2026 বৰ্ষত ভাৰতত মুকলি হ’ব পাৰে Maruti Suzuki Fronx; বিশেষত্ব কি ?
জাপান মবিলিটি শ্ব’ত মাৰুতি ছুজুকিয়ে প্ৰকাশ কৰিছে Fronx FFV কনচেপ্ট ৷ এই গাড়ীখন E85 পেট্ৰ’লত চলি আছে ।

Published : October 30, 2025 at 5:06 PM IST
হায়দৰাবাদ: বৰ্তমান চলি থকা জাপান মবিলিটি শ্ব’ 2025 ত মাৰুতি ছুজুকিৰ মূল কোম্পানীয়ে নিজৰ Suzuki Fronx FFV কনচেপ্ট প্ৰদৰ্শন কৰিছে, যিটো E85 পেট্ৰ’ল চলাব পৰা ইঞ্জিনেৰে চালিত । এই ইন্ধনত 85 শতাংশ পৰ্যন্ত ইথানল থাকে । অহা বছৰৰ কোনোবা এটা সময়ত ভাৰতলৈ আহিব পাৰে Maruti Suzuki Fronx ফ্লেক্স ফিউলৰ চূড়ান্ত উৎপাদন ।
Maruti Suzuki Fronx ফ্লেক্স ফিউৱেল ইঞ্জিন
কোম্পানীটোৱে এই মুহূৰ্তত মাৰুতি Fronx এফ এফ ভি কনচেপ্টৰ ইঞ্জিনৰ সঠিক শক্তি উৎপাদনৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই যদিও ইঞ্জিনটো 20 ৰ পৰা 85 শতাংশ ইথানলযুক্ত পেট্ৰ’লত চলিব পৰাকৈ সক্ষম ।

অৰ্থাৎ ভাৰতত উপলব্ধ বৰ্তমানৰ E-20 পেট্ৰ’লতও চলিব আৰু যেতিয়া ই 85 পেট্ৰ’ললৈ আহিব, তেতিয়া Maruti Suzuki Fronx ফ্লেক্স ফিউৱেলেও সেই পেট্ৰ’লত চলিব পাৰিব । ভাৰত চৰকাৰে অহা পাঁচ বছৰত ইথানলৰ মিশ্ৰণ 30 শতাংশ বৃদ্ধিৰ বিকল্পৰ কথা বিবেচনা কৰিছে আৰু আৰু অধিক মিশ্ৰণৰ দিশে আগবাঢ়িছে ।
Maruti Suzuki Fronx ৰ বাহ্যিক আৰু আভ্যন্তৰীণ অংশ
উজ্জ্বল সেউজীয়া ফ্লেক্স ফিউৱেল ষ্টীকাৰৰ বাহিৰেও এই মাৰুতি Fronx ৰ ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰে বিশেষ একো নাই । ইয়াৰ দৈৰ্ঘ 3,995 মিলিমিটাৰ, প্ৰস্থ 1765 মিলিমিটাৰ আৰু উচ্চতা 1550 মিলিমিটাৰ আৰু ক’লা ৰঙৰ এলয় হুইলৰ বাহিৰেও ইয়াক ভাৰতত বিক্ৰীৰ বাবে উপলব্ধ আৰু জাপানলৈ ৰপ্তানি কৰা মডেলৰ সৈতে একে দেখা যায় ।

উল্লেখযোগ্য যে, জাপান-স্পেক মাৰুতি Fronx এ ADAS ছুইট পাইছে । গাড়ীখনত 1.5 লিটাৰ পেট্ৰ’ল ইঞ্জিন আছে, যিয়ে 5 স্পীড মেনুৱেল আৰু 6 স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক গিয়াৰবক্সৰ পছন্দ লাভ কৰে । ছুজুকিৰ AllGrip Select AWD প্ৰযুক্তি হৈছে এটা ঐচ্ছিক অতিৰিক্ত ।
লগতে পঢ়ক

