ETV Bharat / technology

মংগল গ্ৰহত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ’ল বিজুলীৰ চিকমিকনি; আৱদ্ধ কৰিলে নাছাৰ ৰভাৰে

পাৰ্চেভাৰেন্স ৰভাৰে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহৰ ধূলিময় বতাহত ক্ষুদ্ৰ ক্ষুদ্ৰ বৈদ্যুতিক স্ফুলিংগ ৰেকৰ্ড কৰি গ্ৰহটোৰ কেমেষ্ট্ৰী সন্দৰ্ভত নতুন তথ্য লাভ কৰে ।

nasas-perseverance-records-first-ever-mini-lightning-on-mars
মংগল গ্ৰহত ধূলিৰ ধুমুহাৰ ফলত হোৱা পৰিৱেশ (NASA)
author img

By ETV Bharat Tech Team

Published : December 4, 2025 at 5:15 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিশ্বৰ বিজ্ঞানীসকলে মংগল গ্ৰহৰ সবিশেষ জানিবলৈ সদায় উৎসাহিত হৈ থাকে । কিন্তু এইবাৰ মংগল গ্ৰহৰ বিষয়ে তেওঁলোকে জানিব পৰা নতুন তথ্যই ৰঙা গ্ৰহৰ অধ্যয়নৰ ক্ষেত্ৰত এক নতুন দিশ দিব পাৰিব বুলি আশা কৰা হৈছে । দৰাচলতে প্ৰথমবাৰৰ বাবে নাছাৰ বিজ্ঞানীসকলে মংগল গ্ৰহৰ ধূলিময় বতাহত ক্ষুদ্ৰ ক্ষুদ্ৰ বিজুলীৰ আঘাত তথা ক্ষুদ্ৰ বিজুলী পৰ্যবেক্ষণ কৰিছে । এইবোৰ অতি কম দূৰত্বৰ বৈদ্যুতিক নিৰ্গমন, যিবোৰ নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে নিজৰ ছুপাৰ চেন্সিটিভ মাইক্ৰ’ফোনেৰে আৱদ্ধ কৰিছিল ।

প্ৰতিবেদন অনুসৰি, প্ৰচণ্ড বতাহ আৰু ধূলিৰ ধুমুহাৰ সময়ত এই শব্দ ৰেকৰ্ড কৰা হৈছে । এই ক্ষুদ্ৰ স্ফুলিংগবোৰৰ ক্ৰেকলিং শব্দই স্পষ্টকৈ বুজায় যে মংগল গ্ৰহৰ ধূলিয়ে ইটোৱে সিটোৰ ওপৰত ঘৰ্ষণ ঘটি বৈদ্যুতিক আধান উৎপন্ন কৰিব পাৰে । গৱেষণাকাৰী দলটোৱে প্ৰায় দুটা বছৰৰ ভিতৰত মংগল গ্ৰহৰ প্ৰায় 28 ঘণ্টাৰ ৰেকৰ্ডিং বিশ্লেষণ কৰি মুঠ 55 টা বৈদ্যুতিক নিৰ্গমন ধৰা পেলাবলৈ সক্ষম হয় ।

এই ক্ষুদ্ৰ বিজুলীটো দেখিবলৈ কেনেকুৱা ?

এই বিজুলী পৃথিৱীৰ পৰা দেখাৰ দৰে আকাশৰ ওপৰেৰে যোৱা বিজুলী নহয় । প্ৰতিটো উজ্জ্বলতা মাত্ৰ কেইচেণ্টিমিটাৰমান দীঘল আৰু ইয়াত স্থায়ী বিদ্যুতৰ দ্বাৰা উৎপন্ন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফুলিংগৰ দৰেই সামান্য জোকাৰণি উৎপন্ন কৰে । আনকি এই ক্ষুদ্ৰ প্ৰভাৱটোও মংগল গ্ৰহৰ অতি পাতল বায়ুত যথেষ্ট আকৰ্ষণীয় ।

এই স্ফুলিংগবোৰে মংগল গ্ৰহৰ কেমেষ্ট্ৰী কেনেকৈ সলনি কৰে ?

দীৰ্ঘদিন ধৰি মংগল গ্ৰহত পোৱা অক্সিডেন্টৰ বিষয়ে বিজ্ঞানীসকল নিশ্চিত নাছিল । এতিয়া, আৱিষ্কাৰ কৰা হৈছে যে মাইক্ৰ’-বিজুলীৰ ফলত নিৰ্দিষ্ট বিক্ৰিয়াশীল যৌগ, যেনে হাইড্ৰ’জেন পেৰাক্সাইড উৎপন্ন হয় । এইবোৰে জৈৱিক অণুৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত প্ৰাচীন জীৱৰ প্ৰমাণ বিচাৰি পোৱাটো অধিক কঠিন হৈ পৰে । ছায়েন্স নিউজৰ মতে, এই স্ফুলিংগবোৰে মানুহৰ প্ৰত্যক্ষ ক্ষতি নকৰে যদিও দীৰ্ঘম্যাদীভাৱে ইলেক্ট্ৰনিক ডিভাইচত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।

বিজ্ঞানীসকলে কয় যে মংগল গ্ৰহৰ বৈদ্যুতিক ক্ষেত্ৰ নিৰীক্ষণৰ বাবে নতুন যন্ত্ৰ ভৱিষ্যতৰ অভিযানৰ বাবে অপৰিহাৰ্য হ’ব । ইয়াৰ ফলত ৰ’ভাৰ আৰু স্পেচছুটৰ উন্নত ডিজাইনৰ সুবিধা হ’ব । Nature আলোচনীত প্ৰকাশিত এই অধ্যয়নে মংগল গ্ৰহৰ বতৰ আৰু কেমেষ্ট্ৰী বুজিবলৈ এক নতুন দুৱাৰ মুকলি কৰিছে ।

লগতে পঢ়ক