ETV Bharat / technology

ISRO ৰ আঠ মাহীয়া অপেক্ষাৰ অন্ত ! ৪ ছেপ্টেম্বৰত মহাকাশলৈ পুনৰ উৰিব ভাৰতীয় ৰকেট

৪ ছেপ্টেম্বৰৰ পুৱা ইছৰোৰ GSLV ৰকেটে EOS 5টা উপগ্ৰহ কঢ়িয়াই নিব, যিয়ে দেশৰ ওপৰত অহৰহ নজৰ ৰাখিব আৰু যিকোনো দুৰ্যোগৰ বিষয়ে তাৎক্ষণিক তথ্য দিব ।

ISRO GSLV-F17 eos5 launch September 4, 2026
৪ ছেপ্টেম্বৰত পুনৰ উৰিব ভাৰতীয় ৰকেট (IRSO)
author img

By ETV Bharat Assamese Team

Published : August 30, 2026 at 5:23 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বিগত আঠটা মাহে ইছৰোয়ে এটাও সফল ৰকেট নিক্ষেপ কৰিব পৰা নাই ৷ অৱশ্যে এইবাৰ ভাৰতীয় মহাকাশ সংস্থাটোৱে বৃহৎ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । একেৰাহে দুটাকৈ PSLV ৰকেট বিকল হোৱাৰ পাছত এতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) পৰৱৰ্তী উৰণৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে ।

ইছৰোৰ অধ্যক্ষ ড৹ ভি নাৰায়ণনে NDTV-ক জনাইছে যে ৪ ছেপ্টেম্বৰৰ পুৱা, যেতিয়া দেশবাসী শুই থাকিব, তেতিয়া GSLV F17 ৰকেটে আকাশলৈ উৰা মাৰিব ৷ এই অভিযানত EOS 5 উপগ্ৰহ কঢ়িয়াই নিয়া হ’ব ৷ ইয়াৰ পূৰ্বে ইয়াক GISAT 1A নামেৰে জনাজাত আছিল ।

এই উপগ্ৰহটোৱে পৃথিৱীৰ পৰা প্ৰায় ৩৬,০০০ কিলোমিটাৰ ওপৰৰ পৰা সমগ্ৰ দেশখনক অবিৰতভাৱে নিৰীক্ষণ কৰিব । এই উপগ্ৰহটোৱেও এনেদৰে কাম কৰিব যেনেকৈ এজন ব্যক্তিয়ে উচ্চ উচ্চতাৰ পৰা এখন সম্পূৰ্ণ গাঁওখন নিৰিক্ষণ কৰি থাকিব পাৰে ।

  • পুৰণি বিফলতা, নতুনৰ সুযোগ

২০২১ চনৰ ১২ আগষ্টত একেধৰণৰ এটা উপগ্ৰহ উৎক্ষেপণৰ প্ৰচেষ্টা কৰা হৈছিল । সেই সময়ত মূল GSLV F10 ৰকেটত EOS 03 অৰ্থাৎ মূল GI ছেট বহোৱা হৈছিল ৷ কিন্তু ওপৰৰ শীতল ইঞ্জিন অৰ্থাৎক্ৰাইজেনিক ষ্টেজত বিজুতি ঘটিছিল । ইঞ্জিনটো সঠিকভাৱে চলিব নোৱাৰিলে আৰু উপগ্ৰহটো হেৰাই গ’ল । সেইদিনা ভাৰতে সেই বিশেষ ক্ষমতা লাভ নকৰিলে, যাৰ বাবে বছৰ বছৰ ধৰি বিজ্ঞানীসকলে প্ৰস্তুতি চলাই আহিছিল ৷

এতিয়া EOS 5 হৈছে সেই মিছনৰে উত্তৰাধিকাৰী । ই দিনটো ভাৰতীয় মাটিৰ ফটো বাৰে বাৰে ধৰি ৰাখিব । ই দ্ৰুতগতিত পৰিৱৰ্তিত পৰিঘটনা যেনে ধুমুহা, বানপানী, ডাৱৰ বিস্ফোৰণ আৰু বনজুইৰ বিষয়ে তৎক্ষণাত তথ্য প্ৰেৰণ কৰিব । দুৰ্যোগ ব্যৱস্থাপনা, বতৰ বিজ্ঞানী, কৃষি পৰিকল্পনাকাৰী আৰু নিৰাপত্তা সংস্থাই এই তথ্যসমূহ দ্ৰুতভাৱে ব্যৱহাৰ কৰিব পাৰিব । বতৰৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি এই ক্ষমতা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

PSLV এতিয়াও পৰীক্ষা আৰু পৰীক্ষা পাছৰ কিছু টেষ্টৰ বাব মাটিতে আছে ৷ কিন্তু GSLV MK 2 ৰকেটত PSLV দৰে ইঞ্জিন বা মূল উপাদান লগোৱা নাই ৷ গতিকে এই অভিযানটো আগুৱাই নিব পৰা যাব ।

  • ভৱিষ্যতলৈ ডাঙৰ পৰিকল্পনা

একেখন GSLV Mk 2-এ শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ ব্যয়বহুল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ বুলি গণ্য কৰা নাছা-ইছৰোৰ NISAR উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিছে । NISAR -ৰ অভিযানৰ সফলতাই ক্ৰাইজেনিক প্ৰযুক্তিৰ ওপৰত আস্থা আৰু অধিক শক্তিশালী কৰি তুলিছিল । এতিয়া এই ৰকেটৰ শক্তিক পুনৰবাৰ প্ৰমাণ কৰিব EOS 5 মিছনে ।

ড৹ নাৰায়ণনে উল্লেখ কৰে যে ইছৰোৱে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত সাতটা ৰকেট নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাই আছে । ইয়াৰ ভিতৰত গগণযানৰ প্ৰথমটো মানৱবিহীন G1 অভিযানো অন্তৰ্ভুক্ত হৈ আছে ।

চলিত বিত্তীয় বৰ্ষত ইছৰোয়ে ১২ টা উপগ্ৰহ নিৰ্মাণ আৰু ৮ টা ৰকেট নিক্ষেপ কৰাৰ লক্ষ্য লৈছে । এই অভিযানসমূহ যোগাযোগ, নেভিগেচন, পৃথিৱী পৰ্যবেক্ষণ আৰু বৈজ্ঞানিক গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হ’ব । ভৱিষ্যতে মানৱ মহাকাশ উৰণ আৰু অন্বেষণৰ পথো মুকলি কৰিব বুলি ড৹ নাৰায়ণনে কয় ।

লগতে পঢ়ক : দেশৰ ভৱিষ্যতৰ মহাকাশ অভিযান-প্ৰযুক্তিৰ যাত্ৰাত নিৰ্ণায়ক ভূমিকা ল’ব উত্তৰ-পূবে

লগতে পঢ়ক : ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজাকৈ স্থাপন কৰিব মহাকাশ কেন্দ্ৰ