AI Summit 2026: ChatGPT ৰ দ্বিতীয় সৰ্ববৃহৎ বজাৰলৈ পৰিগণিত হৈছে ভাৰত - ছেম অল্টমেন
ভাৰতত ChatGPT ৰ সাপ্তাহিক ব্যৱহাৰকাৰী 10 কোটি । 2026 চনৰ AI Impact Summit 2026 ত এই অভিলেখৰ কথা প্ৰকাশ কৰিছিল ছেম অল্টমেনে ।

Published : February 16, 2026 at 8:57 PM IST
হায়দৰাবাদ: কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি বিশ্বজুৰি দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে । AI প্ৰযুক্তি দ্ৰুতগতিত অগ্ৰগতি লাভ কৰা শীৰ্ষ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম । ইয়াৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা AI কোম্পানীসমূহে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাৰতলৈ অহৰহ আহি আছে । তেনে এটা কোম্পানী হৈছে OpenAI । ইয়াৰ চেট মডেল ChatGPT বিশ্বৰ অন্যতম জনপ্ৰিয় Large Language Model (LLM) সমূহৰ ভিতৰত অন্যতম আৰু ভাৰত ইয়াৰ দ্বিতীয় বৃহত্তম বজাৰত পৰিণত হৈছে । এই কথা প্ৰকাশ কৰিছে OpenAI ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনে ।
ভাৰতত আৰম্ভ হোৱা কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনৰ সময়ত ছেম অল্টমেনে এই ঘোষণা কৰে । ভাৰতে আজি 16 ফেব্ৰুৱাৰীত AI Impact Summit 2026 আয়োজন কৰিবলৈ আৰম্ভ কৰে । পাঁচদিনীয়া এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰযুক্তি খণ্ডৰ দ্বিগজ, এ আই উদ্যোগৰ বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰা হ’ব । এই সন্মিলনত নতুন এ আই প্ৰযুক্তি, গৱেষণা, বিনিয়োগ আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ’ব ।
শীৰ্ষ সন্মিলন আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে OpenAI ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনে টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰবন্ধত এক উল্লেখযোগ্য তথ্য প্ৰকাশ কৰিছিল । তেওঁ উল্লেখ কৰে যে ভাৰতত ChatGPT ৰ সাপ্তাহিক সক্ৰিয় ব্যৱহাৰকাৰী 10 কোটি হৈছেগৈ । অল্টমেনৰ মতে, ভাৰত এতিয়া আমেৰিকাৰ পিছতে চেটজিপিটিৰ দ্বিতীয় বৃহত্তম বজাৰ । তেওঁ উল্লেখ কৰে যে ভাৰতে বিগত কেইমাহমানৰ পৰা এই স্থিতি বজাই ৰাখিছে, যিটো নিজৰ বাবেই এক উল্লেখযোগ্য কৃতিত্ব ।
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃদ্ধি হৈছে ChatGPT ৰ জনপ্ৰিয়তা
ছেম অল্টমেনে বিশেষভাৱে উল্লেখ কৰে যে বিশ্বৰ ভিতৰতে ভাৰতত ChatGPT ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক । তেওঁ কয় যে ইয়াৰ যুৱক-যুৱতীসকলে কেৱল মনোৰঞ্জনৰ বাবেই নহয়, অধ্যয়ন আৰু দক্ষতা বৃদ্ধিৰ বাবেও AI ব্যৱহাৰ কৰিছে। তদুপৰি, OpenAI এ নতুন বিনামূলীয়া সঁজুলি Prism ৰ কথাও উল্লেখ কৰি কয় যে ভাৰত ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে । মন কৰিবলগীয়া যে OpenAI এ কেইসপ্তাহমানৰ আগতে Prism নামৰ এটা নতুন সঁজুলি মুকলি কৰিছিল, যিটো বৈজ্ঞানিক গৱেষণা আৰু সহযোগিতাৰ বাবে ডিজাইন কৰা হৈছিল ।
যোৱা বছৰৰ আগষ্ট মাহত OpenAI এ ভাৰতত ChatGPT Go নামৰ এটা সুলভ মূল্যৰ ছাবস্ক্ৰিপচন প্লেন আৰম্ভ কৰিছিল, যিটো পিছলৈ বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছিল । কোম্পানীটোৱে ভাৰতত প্ৰথমটো কাৰ্যালয়ৰ বাবেও নিযুক্তিৰ কাম আৰম্ভ কৰে । নতুন দিল্লীত মুকলি হ’বলগীয়া এই কাৰ্যালয়ত বিক্ৰী বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছে ।
ইয়াৰ উপৰিও কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক উন্নত আৰু দ্ৰুত সেৱা প্ৰদানৰ বাবে ভাৰতত কেইবাটাও ডাটা চেণ্টাৰ খোলাৰ পৰিকল্পনা কৰিছে । 2026 চনৰ এআই ইমপেক্ট ছামিটত ছেম অল্টমেনৰ সৈতে উপস্থিত থাকিব গুগলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই । এইটোৱে স্পষ্ট ইংগিত দিয়ে যে ভাৰত এতিয়া বিশ্বব্যাপী এআই দৌৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু বিশ্বৰ বৃহৎ টেক কোম্পানীসমূহে ভাৰতীয় বজাৰখনক গুৰুত্বসহকাৰে লৈছে ।
লগতে পঢ়ক

