পুনৰ চন্দ্ৰলৈ মানুহ; 6 ফেব্ৰুৱাৰীত উৎক্ষেপণ হ’ব Artemis II অভিযান
নাছাৰ Artemis II অভিযানে চন্দ্ৰৰ চাৰিওফালে চাৰিজন মহাকাশচাৰীক প্ৰেৰণ কৰি ভৱিষ্যতে চন্দ্ৰ আৰু মংগল গ্ৰহ অভিযানৰ বাবে প্ৰস্তুতি চলাব ।

Published : January 20, 2026 at 7:55 PM IST
হায়দৰাবাদ: প্ৰায় 53 বছৰ আগতে 1972 চনৰ ডিচেম্বৰ মাহত Apollo 17 অভিযানৰ সময়ত চন্দ্ৰত শেষবাৰৰ বাবে মানুহ অৱতৰণ কৰিছিল । এতিয়া পাঁচ দশকৰ পাছত নাছাই আকৌ এবাৰ মানুহক চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে । 6 ফেব্ৰুৱাৰীত উৎক্ষেপণ হ’বলগীয়া আৰ্টেমিছ দ্বিতীয় অভিযানে মানুহক চন্দ্ৰৰ চাৰিওফালে ঘূৰাই পৃথিৱীলৈ ঘূৰাই আনিব ।
Artemis II অভিযানত চাৰিজন মহাকাশচাৰী অন্তৰ্ভুক্ত । নাছাৰ প্ৰবীণ মহাকাশচাৰী ৰিড ৱাইজমেনে এই অভিযানৰ নেতৃত্ব দিব । তেওঁৰ সৈতে যোগ দিব পাইলট ভিক্টৰ গ্লভাৰ, মিছন বিশেষজ্ঞ ক্ৰীষ্টিনা কোচ আৰু কানাডাৰ মহাকাশ সংস্থাৰ মহাকাশচাৰী জেৰেমি হেনছন । এই অভিযানটোও আমেৰিকা আৰু কানাডাৰ অংশীদাৰিত্বৰ এক বৃহৎ উদাহৰণ ।
We're heading to the Moon.
— NASA (@NASA) January 19, 2026
The launch window opens as early as Feb. 6 for our crewed @NASAArtemis mission. Throughout the journey, we'll bring you live coverage on NASA+: https://t.co/XjTc1fTzOv pic.twitter.com/bkDAflxC8D
এই অভিযানৰ উৎক্ষেপণৰ পূৰ্বে নাছাৰ অৰিয়ান মহাকাশযান আৰু মহাকাশ উৎক্ষেপণ ব্যৱস্থা (SLS) ৰকেট ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ উৎক্ষেপণ পেডত প্ৰেৰণ কৰা হৈছে । নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে আৰ্টেমিছ দ্বিতীয় মানৱ মহাকাশ উৰণৰ ইতিহাসৰ এক বৃহৎ পদক্ষেপ হ’ব । এই অভিযানে মানুহক পৃথিৱীৰ পৰা এতিয়ালৈকে আটাইতকৈ দূৰলৈ লৈ যাব আৰু ভৱিষ্যতে চন্দ্ৰলৈ ঘূৰি অহাৰ পথ প্ৰশস্ত কৰিব ।
10 দিনীয়া হ’ব অভিযান

এইটো হ’ব 10 দিনীয়া অভিযান । ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰিব মহাকাশচাৰীসকলে । Orion মহাকাশযানখনে প্ৰথমে পৃথিৱীক প্ৰদক্ষিণ কৰিব, য’ত জীৱন সহায়ক ব্যৱস্থা, অক্সিজেন যোগান আৰু অন্যান্য গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ পৰীক্ষা কৰা হ’ব । তাৰ পিছত চন্দ্ৰৰ মহাকৰ্ষণ বল ব্যৱহাৰ কৰি মহাকাশযানখন চন্দ্ৰৰ ফালে আগুৱাই নিব ।
প্ৰায় চাৰিদিনৰ ভিতৰত Orion মহাকাশযানখনে চন্দ্ৰত উপনীত হ’ব আৰু চন্দ্ৰৰ পিছফালে পাৰ হৈ ফিগাৰ-8 আকৃতিত চন্দ্ৰক প্ৰদক্ষিণ কৰিব । এই যাত্ৰাৰ সময়ত মহাকাশচাৰীসকলে প্ৰায় 2 লাখ 30 হাজাৰ মাইল যাত্ৰা কৰিব । এই যাত্ৰা মুক্তভাৱে উভতি অহা পথত হ’ব, যাৰ ফলত মহাকাশযানখনে অত্যধিক ইঞ্জিন ব্যৱহাৰ নকৰাকৈ নিৰাপদে পৃথিৱীলৈ উভতি যাব পাৰিব ।
🚀 Our moonbound Artemis II rocket is on its launch pad!
— NASA (@NASA) January 18, 2026
The Space Launch System rocket and Orion spacecraft rolled out from @NASAKennedy’s Vehicle Assembly Building, reaching Launch Pad 39B at 6:42pm ET (2342 UTC). Read more: https://t.co/NdRCRBfQGA pic.twitter.com/1oATLb7sTD
অৱশ্যে এই অভিযানৰ সময়ত মহাকাশচাৰীসকলে চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰে । ইয়াৰ উদ্দেশ্য হৈছে 2027 চনত প্ৰথমবাৰৰ বাবে চন্দ্ৰ দক্ষিণ মেৰুত মানুহ অৱতৰণ কৰাৰ পৰিকল্পনা কৰা তৃতীয় আৰ্টেমিছ অভিযানৰ বাবে প্ৰস্তুতি চলোৱা । আৰ্টেমিছ কাৰ্যসূচীৰ জৰিয়তে নাছাই চন্দ্ৰত দীৰ্ঘম্যাদী মানৱ উপস্থিতি প্ৰতিষ্ঠা কৰাৰ লগতে ভৱিষ্যতে মংগল গ্ৰহ অভিযানৰ ভেটি স্থাপন কৰাৰ লক্ষ্য লৈছে ।
লগতে পঢ়ক
এণ্টাৰ্কটিকাৰ বৰফৰ তলত লুকাই আছে এখন পৃথক পৃথিৱী
জলবায়ু পৰিৱৰ্তন: নাছাৰ মতে পৃথিৱীৰ ইতিহাসৰ প্ৰায় সৰ্বাধিক গৰম বছৰ - 2025

