ETV Bharat / technology

6000mAh বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Poco C85 5G; আৰম্ভণি মূল্য কিমান ?

আজি ভাৰতত মুকলি হ’ল Poco C85 5G ৷ ভাৰতত ফ্লিপকাৰ্টৰ জৰিয়তে তিনিটা ৰঙৰ বিকল্পত ক্ৰয়ৰ বাবে উপলব্ধ হ’ব Poco C85 5G ।

Poco C85 5G Launched in India With 6,000mAh Battery, 50-Megapixel Rear Camera: Price, Specifications
6000mAh বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Poco C85 5G (Poco India)
author img

By ETV Bharat Tech Team

Published : December 9, 2025 at 1:25 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মঙলবাৰে Xiaomi ছাব ব্ৰেণ্ডে ভাৰতত মুকলি কৰে Poco C85 5G ৷ এই স্মাৰ্টফোনটো C লাইনআপৰ শেহতীয়া সংযোজন । ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে দেশত বিক্ৰীৰ বাবে উপলব্ধ এই নতুন স্মাৰ্টফোনটো । ভাৰতত ইয়াক তিনিটা সুকীয়া ৰঙৰ ৰূপত আগবঢ়োৱা হৈছে । Poco C85 5G ত HD+ ৰিজ’লিউচন আৰু 120Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেটৰ সৈতে 6.9 ইঞ্চি ডিছপ্লে আছে । ইয়াত মিডিয়াটেক ডাইমেনচিটি 6000 ছিৰিজৰ চিপছেট আছে, যিটো 6000mAh বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে । টেক ফাৰ্মখনে দাবী কৰিছে যে এই ফোনটোৱে 106 ঘণ্টাৰো অধিক সময় মিউজিক প্লেবেকৰ সুবিধা প্ৰদান কৰিব । ইয়াৰ উপৰিও ই তাঁৰযুক্ত ফাষ্ট চাৰ্জিঙৰ লগতে তাঁৰযুক্ত ৰিভাৰ্ছ চাৰ্জিঙো সমৰ্থিত ।

ভাৰতত Poco C85 5G মূল্য, উপলব্ধতা

ভাৰতত Poco C85 5G ৰ মূল্য আৰম্ভ 4GB ৰেম আৰু 128GB ষ্ট’ৰেজৰ সৈতে বেচ ভেৰিয়েন্টৰ বাবে 12,499 টকা । ইফালে 6GB ৰেম আৰু 128GB ষ্ট’ৰেজৰ সৈতে হাইয়াৰ এণ্ড অপচনৰ দাম 13,499 টকা । শেষত টপ অৱ দ্য লাইন 8GB+128GB ভেৰিয়েণ্টৰ মূল্য 14,499 টকা । অৱশ্যে এটা পৰিচয়মূলক অফাৰৰ অংশ হিচাপে গ্ৰাহকে ৰেহাই মূল্যত হেণ্ডছেটটো ক্ৰয় কৰিব পাৰিব ক্ৰমে 10,999 টকা, 11,999 টকা আৰু 13,499 টকাত । HDFC বেংক, ICICI বেংক আৰু SBI ক্ৰেডিট আৰু ডেবিট কাৰ্ডত 1000 টকা পৰ্যন্ত ৰেহাই আগবঢ়োৱা হৈছে ।

16 ডিচেম্বৰত ফ্লিপকাৰ্টৰ জৰিয়তে দেশত বিক্ৰীৰ বাবে মুকলি হ’ব এই হেণ্ডছেটটো । Poco C85 5G মিষ্টিক পাৰ্পল, স্প্ৰিং গ্ৰীণ আৰু পাৱাৰ ব্লেক ৰঙৰ ৰূপত আগবঢ়োৱা হৈছে ।

Poco C85 5G বিশেষত্ব, বৈশিষ্ট্য

Poco C85 5G হাইপাৰঅ’এছ 2.2 ত চলিব, যিটো যোৱা বছৰৰ এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । কোম্পানীয়ে নতুন স্মাৰ্টফোনটোৰ বাবে দুটা এণ্ড্ৰইড উন্নীতকৰণ আৰু চাৰি বছৰৰ বাবে নিৰাপত্তা আপডেটৰ প্ৰতিশ্ৰুতি দিছে । ইয়াত 6.9 ইঞ্চি ফ্লেট HD+ (720x1,600 পিক্সেল) ডিছপ্লে আছে যাৰ সৈতে 120Hz পৰ্যন্ত এডাপ্টিভ স্ক্ৰীণ ৰিফ্ৰেছ ৰেট, 810 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা, TÜV Rheinland Low Blue Light, Flicker-Free আৰু Circadian Friendly প্ৰমাণপত্ৰ আছে । ধূলি আৰু স্প্লেচ ৰেজিষ্টেন্সৰ বাবে ফোনটোৰ IP64 ৰেটিং আছে ।

হেণ্ডছেটটোক শক্তি প্ৰদান কৰা হৈছে এটা অক্টা কোৰ 6NM মিডিয়াটেক ডাইমেনচিটি 6300 চিপছেটৰ সৈতে এটা মালি-G57 MC2 জিপিইউ । Poco C85 5G ত 8GB LPDDR4x RAM আৰু 128GB UFS 2.2 অনব’ৰ্ড ষ্ট’ৰেজ আছে, যিটো MicroSD কাৰ্ডৰ জৰিয়তে সম্প্ৰসাৰিত কৰিব পাৰি 1TB পৰ্যন্ত ।

অপটিক্সৰ বাবে Poco C85 5G ত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে, য’ত 50 মেগাপিক্সেল (f/1.8) প্ৰাইমেৰী শ্বুটাৰ আৰু QVGA কেমেৰা আছে । স্মাৰ্টফোনটোত ছেলফি আৰু ভিডিঅ’ কলৰ বাবে 8 মেগাপিক্সেল (f/2.0) ফ্ৰন্ট ফেচিং কেমেৰাও আছে । অনব’ৰ্ড চেন্সৰৰ তালিকাত এটা এম্বিয়েণ্ট লাইট চেন্সৰ, এটা প্ৰক্সিমিটি চেন্সৰ, এটা ই-কম্পাছ আৰু এটা এক্সিলেৰ’মিটাৰ অন্তৰ্ভুক্ত কৰা হৈছে । নিৰাপত্তাৰ বাবে কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰৰ সৈতেও এই ফোনটো প্ৰেৰণ কৰা হৈছে ।

Poco C85 5G ত 33W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং আৰু 10W তাঁৰযুক্ত ৰিভাৰ্ছ চাৰ্জিং সমৰ্থনৰ সৈতে 6,000mAh বেটাৰী পেক কৰা হৈছে । সংযোগ বিকল্পৰ ক্ষেত্ৰত Poco C85 5G ত আছে 5G, 4G LTE, Wi-Fi 5, ব্লুটুথ 5.4, 3.5mm অডিঅ’ জেক, এটা USB Type-C প’ৰ্ট, GPS, Glonass, Beidou, আৰু Galileo । ইয়াৰ মাত্ৰা 173.16x81.07x7.9 মিমি, আনহাতে ওজন প্ৰায় 211 গ্ৰাম ।

লগতে পঢ়ক