ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৬, চন্দ্ৰ জয়ৰ পৰা মহাকাশৰ নতুন দিগন্তলৈ ভাৰতৰ যাত্ৰা
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস, সামাজিক মাধ্যমত শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশেষ দিনটোত পঢ়ক এই বিশেষ প্ৰতিবেদন...

Published : August 23, 2026 at 11:55 AM IST
গুৱাহাটী: আজি 'ৰাষ্ট্ৰীয় মহাকাশ দিৱস' । ২০২৩ চনৰ এই দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ লেণ্ডাৰ ‘বিক্ৰমে’ চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰিছিল । এই ঐতিহাসিক সফলতাই ভাৰতক মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত এক উচ্চ স্থান দখল কৰিবলৈ সুযোগ দিছিল ।
এই উল্লেখযোগ্য কৃতিত্বক সন্মান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছিল । ২০২৪ চনৰ ২৩ আগষ্ট দিনটো প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে সমগ্ৰ দেশতে উদযাপন কৰা হৈছিল । "চন্দ্ৰ স্পৰ্শ কৰাৰ ক্ষণত জীৱন স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী"-শীৰ্ষক বিষয়বস্তুৰে প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয় ।
প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে সকলোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । সামাজিক মাধ্যমত তেওঁ লিখে,"ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভকামনা । আহক আৰু ডাঙৰ সপোন দেখোঁ, অধিকতম উদ্ভাৱন কৰক আৰু নতুন নতুন ক্ষেত্ৰ আৱিস্কাৰ কৰক ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক প'ষ্ট
একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰি লিখে, "মহাকাশ গৱেষণা আৰু অন্বেষণৰ ক্ষেত্ৰত ইতিহাস ৰচিছে ভাৰতে । বিজ্ঞান-প্ৰযুক্তিৰ দিশত ভাৰতৰ সফলতাৰ এক মাইলৰ খুঁটি হৈছে- জোনবাইৰ বুকুত চন্দ্ৰযান-৩ৰ ঐতিহাসিক সফল অৱতৰণ ।"
তেওঁ উল্লেখ কৰে,"আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনটোত বিজ্ঞানী আৰু গৱেষকসকলৰ অসামান্য অৱদানৰ প্ৰতি সন্মান জনাইছোঁ । চন্দ্ৰযান-৩ৰ দৰে আন বহু সফলতাই বিশ্বৰ মহাকাশ মানচিত্ৰত ভাৰতৰ সক্ষমতাক এক অনন্য স্থানেৰে জিলিকাই তোলাৰ লগতে এই গৌৰৱময় যাত্ৰাই আমাৰ যুৱ প্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত আগুৱাবলৈ অনুপ্ৰাণিত কৰি তোলক, সেয়াই কামনা কৰিছোঁ ।
চন্দ্ৰযান-৩ৰ ঐতিহাসিক কৃতিত্ব
চন্দ্ৰযান-৩ অভিযান ভাৰতীয় মহাকাশ গৱেষণাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি । এই অভিযানৰ জৰিয়তে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত সফলভাৱে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাস ৰচনা কৰে । ‘বিক্ৰম’ লেণ্ডাৰ আৰু ‘প্ৰজ্ঞান’ ৰোভাৰে চন্দ্ৰপৃষ্ঠৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে । এই সফলতাই ভাৰতীয় বিজ্ঞানী আৰু অভিযন্তাসকলৰ দক্ষতা, অধ্যৱসায় আৰু উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰে ।
ISROৰ গৌৰৱময় যাত্ৰা
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, অৰ্থাৎ ISRO, দেশৰ মহাকাশ কাৰ্যসূচীৰ মূল চালিকাশক্তি । ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা ISRO-ই যোগাযোগ, বতৰ বিজ্ঞান, নেভিগেশ্যন, দূৰসংবেদন, কৃষি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত উপগ্ৰহ প্ৰযুক্তিৰ সফল ব্যৱহাৰ কৰি আহিছে । PSLV আৰু GSLVৰ দৰে উৎক্ষেপণ যানৰ সফলতাই ভাৰতৰ নিজস্ব মহাকাশ প্ৰযুক্তিৰ সক্ষমতা প্ৰমাণ কৰিছে ।
সাধাৰণ জীৱনত মহাকাশ প্ৰযুক্তিৰ ভূমিকা
মহাকাশ গৱেষণা কেৱল চন্দ্ৰ, গ্ৰহ বা নক্ষত্ৰৰ অনুসন্ধানতে সীমাবদ্ধ নহয় । আজি বতৰ পূৰ্বানুমান, মোবাইল আৰু টেলিভিছন যোগাযোগ, GPS আৰু নেভিগেশ্যন, কৃষিভূমিৰ পৰ্যবেক্ষণ, বান আৰু ঘূৰ্ণীবতাহৰ আগজাননী আদি বিভিন্ন ক্ষেত্ৰত উপগ্ৰহ প্ৰযুক্তিৰ ব্যৱহাৰ হয় । অৰ্থাৎ মহাকাশ প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনকো সহজ আৰু সুৰক্ষিত কৰি তুলিছে ।
যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস
ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱসমাজৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা । মহাকাশ গৱেষণাৰ সফলতাই নতুন প্ৰজন্মক বিজ্ঞানী, অভিযন্তা আৰু গৱেষক হিচাপে দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিজ্ঞানভিত্তিক প্ৰদৰ্শনী, কুইজ, আলোচনা আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস পালন কৰা হয় ।
ভৱিষ্যতৰ মহাকাশ অভিযান
ভাৰতৰ মহাকাশ কাৰ্যসূচী এতিয়া কেৱল চন্দ্ৰ অভিযানতে সীমাবদ্ধ হৈ থকা নাই । মংগল অভিযান, সূৰ্য অধ্যয়ন, মানৱ মহাকাশ অভিযান আৰু ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ জৰিয়তে ভাৰতে মহাকাশ গৱেষণাক নতুন উচ্চতালৈ লৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছে । বিশেষকৈ ‘গগনযান’ অভিযান সফল হ’লে ভাৰতৰ মানৱ মহাকাশ অভিযানৰ ক্ষেত্ৰতো এক নতুন অধ্যায়ৰ সূচনা হ’ব ।
বিজ্ঞানমনস্ক ভাৰত গঢ়াৰ সংকল্প
ৰাষ্ট্ৰীয় মহাকাশ দিৱস হৈছে ভাৰতৰ বৈজ্ঞানিক সামৰ্থ আৰু আত্মনিৰ্ভৰতাৰ প্ৰতীক । এই দিৱসে আমাক শিকায় যে জ্ঞান, বিজ্ঞান, অধ্যৱসায় আৰু দৃঢ় সংকল্পৰ জৰিয়তে কঠিন লক্ষ্যও বাস্তৱায়িত কৰিব পাৰি । মহাকাশৰ অসীম সম্ভাৱনাৰ সৈতে খোজ মিলাই আগবাঢ়িবলৈ নতুন প্ৰজন্মক বিজ্ঞানমনস্ক কৰি তোলাই হ’ব এই দিৱসৰ অন্যতম মূল সাৰ্থকতা ।

