ৰচেছৰ | মিডিয়াটেক ডাইমেনচিটী 6300 |
| RAM + storage | 6GB RAM পৰ্যন্ত ৰেম আৰু 128GB পৰ্যন্ত ষ্টৰেজ |
| ৰিয়াৰ কেমেৰা | 50MP ছ’নী IMX852 চেন্সৰ, f/1.8 এপাৰচাৰ, 76৹ পৰ্যন্ত ঘূৰাব পৰা, 5P; PDAF autofocus |
| সমুখৰ কেমেৰা | 8MP |
| বেটাৰী | 7,000mAh |
| চাৰ্জিং | 45W |
| অপাৰেটিং ছিষ্টেম (OS) | এণ্ড্ৰইড 15 ৰ ভিত্তিত Realme UI 6.0 |
| IP ৰেটিং | IP69 Pro |
লগতে পঢ়ক

