ETV Bharat / technology

৩২০০ চাকৰি কৰ্তনৰ সিদ্ধান্ত এক্সবক্সৰ, ১৬০০ কৰ্মচাৰীক তাৎক্ষণিকভাৱে চাটাই

বিগত বৰ্ষত কোম্পানীটোৱে ৯ হাজাৰৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ তাৰে ঠিক এবছৰৰ পাছত মাইক্ৰ’ছফ্টে পুনৰ একাধিক চাকৰি কৰ্তন কৰাৰ দিশে আগবাঢ়িছে ৷

TECH JOB CUTS
২০১৩ চনত লছ এঞ্জেলছত ই৩ গেম শ্ব'ৰ সময়ত মাইক্ৰ'ছফ্টৰ বুথত এক্সবক্সৰ ল'গ'ৰ কাষেৰে পাৰ হৈ যোৱা এজন ব্যক্তি (AP Photo)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 9:20 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এটা বেয়া খবৰ ৷ পুনৰ কৰ্মহীন হোৱাৰ দিশে এজাক লোক ৷ শুনাত বেয়া হ’লেও মাইক্ৰ’ছফ্টে লৈছে এনে এক কঠোৰ সিদ্ধান্ত ৷

বিগত বৰ্ষত কোম্পানীটোৱে ৯ হাজাৰৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ তাৰে ঠিক এবছৰৰ পাছত মাইক্ৰ’ছফ্টে পুনৰ একাধিক চাকৰি কৰ্তন কৰাৰ দিশে আগবাঢ়িছে ৷

ছফটৱেৰ কোম্পানীটোৱে মঙলবাৰে প্ৰায় ৪,৮০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ অৰ্থাৎ ই কোম্পানীটোৰ মুঠ কৰ্মচাৰীৰ প্ৰায় ২.১ শতাংশ ৷ কোম্পানীটোৰ এই আকস্মিক সিদ্ধান্তৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা কৰ্মচাৰীসকলৰ অধিকাংশই মাইক্ৰ’ছফ্টৰ বাণিজ্যিক বিক্ৰী, ব্যৱসায় বা এক্সবক্স বিভাগৰ কৰ্মচাৰী ।

সোমবাৰে কোম্পানীটোৱে কয় যে এক্সবক্সক পুনৰ নতুন ধৰণেৰে সজাই তোলাৰ প্ৰচেষ্টাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ দীৰ্ঘদিনে কামৰ ক্ষেত্ৰত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হৈছে কোম্পানীটো ।

চলিত বৰ্ষৰ আৰম্ভণিতে গেমিং বিভাগৰ দায়িত্ব লোৱা এক্সবক্সৰ মুৰব্বী আশা শৰ্মাই এখন স্মাৰকপত্ৰত এনেদৰে উল্লেখ কৰিছে, ‘‘আমাৰ ব্যৱসায়ৰ অৱস্থা এতিয়া ভাল নহয় । আমি একেধৰণৰ প্লেটফৰ্ম আৰু প্ৰকাশন ব্যৱসায়ৰ তুলনাত ৩-১০ গুণ কম মাৰ্জিনত কাম কৰি আছো ।’’

এক্সবক্স সম্প্ৰসাৰণৰ বাবে বিগত কেইবছৰমানৰ পৰা কৰা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি শৰ্মাই কয়, ‘‘গেম পাছ আৰু মাল্টি প্লেটফৰ্ম পৰ্টফলিঅ’কে ধৰি পদক্ষেপসমূহে মূল্য সৃষ্টি কৰিলেও ইয়াৰ ফলাফল আশা কৰা ধৰণে বৃদ্ধি হোৱা নাছিল । এই প্ৰচেষ্টাসমূহে এক্সবক্সৰ মূল ব্যৱসায়টোও দুৰ্বল কৰি তুলিছিল । গতিকে কোম্পানীটোৱে উন্নত ফলাফলৰ আশাত অধিক দল, বিনিয়োগৰ লগতে সময় দিলেও ইতিহাসৰ সৰ্বাধিক ভয়াৱহ হাৰ্ডৱেৰ সংকটৰ সন্মুখীন হৈছে ৷ যাৰ ফলতে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

তাৎপৰ্যপূৰ্ণভাৱে স্মাৰ্টফোন উদ্যোগৰ দৰেই কনছ’লৰ উপাদানৰ ব্যয় বৃদ্ধিৰ বাবে গেমিং উদ্যোগতো অসুবিধাৰ সন্মুখীন হৈছে । আশা শৰ্মাই উল্লেখ কৰে যে বছৰজোৰা পুনৰ্গঠন প্ৰক্ৰিয়াই আৰু অধিক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে আৰু সকলো প্ৰয়োজনীয় পৰিৱৰ্তন এদিনতে কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহয় ৷ ফলস্বৰূপে কোম্পানীটোৱে বৰ্তমান মাত্ৰ ১,৬০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ বাকী কৰ্মচাৰীসকলৰ সন্দৰ্ভত বছৰৰ শেষলৈকে সিদ্ধান্ত লোৱা হ’ব ।

আশা শৰ্মাই কয়, ‘‘মই জানো এয়া অতিকৈ বেদনাদায়ক ।’’ এই আকস্মিক সিদ্ধান্তৰ প্ৰভাৱ কৰ্মচাৰীসকলৰ ওপৰত স্বীকাৰ কৰি তেওঁ লগতে কয় যে এই সিদ্ধান্তই তেওঁলোকৰ দক্ষতা বা নিষ্ঠাক প্ৰতিফলিত নকৰে ।

এক্সবক্সৰ বাবে আশা শৰ্মাৰ পুনৰ্গঠন পৰিকল্পনা

এক্সবক্সৰ মুৰব্বীগৰাকীয়ে গেমিং বিভাগৰ বাবে তিনিটা পইণ্টৰ পৰিকল্পনাও শ্বেয়াৰ কৰিছিল ৷ য’ত কণ্টেণ্ট পৰ্টফলিঅ’ পুনৰ্গঠন কৰা, প্লেটফৰ্ম পুনৰ্গঠন কৰা, কোম্পানীটোৰ কাম-কাজৰ ধৰণ পুনৰ্গঠন কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে ।

এক্সবক্সে ইয়াৰ সামৰ্থ আৰু লাভজনকতা বৃদ্ধি কৰিবলৈ ইয়াৰ ষ্টুডিঅ’, পৰিচালনা আৰু কাৰ্যকৰী পদ্ধতিত বৃহৎ পৰিৱৰ্তন ৰূপায়ণ কৰিব । কোম্পানীটোৱে ‘কম্পলচন গেমছ’ আৰু ‘ডাবল ফাইন প্ৰডাকচন’ক স্বতন্ত্ৰ ষ্টুডিঅ’লৈ স্পিন অফ কৰিব ৷ আনহাতে, ‘নিঞ্জা থিয়ৰী’ আৰু ‘আণ্ডেড লেবছ’ নতুন স্বত্বাধিকাৰীৰ হাতলৈ যাব ৷ তেওঁলোকে আগন্তুক গেমসমূহ সম্পূৰ্ণ কৰিবলৈ ধন লাভ কৰিব ।

লগতে পঢ়ক: ৰে’ল চলি থাকোতেই হঠাৎ অসুস্থ চালক আৰু তাৰ পিছত...