ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিটৰ সৈতে ভাৰতত মুকলি হ’ল Motorola Signature; আৰম্ভণি মূল্য 59,999 টকা
দুটা ৰঙৰ বিকল্পত ভাৰতত আজি মুকলি হ’ল Motorola ৰ ফ্লেগশ্বিপ স্মাৰ্টফোন Motorola Signature ৷ ফ্লিপকাৰ্টৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব এই স্মাৰ্টফোনটো ৷

Published : January 23, 2026 at 1:07 PM IST
হায়দৰাবাদ: ভাৰতত আজি মুকলি হ’ল Motorola Signature ৷ Flipkart ৰ জৰিয়তে দেশত ক্ৰয়ৰ বাবে উপলব্ধ হ’ব এই হেণ্ডছেটটো । ইয়াক পেনটন মাৰ্টিনি অলিভ আৰু পেণ্টন কাৰ্বন ৰঙৰ বিকল্পত উপলব্ধ হ’ব ।
Motorola Signature ত ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিট আছে, যাৰ হেডলাইনত আছে 50 মেগাপিক্সেলৰ চ’নী এল ৱাই টি-828 প্ৰাইমেৰী শ্বুটাৰ । হেণ্ডছেটটোৱে 3.5x অপটিকেল জুম ক্ষমতাও প্ৰদান কৰিব । ইয়াত এলুমিনিয়ামৰ ফ্ৰেম থাকিব । আগন্তুক মটৰ’লা হেণ্ডছেটটো হ’ব 6.99 mm ডাঠ, আনহাতে ইয়াৰ ওজন হ’ব প্ৰায় 186 গ্ৰাম ।
মূল্য আৰু ভেৰিয়েণ্ট

Motorola Signature তিনিটা ৰেম আৰু ষ্ট’ৰেজ কনফিগাৰেচনত উপলব্ধ । 12GB ৰেম + 256GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য 59,999 টকা, 16GB ৰেম + 512GB ষ্ট’ৰেজ মডেলৰ মূল্য 64,999 টকা আৰু 16GB ৰেম + 1TB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য 69,999 টকা । ইয়াক Pantone Martini Olive আৰু Pantone Carbon ৰঙৰ বিকল্পত উপলব্ধ ।
Motorola Signature ৰ প্ৰথম বিক্ৰী 2026 চনৰ 30 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, ফ্লিপকাৰ্টৰ জৰিয়তে । লঞ্চ অফাৰৰ অংশ হিচাপে মটৰ’লাই HDFC বেংক আৰু এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডধাৰীক 5 হাজাৰ টকাৰ তৎক্ষণাত ৰেহাই প্ৰদান কৰে । ইয়াৰ লগতে ক্ৰেতাসকলে 5 হাজাৰ টকা পৰ্যন্ত এক্সচেঞ্জ বোনাছৰ সুবিধাও বাছি ল’ব ।

| ভেৰিয়েণ্ট | মূল্য | ৰেহাই আৰু অফাৰ |
| 12GB + 256GB | 59,999 টকা | 5,000 টকা instant discount to HDFC Bank and Axis Bank credit card holders |
| 16GB + 512GB | 64,999 টকা | 5,000 টকা পৰ্যন্ত এক্সচেঞ্জ বোনাছ |
| 16GB + 1TB GB | 69,999 টকা |
Motorola Signature: স্পেচিফিকেশন
Motorola Signature ৰ দীঘল 162.1 mm, বহল 76.4mm আৰু ডাঠতা 6.99mm । ইয়াৰ ওজন 186 গ্ৰাম । ডিভাইচটোত 165Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট, 6,200 নিটৰ শীৰ্ষ উজ্জ্বলতা, SGS ব্লু লাইট ৰিডাকচন আৰু মোচন ব্লাৰ প্ৰমাণীকৰণ, ডলবি ভিজন, HDR10+ সমৰ্থন আৰু বহুতো বৈশিষ্ট্য আছে ।
ইয়াত 3nm Qualcomm Snapdragon 8 Gen 5 প্ৰচেছৰ আছে, 16GB পৰ্যন্ত LPDDR5X ৰেম আৰু 1TB পৰ্যন্ত UFS 4.1 সংৰক্ষণৰ সৈতে সংযোগ কৰা হৈছে ।

ডিভাইচটোত ট্ৰিপল ৰিয়াৰ কেমেৰা মডিউল আছে, য’ত অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন (OIS)ৰ সৈতে 50MP চ’নী LYTIA 828 প্ৰাইমেৰী চেন্সৰ, 50MP আল্ট্ৰাৱাইড কেমেৰা, আৰু OISৰ সৈতে 50MP পেৰিস্কোপ টেলিফ’টো লেন্স আছে । ইয়াৰ সন্মুখত 50MP Sony LYTIA 500 চেন্সৰ আছে ।
হেণ্ডছেটটোত 90W টাৰ্বোপাৱাৰ তাঁৰযুক্ত, 50W টাৰ্বোপাৱাৰ বেতাঁৰ, 10W ৰিভাৰ্ছ বেতাঁৰ আৰু 5W ৰিভাৰ্ছ তাঁৰযুক্ত চাৰ্জিং সমৰ্থনৰ সৈতে 5,200mAh চিলিকন-কাৰ্বন বেটাৰী পেক কৰা হৈছে । Motorola Signature ত ডলবি এটমছ, হাই-ৰেছ অডিঅ’, হাই-ৰেছ অডিঅ’ বেতাঁৰ, চাউণ্ড বাই ব’ছ আৰু কোৱালকম স্নেপড্ৰেগন চাউণ্ড সমৰ্থনৰ সৈতে ডুৱেল-ষ্টেৰিঅ’ স্পীকাৰ আছে ।
Just one day to go.
— Motorola India (@motorolaindia) January 22, 2026
motorola Signature blends refined design, exclusive Signature Club privileges, and standout performance in an ultra-thin 6.99mm form with a fabric finish and aircraft-grade aluminium.
Launching tomorrow.#StandOutWithSignature #MotorolaSignature pic.twitter.com/P0HNW9t6VI
সংযোগ
সংযোগৰ ক্ষেত্ৰত ডিভাইচটোত wi-fi7, ব্লুটুথ 6, 5G, 4g lte, 3G আৰু 2G সমৰ্থিত । Motorola Signature এণ্ড্ৰইড 16 ৰ ওপৰত ভিত্তি কৰি HelloUI চলায় আৰু ইয়াত সাত বছৰলৈকে অপাৰেটিং ছিষ্টেম উন্নীতকৰণ আৰু নিৰাপত্তা পেচৰ ব্যৱস্থা আছে ।
লগতে পঢ়ক

