ETV Bharat / technology

এশ বছৰজুৰি চলোৱা খননৰ ফলত ভূগৰ্ভত সৃষ্টি হোৱা বৃহৎ গাঁতে বিপদ মাতিব: ক'লে বিশিষ্ট ভূতত্ত্ববিদে

আজিৰ ভূমিকম্পটো কিহৰ ইংগিত আছিল ? বিশিষ্ট ভূতত্ত্ববিদ ডঃ শৈলেন বৰঠাকুৰৰে ই টিভি ভাৰতৰ জ্য়েষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সাক্ষাৎকাৰ ৷

Kopili Fault Crisis: The Tectonic Reality Facing Assam After the Latest Morigaon Jolt
প্ৰতীকাত্মক ছবি (ANI)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 6:43 PM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ: আজি (5 জানুৱাৰী) এক উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম, উত্তৰ-পূবৰ লগতে চুবুৰীয়া কেইবাখনো দেশক । সোমবাৰৰ পুৱা ঠিক 4.17 বজাত মৰিগাঁও জিলাক কেন্দ্ৰ কৰি হোৱা 5.1 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই যদিও উচ্চ প্ৰাবল্যৰ এই কম্পনে অসমৰ ভৌগোলিক সংবেদনশীলতা আৰু ভৱিষ্যৎ সন্দৰ্ভত বহু শংকা কঢ়িয়াই আনিছে ।

এই সন্দৰ্ভত দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কপিলী চ্যুতি (Kopili Fault) সন্দৰ্ভত গৱেষণা চলোৱা বিশিষ্ট ভূতত্ত্ববিদ ডঃ শৈলেন বৰঠাকুৰে শেহতীয়া ভূমিকম্পটো সন্দৰ্ভত ব্যাখ্যা কৰি কয়, "অসমৰ ভূমিকম্প প্ৰৱণতাৰ মূল কাৰণ হৈছে ৰাজ্যখনত বিস্তৃত হৈ থকা বহুতো সৰু-বৰ ফল্ট বা চ্যুতি । ইয়াৰ ভিতৰত কপিলী চ্যুতি এক অতি গুৰুত্বপূৰ্ণ ফল্ট, যি কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা ওদালগুৰি পৰ্যন্ত বিস্তৃত ।

ভূতত্ত্ববিদ ডঃ শৈলেন বৰঠাকুৰ (ETV Bharat Assam)

চ্যুতি মানে কি ?

"চ্যুতি বুলিলে ভূগর্ভৰ ভিতৰত থকা বৃহৎ ফাটসমূহক বুজায় । অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা এই ধৰণৰ বহুতো ফাটেৰে বিভক্ত । উত্তৰ ভাৰতীয় টেক্টনিক প্লেট ক্ৰমান্বয়ে উত্তৰ-পূব দিশত অগ্ৰসৰ হৈ ম্যানমাৰ উচ্চভূমিৰ তললৈ সোমাই যোৱাৰ ফলত এই ফল্টসমূহত নিৰন্তৰ চাপ সৃষ্টি হৈ থাকে । সময় বিশেষে এই চাপ মুক্ত হোৱাৰ সময়ত প্লেটসমূহে ঠেকা মাৰে আৰু তাৰ ফলস্বৰূপে ভূমিকম্প সংঘটিত হয় " - এইদৰে কয় বৰঠাকুৰে ৷

চ্যুতিৰ গতি-প্ৰকৃতি

বিশিষ্ট ভূতত্ত্ববিদ বৰঠাকুৰে এই সন্দৰ্ভত স্পষ্ট কৰি কয়, "এই ধৰণৰ টেক্টনিক গতি আগতীয়াকৈ কেতিয়া আৰু ক’ত সংঘটিত হ’ব, সেয়া নিশ্চিতভাৱে কোৱা অসম্ভৱ । পৃথিৱীৰ ভিতৰত চলি থকা আগ্নেয় আৰু ভূতাত্ত্বিক গতিবিধিয়েই এই ঘটনাসমূহ নিৰ্ধাৰণ কৰে । মৰিগাঁৱৰ ভূমিকম্পটো কপিলী চ্যুতিৰ নিকটৱৰ্তী অঞ্চলত সংঘটিত হোৱাৰ বাবে এই ফল্টত হোৱা এক প্ৰবল ঠেকাৰ ফলতেই ভূমিকম্পটো সংঘটিত হোৱা বুলি অনুমান কৰিব পাৰি ।"

ৰাজ্যত সঘনাই হৈ থকা ভূমিকম্প কিহৰ ইংগিত ?

ডঃ বৰঠাকুৰে লগতে উল্লেখ কৰে যে অসমত প্ৰতি মাহতেই চাৰি-পাঁচটাকৈ সৰু বৰ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়, যাৰ অধিকাংশই ৰিখটাৰ স্কেলত 1 ৰ পৰা 3 ৰ তলত থাকে আৰু সাধাৰণ মানুহে তাৰে উমানেই নাপায় । এই অবিৰত ক্ষুদ্ৰ ভূমিকম্পসমূহে এই কথা স্পষ্ট কৰে যে অসম এক অতি টেক্টনিকভাৱে সক্ৰিয় অঞ্চল আৰু ইয়াৰ গতিশীলতা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে । এই পৰিস্থিতিত ভৱিষ্যতে অধিক প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ।

খাৰুৱা তেলৰ অবিৰত খনন-উৎপাদনো হৈছে ভূমিকম্পৰ কাৰণ

তেওঁ আন এক গুৰুত্বপূৰ্ণ বিষয়লৈ দৃষ্টি আকৰ্ষণ কৰি কয়, অসমৰ তৈলক্ষেত্ৰসমূহত প্ৰায় 120 বছৰৰো অধিক সময় ধৰি চলি থকা খাৰুৱা তেলৰ খননৰ ফলত মাটিৰ তলত বৃহৎ গাঁতৰ সৃষ্টি হৈছে । আমাৰ এইক্ষেত্ৰত এটা আটাইতকৈ চিন্তাৰ বিষয় হৈছে যে আমাৰ যিবিলাক পশ্চিমীয়া দেশ আছে বা উন্নত দেশ আছে সেই উন্নত দেশবিলাকত যেতিয়া ভূমিগত তেল অৰ্থাৎ পেট্ৰ’লিয়াম ক্ৰুড অইল মাটিৰ তলৰ পৰা উলিয়াই লৈ অনা হয় তাত স্বাভাৱিকতেই গাঁতৰ সৃষ্টি হয় এই গাঁতবিলাক পূৰণ কৰাৰ আগতে ব্যৱস্থা তেওঁলোকে ৰাখিছে তাত তেওঁলোকে জুলীয় বাষ্প সৃষ্টি কৰি সেই বাষ্পৰে গাঁতটো পূৰণ কৰি ৰাখিছে যাতে শূণ্যতাৰ সৃষ্টি হৈ কোনো কোনো ক্ষতি নহয় ৷ কিন্তু আমাৰ ইয়াত সেইটো ব্যৱস্থা কৰা হোৱা নাই ৷ আমি আজি 100 বছৰৰ পৰা সেই খনন চলাই আহিছো ।"

এই সন্দৰ্ভত অধিক বহলাই কৈ তেওঁ কয়, "ডিগবৈ খনন আৰম্ভ হৈছিল 1905 চনত ৷ আজি 120 বছৰ ধৰি আমি তেল উলিয়াই আছো ৷ খাৰুৱা তেল উলিওৱাৰ পাছত কিন্তু তাৰ জৰিয়তে যিটো গাঁতৰ সৃষ্টি হৈছে, সেই গাঁতটো পূৰণ কৰাৰ কথা কিন্তু আমি কোনোকালে ভবাই নাই ৷ ভৱিষ্যতে যদি কোনো প্ৰৱল ভূমিকম্প হয়,তেনেহ'লে এই গাঁতবোৰ ভয়ংকৰ ক্ষয়ক্ষতিৰ কাৰণ হ'ব ৷ এই গাঁতবোৰৰ বাবে এটা সাংঘাতিক ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব ।"

উন্নত দেশসমূহৰ তুলনাত কিন্তু অসমত এইধৰণৰ ব্যৱস্থা নথকাৰ বাবে ভৱিষ্যতে প্ৰবল ভূমিকম্প সংঘটিত হ’লে এই গাঁতসমূহ নামি তললৈ বহি যোৱাৰ আশংকা আছে । এনে পৰিস্থিতিত জনবসতিপূৰ্ণ অঞ্চলসমূহ ডুব গৈ হ্ৰদ বা জলাশয়লৈ পৰিৱৰ্তিত হোৱাৰো ভয় থাকিব পাৰে বুলি তেওঁ সকীয়াই দিয়ে ।

বৃহৎ পাৰ্বত্য শ্ৰেণীসমূহৰ সৈতে থকা অসমৰ ভূতাত্ত্বিক সংযোগো হ'ব পাৰে অসমৰ বিপদৰ কাৰণ

ডঃ বৰঠাকুৰে লগতে বিশ্বৰ বৃহৎ পাৰ্বত্য শ্ৰেণীসমূহৰ সৈতে অসমৰ ভূতাত্ত্বিক সংযোগৰ কথাও উল্লেখ কৰে । হিমালয় পৰ্বত শ্ৰেণী কেৱল ভাৰততেই সীমাবদ্ধ নহয়, বৰঞ্চ ই ম্যানমাৰ, মালয়েছিয়া, পূব ভাৰতীয় দ্বীপপুঞ্জ, জাপান, কামচাটকা উপদ্বীপ হৈ আলাস্কা, ৰকী পৰ্বত, এণ্ডিছ পৰ্বতলৈকে বিস্তৃত এক বৃহৎ আগ্নেয় আৰু টেক্টনিকভাৱে সক্ৰিয় অঞ্চলৰ অংশ । এই সম্পূৰ্ণ বেল্টটোত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ ঘটনা সঘনাই সংঘটিত হয়, যাৰ প্ৰভাৱ অসমৰ ওপৰতো পৰে ।

ভূমিকম্প প্ৰৱণ এলেকাত আঠ-দহ মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়াৰ সিদ্ধান্ত হ'ব পাৰে মাৰাত্মক !

অসম চিচম’জ'ন-5 ত অৱস্থিত হোৱাৰ কথা উল্লেখ কৰি ডঃ বৰঠাকুৰে চৰকাৰ আৰু টাউন প্লেনিং কৰ্তৃপক্ষৰ প্ৰতিও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয়, "এইধৰণৰ উচ্চ ভূমিকম্প প্ৰৱণ অঞ্চলত তিনি তলাৰ ওপৰত অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়া এক ভয়ংকৰ সিদ্ধান্ত হ’ব পাৰে । ভূমিকম্প বিশেষজ্ঞৰ সৈতে পৰামৰ্শ নকৰাকৈ বহু ঠাইত 7, 8 আনকি 10 মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়া হৈছে, যি ভৱিষ্যতে প্ৰবল ভূমিকম্প সংঘটিত হ’লে ভয়াবহ পৰিণতি কঢ়িয়াই আনিব পাৰে বুলি ভূতত্ত্ববিধগৰাকীয়ে আশংকা ব্যক্ত কৰে ।

মৰিগাঁৱৰ ভূমিকম্প সতৰ্কবাণী

ডঃ বৰঠাকুৰে কয় যে, মৰিগাঁৱৰ এই ভূমিকম্পটো আতংকৰ কাৰণ নহয় যদিও ই এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী । খাৰুৱা তেল খননৰ ফলত সৃষ্টি হোৱা গাঁতৰ ব্যৱস্থাপনা আৰু উচ্চ অট্টালিকা নিৰ্মাণ নীতিত তাৎক্ষণিকভাৱে পুনৰ্বিবেচনা কৰা অত্যন্ত জৰুৰী । বৈজ্ঞানিক পৰিকল্পনা, বিশেষজ্ঞৰ পৰামৰ্শ আৰু সচেতন জনসাধাৰণৰ সহায়তহে অসমে এই টেক্টনিক সংকটৰ সৈতে সুৰক্ষিতভাৱে মোকাবিলা কৰিব পাৰিব ।

লগতে পঢ়ক