ভাৰতত মুকলি হ’ব Triumph ৰ নতুন 350cc range ৰ বাইক; থাকিব শক্তিশালী ইঞ্জিন
ভাৰতত মুকলি হ’ব Triumph ৰ 350 CC লাইনআপ ৷ চলিত বৰ্ষৰে এপ্ৰিল মাহত মুকলি হোৱাৰ সম্ভাৱনা ৷

Published : February 27, 2026 at 2:23 PM IST
হায়দৰাবাদ: প্ৰিমিয়াম মটৰ চাইকেল নিৰ্মাতা কোম্পানী Triumph Motorcycle এ ভাৰতীয় বজাৰত নিজৰ নতুন চাব-350 CC লাইনআপ মুকলিৰ বাবে সাজু হৈছে আৰু ইয়াৰ সবিশেষ পোহৰলৈ আহিছে । Bajaj Auto য়ে যোৱা বছৰৰ শেষৰ ফালে এই পৰিকল্পনা নিশ্চিত কৰি কয় যে এই প্লেন বিকাশৰ বাবে কাম চলি আছে । শেহতীয়াকৈ সংবাদ মাধ্যেমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাজাজ অটোৰ পৰিচালন সঞ্চালক ৰাজীৱ বাজাজে কয় যে 2026 চনৰ এপ্ৰিল মাহৰ ভিতৰত নতুন Truimph মটৰ চাইকেল ৰেঞ্জ মুকলি কৰা হ’ব ।
Bajaj Auto ৰ পৰিচালন সঞ্চালকৰ মন্তব্য
CNBC TV18 ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজীৱ বাজাজে কয়, "মই ক’বলৈ পাই সুখী যে 350 CC ট্ৰাইমফ মটৰ চাইকেল ৰেঞ্জ এপ্ৰিলৰ ভিতৰত বজাৰত মুক্তি পাবলৈ সাজু হৈছে ।” যোৱা বছৰ বাজাজ অটোৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ শৰ্মাই উল্লেখ কৰিছিল যে 2025 চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা নতুন জি এছ টি স্লেবৰ হাৰৰ ভিত্তিত পৰ্টফলিঅ’ক পুনৰ সংহত কৰাৰ বাবে ছাব-350 CC ট্ৰাইমফ মডেল মুকলিৰ পদক্ষেপ লোৱা হৈছে ।
Triumph 350CC ইঞ্জিন
নতুন Triumph 350CC ৰেঞ্জৰ মূল পৰিৱৰ্তন হ’ব ইঞ্জিন । এই ইউনিটৰ ঘন ক্ষমতা বৰ্তমানৰ 398CC ৰ পৰা 350 CC ৰ অলপ কমলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ইঞ্জিনৰ শীৰ্ষ হৰ্চপাৱাৰ আৰু টৰ্কতো প্ৰভাৱ পৰিব ।
ইয়াৰ উপৰিও বৰ্তমানৰ ৰেঞ্জৰ 39.5 BHP আৰু 37.5 nm টৰ্কৰ তুলনাত শক্তি সামান্য হ্ৰাস পাব পাৰে । তদুপৰি ট্ৰাইমফৰ নতুন 350 CC ৰেঞ্জত বৰ্তমানৰ 400 CC ৰ সকলো বৈশিষ্ট্য শ্বেয়াৰ কৰা হ’ব বুলি আশা কৰা হৈছে ।
অৱশ্যে এই লাইনআপ সন্দৰ্ভত কিছু প্ৰশ্নৰ উত্তৰ পোৱা নাই । ভাৰতীয় বজাৰত 400CC ছিৰিজৰ ঠাই নতুন 350CC ছিৰিজে ল’ব নে চাহিদা বৃদ্ধিৰ বাবে ইয়াৰ আশে-পাশে বিক্ৰী কৰা হ’ব সেয়া স্পষ্ট নহয় ।
যদিহে বাজাজ অটোৱে ভাৰতত নতুন 350 ৰেঞ্জৰ বিক্ৰীৰ ওপৰত গুৰুত্ব দি ৰপ্তানি বজাৰৰ বাবে ট্ৰাইমফ 400 CC উৎপাদন কৰি থাকে, তেন্তে একেলগে বিক্ৰীৰ কথা বিবেচনা কৰিব পৰা যাব । ভাৰত হৈছে ট্ৰাইমফৰ এণ্ট্ৰি লেভেল মটৰ চাইকেল ৰেঞ্জৰ উৎপাদন কেন্দ্ৰ, যাৰ মডেল বৰ্তমান বাজাজৰ চাকান প্লাণ্টৰ পৰা মুকলি কৰা হৈছে ।
লগতে পঢ়ক

