ETV Bharat / technology

কাৰিকৰী সমস্যাক লৈ পুনৰ চন্দ্ৰ অভিযানত বিলম্ব নাছাৰ

৬ মাৰ্চত ARTEMIS II ৰ উৎক্ষেপণৰ পূৰ্বে নাছাই এই সমস্যাৰ কথা প্ৰকাশ কৰে । ই ডেৰ শতিকাৰো পিছত চন্দ্ৰলৈ মানৱ জাতিৰ প্ৰথমটো অভিযান ।

NASA ASTRONAUT MOON MISSION
ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ দৃশ্য (AP)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 11:07 AM IST

4 Min Read
Choose ETV Bharat

কেপ কানাভেৰাল : মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে নাছা । শনিবাৰে ৰকেটটোৰ সৈতে জড়িত নতুন সমস্যাৰ কথা পোহৰলৈ অহাৰ পিছত নাছাই পুনৰ বহু প্ৰত্যাশিত উৎক্ষেপণ কাৰ্যসূচী স্থগিত ৰাখিছে ।

এতিয়া ARTEMIS II ৰ চাৰিজন মহাকাশচাৰীৰ চন্দ্ৰলৈ ঘূৰি যোৱাৰ সম্ভাৱ্য় সময় হ’ব পাৰে চলিত বছৰৰ এপ্ৰিল মাহ । ৬ মাৰ্চত ARTEMIS II ৰ উৎক্ষেপণৰ পূৰ্বে নাছাই এই সমস্যাৰ কথা প্ৰকাশ কৰে । ই আছিল ডেৰ শতিকাৰো অধিক সময়ৰ পিছত চন্দ্ৰলৈ মানৱ জাতিৰ প্ৰথমটো অভিযান ।

বিষয়াসকলে জনোৱা মতে, ৰকেটৰ ওপৰৰ অংশত হিলিয়ামৰ যোগান নিশাটোৰ ভিতৰতে ব্যাহত হৈ পৰে । ইঞ্জিনসমূহ পাৰ্জিং আৰু ইন্ধনৰ টেংকত চাপ দিয়াৰ বাবে কঠিন হিলিয়ামৰ প্ৰবাহ অতি প্ৰয়োজনীয় । হাইড্ৰজেন ইন্ধন লিক হোৱাৰ সৈতে হিলিয়ামৰ এই সমস্যাৰ কোনো সম্পৰ্ক নাই ৷ যিয়ে চলিত মাহৰ আৰম্ভণিতে মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ আখৰা পৰীক্ষাত ব্যাঘাত জন্মাইছিল আৰু পুনৰ পৰীক্ষা কৰিবলৈ বাধ্য হৈছিল নাছা ।

নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে ফিল্টাৰ, ভাল্ভ বা সংযোগ প্লেটৰ বিসংগতিৰ বাবে হিলিয়ামৰ প্ৰবাহত ব্যাঘাত জন্মিব পাৰে । তেওঁ লগতে কয়, ‘‘কাৰণ যিয়েই নহওক কিয়, সেই পৰ্যায়ত প্ৰৱেশ কৰি সমস্যাটো সমাধানৰ একমাত্ৰ উপায় হ’ল ৩২২ ফুট(৯৮ মিটাৰ) দৈৰ্ঘৰ ৰকেটটো মেৰামতিৰ বাবে হেংগাৰলৈ ঘূৰাই অনা ।’’

এক্সৰ জৰিয়তে আইজাকমেনে কয়, ‘‘আমি উৎক্ষেপণৰ তাৰিখ পিছুৱাই নিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিম আৰু ইয়াৰ ফলত মাৰ্চ মাহত উৎক্ষেপণৰ সম্ভাৱনা কম হ’ব । মই বুজি পাওঁ যে মানুহ হতাশ হৈছে । এই হতাশা আটাইতকৈ বেছি অনুভৱ কৰিছে নাছাৰ দলটোৱে, যিয়ে এই কীৰ্তিচিহ্নস্বৰূপ প্ৰচেষ্টাৰ বাবে প্ৰস্তুতি চলাবলৈ অক্লান্তভাৱে কাম কৰি আহিছে ।’’

ইয়াৰ পূৰ্বে নাছাই কয় যে তেওঁলোকে ৰকেটটো কেনেডি স্পেচ চেণ্টাৰৰ ভেহিকেল এছেম্বলী বিল্ডিঙলৈ ঘূৰাই নিয়াৰ প্ৰস্তুতি চলাইছে আৰু পেডত কাম কৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে । মুখপাত্ৰ শ্বেৰিল ৱাৰ্ণাৰে কয় যে পৰিস্থিতি ঘনে ঘনে সলনি হৈ আছে ৷ মেৰামতি পেডত হওক বা হেংগাৰত হওক, ৰকেটটো মাৰ্চ মাহত উৎক্ষেপণৰ সম্ভাৱনা কম বুলিও কয় ৱাৰ্ণাৰে ।

ইতিমধ্যে হাইড্ৰ’জেন ইন্ধন নিৰ্গত হোৱাৰ বাবে ARTEMIS II ৰ চন্দ্ৰ উৎক্ষেপণত এমাহ পলম হৈছিল । বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে ইন্ধন পৰীক্ষাত কোনো লিক পোৱা নগ’ল, যাৰ ফলত মেনেজাৰসকলে মাৰ্চ মাহত উৎক্ষেপণৰ সম্ভাৱনাৰ বাবে আত্মবিশ্বাস লাভ কৰে । চাৰিজন মহাকাশচাৰীয়ে শুকুৰবাৰে সন্ধিয়াৰ পৰা দুসপ্তাহৰ বাবে প্ৰয়োজনীয় তথা বাধ্যতামূলক কোৱাৰেণ্টাইনত কটায় ।

আইজাকমেনে কয় যে পৰীক্ষণমূলক সময়ত দুয়োবাৰেই ৰকেটৰ হিলিয়াম ব্যৱস্থাৰ সৈতে সকলো ঠিকেই চলিছিল । কিন্তু এক নিয়মীয়া পৰীক্ষাৰ সময়ত এটা অপ্ৰত্যাশিত ঘটনা ঘটে, যাৰ ফলত অভিযন্তাসকলে পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ গোটেই নিশা উজাগৰে কটায় ৷

বাধাপ্ৰাপ্ত হিলিয়ামৰ প্ৰবাহ এছ এল এছ ৰকেটৰ অন্তৱৰ্তীকালীন ক্ৰাইজেনিক প্ৰপালচন পৰ্যায়ত সীমাবদ্ধ । এই ওপৰৰ পৰ্যায়টো অৰিয়ান ক্ৰু কেপচুলটোক উৎক্ষেপণৰ পিছত পৃথিৱীৰ চাৰিওফালে উপযুক্ত উচ্চ উচ্চতাৰ কক্ষপথত স্থাপন কৰিবলৈ প্ৰয়োজনীয় । ইয়াৰ পিছত ই অৰিয়ানৰ পৰা পৃথক হৈ কেপচুলৰ ভিতৰত মহাকাশচাৰীসকলৰ বাবে লক্ষ্য হিচাপে কাম কৰিব, যাৰ ফলত তেওঁলোকে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ বাবে ডকিং কৌশলৰ অভ্যাস কৰিব পাৰিব ।

নাছাৰ এপ’ল’ কাৰ্যসূচীৰ সময়ত ১৯৬৮ চনৰ পৰা ১৯৭২ চনলৈকে ২৪ জন মহাকাশচাৰীয়ে চন্দ্ৰলৈ গৈছিল । নতুন আৰ্টেমিছ কাৰ্যসূচীয়ে এতিয়ালৈকে মাত্ৰ এটা উৰণ সম্পূৰ্ণ কৰিছে, সেয়া হৈছে ২০২২ চনত ক্ৰুবিহীন চন্দ্ৰ কক্ষপথ অভিযান । সেই প্ৰথম পৰীক্ষামূলক বিমানখনতো উৰণৰ পূৰ্বে হাইড্ৰ’জেন ইন্ধন লিক হৈছিল, যি আছিল শনিবাৰে হোৱা হিলিয়ামৰ সমস্যাৰ দৰেই একেই । আৰ্টেমিছৰ পিছত প্ৰথমবাৰৰ বাবে ক্ৰুযুক্ত চন্দ্ৰত অৱতৰণ কৰিবলৈ এতিয়াও কেইবছৰমান বাকী ।

লগতে পঢ়ক: ভাৰতৰ দ্বিতীয় বৃহত্তম ব্যৱহাৰকাৰী ভিত্তি হিচাপে পৰিগণিত Anthropic; বেংগালুৰুত মুকলি হ’ল কাৰ্যালয়