ETV Bharat / technology

8 মাহৰ অন্তত পৃথিৱীলৈ ঘূৰি আহিল মহাকাশচাৰী জনি কিম আৰু Roscosmos দল

নাছাৰ মহাকাশচাৰী জনি কিম আৰু Roscosmos ৰ দলটোৱে মহাকাশত 245 দিনৰ অভিযান সম্পূৰ্ণ কৰি কাজাখস্তানত নিৰাপদে অৱতৰণ কৰিছে ।

nasa-astronaut-jonny-kim-returns-after-eight-month-iss-mission
পৃথিৱীত ভৰি দিয়াৰ সময়ৰ ছবি (X/NASA)
author img

By ETV Bharat Tech Team

Published : December 9, 2025 at 7:39 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ঘোষণা কৰিছে এক উল্লেখযোগ্য খবৰ । নাছাৰ মহাকাশচাৰী জনি কিম আৰু তেওঁৰ দলটোৱে প্ৰায় 8 মাহ মহাকাশত থকাৰ অন্তত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নিৰাপদে পৃথিৱীলৈ উভতি আহিছে । কিমৰ লগতে ৰাছিয়াৰ Roscosmos মহাকাশ সংস্থাৰ দুজন মহাকাশচাৰী ছাৰ্গেই ৰাইজিকোভ আৰু আলেক্সি জুব্ৰিটস্কিও নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল ।

এই দলটো আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত চলি থকা কেইবাটাও ডাঙৰ পৰীক্ষাৰ অংশ আছিল, যিবোৰ ভৱিষ্যতে চিকিৎসা গৱেষণাৰ পৰা আৰম্ভ কৰি মহাকাশ অন্বেষণলৈকে সকলো কামৰ বাবে উপযোগী হ’ব । জনি কিম আৰু তেওঁৰ দলটোৱে 245 দিন অবিৰতভাৱে মহাকাশত থাকিল ।

104 মিলিয়ন মাইল যাত্ৰা সম্পূৰ্ণ

নাছাই প্ৰকাশ কৰা কেইবাটাও চৰকাৰী প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত তেওঁলোকে পৃথিৱীক প্ৰায় 3920 বাৰ প্ৰদক্ষিণ কৰিছিল আৰু প্ৰায় 104 মিলিয়ন মাইল অৰ্থাৎ 167.3 মিলিয়ন কিলোমিটাৰ 167,371,776 কিলোমিটাৰ) যাত্ৰা কৰিছিল । এপ্ৰিল মাহত দলটোৱে আই এছ এছ (আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ) লৈ ৰাওনা হৈছিল আৰু এতিয়া যোৱা 9 ডিচেম্বৰত কাজাখস্তানৰ ঝেজকাজগান অঞ্চলৰ ওচৰত Soyuz MS 27 মহাকাশযানৰ জৰিয়তে নিৰাপদে অৱতৰণ কৰিছিল ।

nasa-astronaut-jonny-kim-returns-after-eight-month-iss-mission
যোৱা 9 ডিচেম্বৰত কাজাখস্তানৰ ঝেজকাজগান চহৰৰ ওচৰৰ এটা দুৰ্গম অঞ্চলত নাছাৰ মহাকাশচাৰী জনি কিম আৰু ৰস্কোচমছৰ মহাকাশচাৰী চাৰ্গেই ৰাইজিকভ আৰু এলেক্সি জুব্ৰিটস্কিক লৈ অৱতৰণৰৰ সময়ত (NASA/Bill Ingalls)

এই অভিযানৰ আকৰ্ষণীয় দিশটো আছিল যে কিম আৰু Zubritsky দুয়োজনেই প্ৰথমবাৰৰ বাবে মহাকাশত আছিল, আনহাতে এইটো আছিল Ryzhikov ৰ তৃতীয়টো অভিযান, যাৰ ফলত তেওঁৰ মুঠ মহাকাশ সময় 603 দিনলৈ বৃদ্ধি পাইছিল । ISS ত থকাৰ সময়ত জনি কিমে কেইবাটাও উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক পৰীক্ষাত অংশগ্ৰহণ কৰিছিল । তেওঁ মাইক্ৰ’গ্ৰেভিটিত ৰক্তবাহী নলীৰে বায়’প্ৰিণ্টেড কলাৰ ওপৰত গৱেষণা কৰিছিল, যিবোৰ মহাকাশভিত্তিক কলা উৎপাদন আৰু পৃথিৱীৰ গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰা যাব ।

মহাকাশত চলায় কেইবাটাও বিশেষ পৰীক্ষা

ছাৰ্ফেচ অৱতাৰ প্ৰকল্পৰ বাবে তেওঁ মহাকাশত একেলগে একাধিক ৰবট দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও পৰীক্ষা কৰিছিল । এই প্ৰযুক্তিয়ে ভৱিষ্যতৰ চন্দ্ৰ, মংগল আৰু গভীৰ মহাকাশ অভিযানত ৰবটিক্সৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব পাৰে । মহাকাশত ডি এন এৰ সৈতে মিল থকা নেন’মেটেৰিয়েল নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ আকৰ্ষণীয় কাম চলাইছিল । ইয়াৰ ফলত ঔষধ প্ৰদান আৰু পুনৰ উৎপাদনশীল চিকিৎসাৰ বাবে নতুন পথ মুকলি হ’ব পাৰে ।

লেণ্ডিং আৰু মেডিকেল চেকআপৰ পিছত সমগ্ৰ দলটোক কাৰাগাণ্ডাৰ ৰিকুৱেৰি জ’নলৈ লৈ যোৱা হ’ব । ইয়াৰ পিছত নাছাৰ মহাকাশচাৰী জনী কিম আমেৰিকাৰ হিউষ্টনৰ জনছন মহাকাশ কেন্দ্ৰলৈ উভতি যাব, য’ত ভাৰতীয় মহাকাশ সংস্থা ইছৰো মহাকাশচাৰী শুভাংশু শুক্লাও আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি অহাৰ পিছত গৈছিল ।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিগত 25 বছৰ ধৰি অবিৰতভাৱে মানুহে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছে । ইয়াত গৱেষণাই পৃথিৱীত এনে আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে যিবোৰ মাধ্যাকৰ্ষণ শক্তিত কেতিয়াও সম্ভৱ নহ’ব । ইফালে নাছাই ক্ৰমান্বয়ে নিম্ন পৃথিৱীৰ কক্ষপথৰ কাৰ্যকলাপ ব্যক্তিগত কোম্পানীক গতাই দিছে যাতে তেওঁলোকৰ দলটোৱে আৰ্টেমিছ চন্দ্ৰ অভিযান আৰু ভৱিষ্যতে মংগল অভিযানত মনোনিৱেশ কৰিব পাৰে ।

লগতে পঢ়ক