মহাকাশত নিৰীক্ষণ বৃদ্ধি ইছৰোৰ, লাডাখত স্থাপন শক্তিশালী আলোকীয় দূৰবীক্ষণ
মহাকাশত উপগ্ৰহ আৰু ধ্বংসাৱশেষৰ মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ ইছৰোই নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিছে ।

Published : April 18, 2026 at 2:41 PM IST
শ্ৰীনগৰ : বিগত কেইবাদশকত বিভিন্ন দেশে মহাকাশ ক্ষেত্ৰত নিজৰ অৱস্থিতি নিশ্চিত কৰিছে । কেৱল উপগ্ৰহ উৎক্ষেপণ কৰাই নহয় মহাকাশত বিভিন্ন গৱেষণাত জড়িত হৈছে দেশসমূহ । মহাকাশত বিশেষকৈ পৃথিৱীৰ কক্ষপথৰ ওচৰত উপগ্ৰহ আৰু ধ্বংসাৱশেষ বৃদ্ধি পাইছে । যাক সাধাৰণ ভাষাত মহাকাশৰ আবৰ্জনা বুলিও কোৱা হয় । যিবোৰে বিভিন্ন সময়ত উপগ্ৰহত খুন্দা মাৰে বা সংঘৰ্ষ হয় আৰু ক্ষতি কৰে । এনে পৰিস্থিতিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উপগ্ৰহ আৰু মহাকাশৰ ধ্বংসাৱশেষ নিৰীক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে । এই পদক্ষেপৰ এক বৃহৎ অংশ হিচাপে অতি উচ্চতাৰ শীতল মৰুভূমি লাডাখৰ হানলেত আলোকীয় দূৰবীক্ষণ (অপটিকেল টেলিস্কোপ) স্থাপন কৰা হৈছে । ইয়াৰ দ্বাৰা ভাৰতে কক্ষপথত থকা বস্তু নিৰীক্ষণৰ ক্ষমতা শক্তিশালী কৰাৰ লগতে সংঘৰ্ষৰ আশংকা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ।
২০২৫ চনৰ ভাৰতীয় মহাকাশ পৰিস্থিতি সজাগতা প্ৰতিবেদনত ইছৰোই কয় যে হানলেত দূৰবীক্ষণ স্থাপনৰ কাম চলি আছে । মহাকাশৰ বিভিন্ন বস্তু নিৰীক্ষণৰ বাবে থলুৱা পৰ্যায়ৰ এৰে ৰাডাৰৰ ডিজাইন আৰু পৰ্যালোচনাও সম্পূৰ্ণ কৰিছে সংস্থাটোৱে । উত্তৰ-পূৰ্বাঞ্চলত এই ৰাডাৰ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে । একে সময়তে নাইনিতালত থকা বেকাৰ নান শ্বমিট টেলিস্কোপৰো আৰ্যভট্ট ৰিছাৰ্চ ইনষ্টিটিউট অৱ অবজাৰ্ভেচনেল ছায়েন্সৰ সহযোগত নৱীকৰণ কৰি ট্ৰেকিং ক্ষমতা বৃদ্ধি কৰা হৈছে ।

বৰ্তমান ইছৰোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা মাল্টি অবজেক্ট ট্ৰেকিং ৰাডাৰ ব্যৱহাৰ কৰি উপগ্ৰহ, ৰকেটৰ অৱশিষ্ট আৰু ধ্বংসাৱশেষ নিৰীক্ষণ কৰে । এই ব্যৱস্থাই ১০০০ কিলোমিটাৰ দূৰত্বত একাধিক বস্তু নিৰীক্ষণ কৰিব পাৰে । ৰেডিঅ' তৰংগ ব্যৱহাৰ কৰি ৰাডাৰে ২৪ ঘণ্টাই কাম কৰি থাকে । অপটিকেল টেলিস্কোপে কেৱল ৰাতিহে কাম কৰে যদিও উপগ্ৰহৰ পৰা প্ৰতিফলিত হোৱা সূৰ্য্যৰ ৰশ্মি ধৰা পেলাই নিখুঁত পৰ্যবেক্ষণ প্ৰদান কৰে । বিষয়াসকলে কয় যে নিৰ্ভৰযোগ্য ট্ৰেকিং নেটৱৰ্ক গঢ়ি তুলিবলৈ দুয়োটা ব্যৱস্থাৰ প্ৰয়োজন ।
লাডাখৰ ভৌগোলিক অৱস্থানৰ বাবে আলোকীয় দূৰবীক্ষণ স্থাপন কৰা হৈছে । এই অঞ্চল অতি উচ্চতাত আছে । ইয়াৰ বায়ুমণ্ডল পৰিষ্কাৰ আৰু পোহৰৰ প্ৰদূষণো অতি কম । যাৰ ফলত মহাকাশত সূক্ষ্ম বস্তুবোৰো ভালদৰে দেখা যায় । নিৰীক্ষণ কেন্দ্ৰ (ট্ৰেকিং ষ্টেচন)ৰ বাবে বহল নেটৱৰ্কৰ প্ৰয়োজন কাৰণ এটা কেন্দ্ৰই বস্তু এটাক ওপৰেৰে পাৰ হ'লে কম সময়ৰ বাবেহে পৰ্যবেক্ষণ কৰিব পাৰে ।
উপগ্ৰহ উৎক্ষেপণ আৰু ধ্বংসাৱশেষৰ বৃদ্ধিৰ বাবে কক্ষপথত ক্ৰমাৎ বিপদ ঘণ্টা বাজিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । বিশ্বৰ তথ্য অনুসৰি যোৱা কিছু বছৰত প্ৰায় ১ লাখ ৫০ হাজাৰ ক্ল'জ এপ্ৰ'চ এলাৰ্ট জাৰি কৰা হৈছে । এই সতৰ্কবাণীসমূহে অপাৰেটৰসকলক সতৰ্ক কৰি দিয়ে যেতিয়া দুটা বস্তু বিপদজনকভাৱে ওচৰ চাপি আহে । ইছৰোই ১৮ টা সংঘৰ্ষৰ পৰা ৰক্ষা পৰিবলৈ কৌশল অৱলম্বন কৰিছে, য'ত ১৪ টা পৃথিৱীৰ নিম্ন কক্ষপথত আৰু ৪ টা জিঅ'চিংক্ৰ'নাছ কক্ষপথত । ইয়াৰ পথ সালসলনি কৰিবলগীয়া হোৱা উপগ্ৰহসমূহৰ ভিতৰত এটা আছিল নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ অভিযান ।
পৃথিৱীৰ নিম্ন কক্ষপথত থকা বস্তুবোৰে প্ৰতি ঘণ্টাত প্ৰায় ২৮,০০০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰে । আনকি সৰু সৰু অংশবোৰেও কাৰ্যক্ষম উপগ্ৰহৰ সৈতে সংঘৰ্ষ কৰিলে গুৰুতৰ ক্ষতি কৰিব পাৰে । ইছৰোই কয় যে মহাকাশৰ পৰিস্থিতিৰ সজাগতা বৃদ্ধি কৰাটো নিৰাপদ আৰু বহনক্ষম মহাকাশ কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক :
ৰব'টিক ছাৰ্জাৰীৰ ক্ষেত্ৰত অসমৰ গৌৰৱোজ্জ্বল অধ্যায়: গুৱাহাটীত ARIS 2026 অধিৱেশন

