অহা 2 এপ্ৰিলৰ দিনা ভাৰতত মুকলি হ’ব Realme 16 5G
ভাৰতীয় বজাৰত স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Realme এ Realme 16 5G স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে আৰু ইয়াৰ মুকলিৰ তাৰিখ প্ৰকাশ কৰিছে ।

Published : March 26, 2026 at 7:56 PM IST
হায়দৰাবাদ: স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Realme এ অহা মাহত ভাৰতৰ বজাৰত নতুন Realme 16 5G মুকলি কৰিব বুলি ঘোষণা কৰিছে । জানিব পৰা মতে, স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত নিজৰ পৰৱৰ্তী মিড ৰেঞ্জ স্মাৰ্টফোন মুকলি কৰিব ।
এই ফোনটো প্ৰথমবাৰৰ বাবে জানুৱাৰী মাহত নিৰ্বাচিত বিশ্বব্যাপী বজাৰত ডাইমেনচিটি ৬৪০০ টাৰ্বো চিপ আৰু ৭,০০০mAh বেটাৰীৰে মুকলি কৰা হৈছিল । ডিজাইনৰ ফালৰ পৰা নতুন Realme 16 5G ত অনুভূমিক পিছফালৰ কেমেৰা মডিউল থাকিব, য’ত ৫০ মেগাপিক্সেলৰ পিছফালৰ কেমেৰাৰ সৈতে বৃত্তাকাৰ এল ই ডি ফ্লেছ আৰু সৰু ৰিফ্লেক্টিভ ছাৰ্ফেচ থাকিব, যিটো কোম্পানীয়ে ‘ছেলফি মিৰ’ৰ’ হিচাপে প্ৰচাৰ কৰিছে ।
New Realme 16 5G ৰ প্ৰত্যাশিত বিশেষত্ব
It’s not just about who’s in the frame.
— realme (@realmeIndia) March 26, 2026
It’s how the frame adapts.
Focus shifts. Details stay sharp.
With #AIPortraitStar.
Launching on 2nd April, 12 PM.#realme16 5G
Know more: https://t.co/HowgqnkNQLhttps://t.co/xYvczBuub2 pic.twitter.com/CEfinNF6l6
কোম্পানীটোৰ তথ্য অনুসৰি অহা ২ এপ্ৰিলত ভাৰতত মুকলি কৰা হ’ব নতুন Realme 16 5G । ভাৰতত এই স্মাৰ্টফোনটো ফ্লিপকাৰ্ট আৰু কোম্পানীটোৰ অনলাইন ষ্ট’ৰৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব ।
ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টত বিক্ৰীৰ বাবে উপলব্ধ Realme 16 5G ৰ এটা মাইক্ৰ’ছাইটত প্ৰকাশ পাইছে যে এই স্মাৰ্টফোনটো দুটা ৰঙৰ বিকল্পত উপলব্ধ হ’ব: এয়াৰ ব্লেক আৰু এয়াৰ হোৱাইট । ইয়াৰ উপৰিও কোম্পানীটোৱে নিশ্চিত কৰিছে যে ইয়াত ৭,০০০mAh বেটাৰী থাকিব, যিটো ৬০W এডাপ্টাৰেৰে চাৰ্জ কৰিব পাৰিব ।
ইয়াৰ উপৰিও প্ৰকাশ পাইছে যে Realme 16 5G Android 16 আৰু কোম্পানীটোৰ Realme UI 7.0 ইন্টাৰফেছৰ সৈতে মুকলি কৰা হ’ব । ই চাৰি বছৰৰ নিৰাপত্তা আপডেট আৰু তিনিটা এণ্ড্ৰইড অ’ এছ উন্নীতকৰণৰ সৈতে আহিব । ইয়াৰ উপৰিও ফোনটোত ৬,০৫০ বৰ্গ মিলিমিটাৰ হিট ডিচিপেচন এলেকাৰ সৈতে ভেপ’ৰ চেম্বাৰ কুলিং ছিষ্টেম থাকিব । ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে Realme 16 5G IP69 ৰেটিং কৰা হ’ব ।
কোম্পানীটোৰ তথ্য অনুসৰি Realme 16 5G ত আছে 6.57 ইঞ্চি ডিছপ্লে আৰু 50 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা । ফোনটোৰ কেমেৰা মডিউলত ৰিং আকৃতিৰ এল ই ডি ফ্লেছ আৰু এটা সৰু ৰিফ্লেক্টিভ ছাৰ্ফেচো আছে যিটো পিছফালৰ কেমেৰাৰ সৈতে ছেলফি লোৱাৰ বাবে সৰু আইনা হিচাপে ব্যৱহাৰ কৰিব পাৰি ।
নতুন Realme 16 5G ৰ গ্ল’বেল সংস্কৰণত আছে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ, য’ত আছে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 2 মেগাপিক্সেল ডেপথ চেন্সৰ । হুডৰ তলত ইয়াত মিডিয়াটেকৰ ডাইমেনচিটি ৬৪০০ চিপছেট আছে, ১২জিবি পৰ্যন্ত ৰেমৰ সৈতে সংযোগ কৰা হৈছে । গ্ল’বেল ভেৰিয়েণ্টটোৱে ২৫৬জিবি পৰ্যন্ত বিল্ট-ইন ষ্ট’ৰেজ প্ৰদান কৰে আৰু ইয়াৰ ওজন ১৮৩গ্ৰাম ।
লগতে পঢ়ক

