OnePlus এ ঘোষণা কৰিলে ভাৰতত OnePlus 15R মুকলিৰ দিন; লগতে মুকলি হ’ব OnePlus Pad Go 2
OnePlus 15R ভাৰতত আমাজন আৰু কোম্পানীটোৰ অনলাইন ষ্ট’ৰৰ উপলব্ধ হ’ব । কেৱল দুটা ৰঙৰ বিকল্পত উপলব্ধ হ’ব এই ফোনটো ৷

Published : November 25, 2025 at 11:19 AM IST
হায়দৰাবাদ: OnePlus 15R ৰ ভাৰতত মুকলিৰ দিন ঘোষণা কৰিছে চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে । ৱানপ্লাছ পেড গ’ 2 ৰ সমান্তৰালভাৱে মুকলি কৰা হ’ব এই হেণ্ডছেটটো । 17 ডিচেম্বৰৰ দিনা মুকলি কৰা হ’ব OnePlus 15R ৰ লগতে OnePlus Pad Go 2 ৷ ৱানপ্লাছ 15 ছিৰিজৰ শেহতীয়া সংযোজন হিচাপে মুকলি হ’বলগীয়া আগন্তুক হেণ্ডছেটটো আমাজন আৰু কোম্পানীটোৰ অনলাইন ষ্ট’ৰৰ জৰিয়তে দেশত উপলব্ধ হ’ব । জানিব পৰা মতে, ইয়াত কোৱালকমৰ অতি সোনকালে মুকলি হ’বলগীয়া স্নেপড্ৰেগন 8 জেন 5 চিপছেট থাকিব । ইয়াত ডুৱেল ৰিয়াৰ কেমেৰা বৈশিষ্ট্য থাকিব বুলিও ইংগিত দিয়া হৈছে । আনহাতে, OnePlus Pad Go 2 ত এটা ৰিয়াৰ কেমেৰা থাকিব ।
OnePlus 15R, OnePlus Pad Go 2 উপলব্ধ হ’ব দুটা ৰঙত
Get ready: https://t.co/oOMhrQAPrl
— OnePlus (@oneplus) November 24, 2025
May the power be ever in your favor. #OnePlus15R pic.twitter.com/LhxcbnplMq
চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে নিশ্চিত কৰিছে যে অহা 17 ডিচেম্বৰত ভাৰতত OnePlus 15R আৰু OnePlus Pad Go 2 মুকলি কৰা হ’ব । চলিত মাহৰ আৰম্ভণিতে ভাৰতত মুকলি কৰা ফ্লেগশ্বিপ ৱানপ্লাছ 15 মডেলৰ সৈতে সংযোগ হ’ব এই হেণ্ডছেটটো । OnePlus 15R মাত্ৰ দুটা ৰঙত আহিব - Charcoal Black আৰু Mint Breeze ৰঙত ৷
ইয়াৰ উপৰিও ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP66 + IP68 + IP69 + IP69K ৰেটিংৰ সৈতে প্ৰেৰণ কৰা হ’ব । OnePlus 15R ত ডুৱেল ৰিয়াৰ কেমেৰাও থাকিব, যিটো আয়তাকাৰ কেমেৰা মডিউলৰ ভিতৰত ৰখা হ’ব । ইয়াৰ সোঁফালে এটা পাৱাৰ বুটাম আৰু ভলিউম নিয়ন্ত্ৰণৰ বৈশিষ্ট্য থাকিব, আনহাতে বাওঁফালে এটা অস্পষ্ট বুটাম থাকিব । ভাৰতত OxygenOS ৰ সৈতে ইয়াক প্ৰেৰণ কৰা হ’ব ।

আনহাতে, OnePlus Pad Go 2 ত ষ্টাইলাছ সমৰ্থন থাকিব, যাক OnePlus Pad Go 2 Stylo বুলি অভিহিত কৰা হ’ব । ইয়াত এটা ৰিয়াৰ কেমেৰা ছেটআপ দিয়া হ’ব । আগন্তুক টেবলেটটো 5G সংযোগৰ সৈতেও প্ৰেৰণ কৰা হ’ব । 2023 চনৰ অক্টোবৰ মাহত মুকলি কৰা OnePlus Pad Go 2 ৰ উত্তৰাধিকাৰী হিচাপে দেশত ইয়াক মুকলি কৰা হ’ব ।

শীঘ্ৰে চীনত মুকলি হ’বলগীয়া OnePlus Ace 6T ৰ গ্ল’বেল সংস্কৰণ হ’ব বুলি আশা কৰা হৈছে OnePlus 15R । তদুপৰি ইয়াত কোৱালকমৰ স্নেপড্ৰেগন 8 জেন 5 এছ অ’ চিৰ ব্যৱস্থা কৰা হৈছে বুলি কোৱা হৈছে, যিটো 26 নৱেম্বৰত মুকলি কৰাৰ কথা । ইয়াৰ উপৰিও ইয়াত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী চেন্সৰ আৰু 8 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড কেমেৰা থাকিব বুলিও চৰ্চা ;লিছে । ই 16GB লৈকে LPDDR5x Ultra RAM আৰু 1TB লৈকে UFS 4.1 অনব'ৰ্ড সংৰক্ষণৰ সৈতে প্ৰেৰণ কৰিব পাৰে ।
লগতে পঢ়ক

