শ্ৰীহৰিকোটাত তৃতীয়টো লঞ্চ পেড নিৰ্মাণৰ প্ৰস্তুতি ইছৰোৰ; সহায়ক হ’ব গধুৰ উপগ্ৰহ উৎক্ষেপণত
গধুৰ উপগ্ৰহক সহায় কৰিবলৈ ইছৰোৱে চাৰি বছৰৰ ভিতৰত শ্ৰীহৰিকোটাত তৃতীয়টো লঞ্চ পেডৰ পৰিকল্পনা কৰিছে ৷ এই সন্দৰ্ভত জানক বিতংকৈ ---

Published : December 30, 2025 at 1:44 PM IST
হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত আন এটা লঞ্চপেড নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । ভৱিষ্যতে গধুৰ উৎক্ষেপণৰ বাবে সংস্থাটোৱে এই নতুন লঞ্চপেডটো নিৰ্মাণ কৰিছে । সমগ্ৰ মহাকাশ বন্দৰটো নিৰ্মাণ কৰি উৎক্ষেপণৰ বাবে সাজু কৰিবলৈ চাৰি বছৰ সময় লাগিব বুলি ইছৰোৱে জনায় । এই নতুন মহাকাশ বন্দৰৰ পৰা 12 হাজাৰ কিলোগ্ৰামৰ পৰা 14 হাজাৰ কিলোগ্ৰাম ওজনৰ মহাকাশযান উৎক্ষেপণ কৰা সম্ভৱ হ’ব । তেনে ক্ষেত্ৰত সেই মহাকাশযানবোৰ বিভিন্ন কক্ষপথত সলনি কৰিব পাৰি ।
সংবাদ সংস্থা PTI ৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো বৰ্তমান প্ৰকুৰমেণ্ট পৰ্যায়ত আছে আৰু এই কামৰ বাবে উপযুক্ত বিক্ৰেতাৰ সন্ধান চলি আছে । আনহাতে, সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ বিজ্ঞানী তথা পৰিচালক পদ্মকুমাৰ ই. এসে জনাই যে নতুন লঞ্চ পেড নিৰ্মাণৰ বাবে আন্তঃগাঁথনি আৰু কাৰিকৰী সহায়ৰ প্ৰয়োজন ।
শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰ 175 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত । চেন্নাইৰ পৰা 135 কিলোমিটাৰ পূবে অৱস্থিত। ইয়াক ভাৰতৰ মহাকাশ গৱেষণাৰ মেৰুদণ্ড বুলিও কোৱা হয় । এই মহাকাশ বন্দৰৰ পৰা ভাৰতে শ শ উপগ্ৰহ উৎক্ষেপণ কৰিছে । যিবোৰৰ ভিতৰত যোগাযোগ, নেভিগেচন, ৰিম’ট চেন্সিং উপগ্ৰহ আদি অন্তৰ্ভুক্ত ।
যদি এই লঞ্চপেড নিৰ্মাণ কৰা হয় তেন্তে ই হ’ব ইছৰোৰ তৃতীয়টো লঞ্চ পেড । এই পেডটো ইছৰোৰ পৰৱৰ্তী প্ৰজন্মৰ ৰকেট উৎক্ষেপণৰ বাবে ব্যৱহাৰ কৰা হ’ব । বৰ্তমান স্থাপন কৰা লঞ্চ পেড দুটাৰ পৰা PSLV, GSLV, LVM3 আৰু গধুৰ পেলোড ৰকেট উৎক্ষেপণ কৰা হয় ।
চলিত বৰ্ষৰ আৰম্ভণিতেই লাভ কৰিছিল চৰকাৰী অনুমোদন
The Union Cabinet, chaired by PM Shri Narendra Modi, has approved the establishment of a Third Launch Pad (TLP) at ISRO's Satish Dhawan Space Centre, Sriharikota.
— ISRO (@isro) January 16, 2025
This will support Next Generation Launch Vehicles, future human spaceflight missions and augmenting the LVM-3…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে 16 জানুৱাৰীৰ দিনা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত থকা ইছৰোৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত তৃতীয়টো লঞ্চ পেড (টি এল পি)ত অনুমোদন জনায় । তৃতীয় লঞ্চ পেড প্ৰকল্পত ইছৰোৰ পৰৱৰ্তী প্ৰজন্মৰ ৰকেট উৎক্ষেপণৰ বাবে শ্ৰীহৰিকোটা লঞ্চ আন্তঃগাঁথনি স্থাপন কৰা আৰু দ্বিতীয় লঞ্চ পেডৰ বাবে ষ্টেণ্ডবাই লঞ্চ পেড হিচাপে সমৰ্থন প্ৰদান কৰাটো জড়িত হৈ আছে । এই প্ৰকল্পই ভৱিষ্যতে ভাৰতীয় মানৱ মহাকাশ যাত্ৰা অভিযানৰ বাবে উৎক্ষেপণ ক্ষমতা বৃদ্ধি কৰিব ।
ইছৰোৰ শেহতীয়া উৎক্ষেপণ
ইছৰোৰ অন্তিমটো উৎক্ষেপণ চলিত মাহৰ 24 তাৰিখে হৈছিল । সেইদিনা পুৱা 8:55 বজাত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশলৈ ৰাওনা হয় ৰকেট । ই প্ৰথমে আমেৰিকাৰ এটা যোগাযোগ উপগ্ৰহ কঢ়িয়াই লৈ ফুৰিছিল । সেই যোগাযোগ উপগ্ৰহটোৰ নাম হৈছে ব্লুবাৰ্ড ব্লক 2 । পৃথিৱীৰ পৃষ্ঠৰ পৰা ওলাই অহাৰ মাত্ৰ 15 মিনিট 40 ছেকেণ্ডৰ পিছতেই এই উপগ্ৰহটো ৰকেটৰ পৰা পৃথক হৈছিল । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ উদ্যোগত হৈছিল এই উৎক্ষেপণ ।
লগতে পঢ়ক

