অশান্ত মধ্যপ্ৰাচ্য: ৰন্ধন গেছৰ নাটনিয়ে Google play store ৰ শীৰ্ষ স্থানত বহুৱালে IndianOil ONE এপক
ChatGPT, OpenAI ৰ দৰে কৃত্ৰিম বুদ্ধিমত্তা চেটবটৰ স্থান দখল কৰিলে IndianOil ONE এপে ৷ এই এপটোৰ গুৰুত্ব বঢ়াৰ আঁৰৰ কাৰণ জানো আহক বিস্তৃত প্ৰতিবেদনযোগে---

Published : March 16, 2026 at 11:09 AM IST
হায়দৰাবাদ: শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিংৰ বাবে ব্যৱহাৰ কৰা IndianOil ONE এপে ভাৰতৰ গুগল প্লে ষ্ট’ৰৰ চাৰ্টত শীৰ্ষস্থান দখল কৰি OpenAI ৰ ChatGPT দৰে এপক অতিক্ৰম কৰিলে । যোৱা বছৰ আৰম্ভ হোৱাৰ পিছত লাখ লাখ বাৰ এই AI চেটবটবোৰ ডাউনলোড কৰা দেখা গৈছিল । কিন্তু ই মাত্ৰ গুগল প্লে ষ্ট’ৰৰ বিনামূলীয়া এপছ চাৰ্টত শীৰ্ষস্থানৰ পৰা স্থানান্তৰিত হ’ল । IndianOil ONE এপটোৱে এতিয়া 1 নম্বৰ ৰেংকিং লাভ কৰিছে ।
উল্লেখ কৰা প্ৰয়োজন যে ChatGPT ক কোনো নতুন AI-চালিত চেটবটে পিছ পেলোৱা নাই । ইণ্ডিয়ানছ অইল কৰ্প’ৰেশ্যনৰ LPG বুকিং এপে ভাৰতৰ প্লে ষ্ট’ৰত শীৰ্ষস্থান দখল কৰে, কাৰণ ব্যৱহাৰকাৰীয়ে নিজৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ বাবে এই এপৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হৈছে ।
আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান Gadgets 360 ৰ সৈতে শ্বেয়াৰ কৰা ট্ৰেণ্ড এনালিটিক্সৰ তথ্যত দেখা গৈছে যে যোৱা সপ্তাহত লাভ কৰা ডাউনলোডৰ বাবে IndianOil ONE এপটোৱে বিশ্বজুৰি কেইবাটাও জনপ্ৰিয় এপক অতিক্ৰম কৰি প্লে ষ্ট’ৰত শীৰ্ষস্থান দখল কৰিছিল । লাখ লাখ লোকে নিজৰ ফোনযোগে এল পি জি চিলিণ্ডাৰ বুক কৰিবলৈ ইয়াক ইনষ্টল কৰাৰ বাবে বিগত 30 দিনত সমগ্ৰ ভাৰতত ই চাৰি মিলিয়নতকৈ অধিক ইনষ্টল লাভ কৰিছিল ।
সৰ্বস্তৰত প্ৰভাৱ
এই LPG যোগান সংকটে কেৱল সাধাৰণ জনতাকেই নহয়, খাদ্যৰ দোকান, খাদ্য ব্যৱসায় পৰিচালনা কৰা লোকসকলকো প্ৰভাৱিত কৰি আহিছে, কিয়নো বহুতেই দৈনন্দিন কাম-কাজৰ বাবে ৰন্ধন গেছৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।
চিলিণ্ডাৰ ডেলিভাৰীত পলম হোৱা আৰু দাম বৃদ্ধিৰ বাবে একাংশ ব্যৱসায়ীয়ে মেনুৰ সামগ্ৰী কৰ্তনৰ সমান্তৰালভাৱে দাম বৃদ্ধি কৰে । ভাৰতৰ HCLTech ৰ দৰে কোম্পানীসমূহেও ঘৰৰ পৰাই অস্থায়ী কামৰ কথা ঘোষণা কৰাৰ বিপৰীতে Infosys এ খাদ্যৰ মেনু কৰ্তন কৰিছে ।
ChatGPT ৰ পৰিৱৰ্তে কিয় প্ৰথম পছন্দ হৈ পৰিল IndianOil ONE ?
ChatGPT বিশ্বৰ অন্যতম জনপ্ৰিয় এপ হৈ থকাৰ বিপৰীতে LPG বুকিঙৰ চাহিদা বৃদ্ধিৰ বাবে IndianOil ONE এ ইয়াক অতিক্ৰম কৰিলে । যদিও AI চেটবটসমূহো বৰ্তমান অধিক প্ৰয়োজনীয়, তথাপিও ই সেইবোৰ ডাউনলোডক পিছ পেলাব নোৱাৰে যিবোৰে মানুহৰ অত্যাৱশ্যকীয় তথা মৌলিক প্ৰয়োজন পূৰণ কৰিব পৰা সামগ্ৰী বুকিং বা ক্ৰয়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয় জৰুৰীকালীন সময়ত ৷
ইয়াত IndianOil ONE এপৰ বিষয়ে আপুনি জানিবলগীয়া কথা
IndianOil ONE কি ?
IndianOil ONE হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে প্ৰস্তুত কৰা এপ, যাৰ জৰিয়তে গ্ৰাহকে স্মাৰ্টফোনত এল পি জি চিলিণ্ডাৰ বুকিং কৰিব পাৰে । এপটোত ব্যৱহাৰকাৰীয়ে একাধিক সেৱা লাভ কৰিব পাৰিব, মিনিটতে এল পি জি চিলিণ্ডাৰ বুকিং কৰাৰ পৰা আৰম্ভ কৰি ওচৰৰ আউটলেটৰ পৰা পেট্ৰ’ল বুকিং কৰালৈকে ।
IndianOil ONE এপে আগবঢ়োৱা কিছুমান সেৱা আগবঢ়োৱা হ’ল:
- এল পি জি চিলিণ্ডাৰ বুকিং
- চিলিণ্ডাৰ বুকিঙৰ অৱস্থা পৰীক্ষা কৰক
- সমীপৱৰ্তী পেট্ৰল পাম্প আৰু ইণ্ডিয়ানঅইল বিতৰক বিচাৰি উলিওৱা
- এল পি জি একাউণ্ট আৰু সংযোগৰ বিৱৰণ চাওক
- ল'য়ালিটি পইণ্ট আৰু পুৰস্কাৰ চাওক
মূলতঃ ইণ্ডিয়ান অইল ৱানে ইয়াৰ গ্ৰাহকসকলৰ বাবে ইণ্ডিয়ান অইলৰ বিতৰকলৈ নোযোৱাকৈ গেছ চিলিণ্ডাৰ বুকিং আৰু তেওঁলোকৰ ইন্ধন সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ পৰিচালনা কৰাৰ এক সমাধান হিচাপে কাম কৰে ।
কিয় সকলোৱে IndianOil ONE ডাউনলোড কৰিবলৈ আৰম্ভ কৰিলে ?
দেশত এল পি জি চিলিণ্ডাৰ বুকিং কৰাৰ অধিক চাহিদাৰ বাবে IndianOil ONE ৰ চাহিদা বৃদ্ধি হয় । যোৱা সপ্তাহত যোগানৰ ব্যাঘাতৰ বাবে এল পি জি ৰিফিল বুকিং কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হোৱাৰ কেইবাটাও বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰিছিল । একাধিক চহৰত ডেলিভাৰীত পলম হোৱাও দেখা গৈছিল ।
ফোন কল বা আইভিআৰএছৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰিব নোৱাৰি ইণ্ডিয়ান অইলৰ গ্ৰাহকে ৰন্ধন গেছ বুক কৰিবলৈ এপটো ডাউনলোড কৰে ।
উদ্যোগ বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে যোৱা সপ্তাহত লাখ লাখ ভাৰতীয় পৰিয়ালে বিতৰকৰ পৰা ৰন্ধন গেছ বুকিং কৰাত সমস্যাৰ সন্মুখীন হোৱাৰ পিছত IndianOil ৰ এপটো ডাউনলোড কৰিবলৈ লৰালৰি কৰিছিল । ৰন্ধন গেছৰ যোগানৰ নাটনিৰ বাবে বুকিঙৰ চাহিদা বৃদ্ধি পালে ।
শীৰ্ষ স্থানত নাই ChatGPT
ChatGPT হৈছে এতিয়ালৈকে নিৰ্মিত অন্যতম জনপ্ৰিয় প্ৰডাক্টিভিটি এপ আৰু ভাৰতত ইয়াৰ চাহিদা বহুত । বহু ভাৰতীয়ই ৰচনা লিখিবলৈ, একাধিক ভাষাত দ্ৰুতভাৱে ক’ড কৰিবলৈ, গৱেষণাৰ তথ্য আৰু বহুতো কৰিবলৈ ChatGPT ব্যৱহাৰ কৰে । কিন্তু যেতিয়া IndianOil ONE ৰ দৰে অত্যাৱশ্যকীয় এপৰ প্ৰয়োজন হয়, তেতিয়া ভাৰতীয়সকলে প্লে ষ্ট’ৰত লৰালৰিকৈ ডাউনলোড আৰু ইনষ্টল কৰাৰ আগতে দুবাৰ চিন্তা নকৰে ।
লগতে পঢ়ক

