ETV Bharat / technology

ইছৰোৰ গগনযান ক্ৰু মডিউলৰ তিনিটা মুখ্য সুৰক্ষা পৰীক্ষণ সফলতাৰে সম্পন্ন

ইছৰোৱে ভাৰতৰ ক্ৰু মিছনৰ পূৰ্বে গগনযান ক্ৰু মডিউলৰ গুৰুত্বপূৰ্ণ আপ-ৰাইটিং, আম্বিলিকেল ছেপাৰেচন আৰু এপেক্স ক'ভাৰ ষ্ট্ৰাকচাৰেল ইণ্টিগ্ৰিটি এই তিনিটা পৰীক্ষা সম্পূৰ্ণ কৰে ।

CREW MODULE QUALIFICATION TESTS
ইছৰোৰ গগনযান ক্ৰু মডিউলৰ তিনিটা মুখ্য সুৰক্ষা পৰীক্ষণ সফলতাৰে সম্পন্ন (Image Credit: ISRO)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 5:34 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে গগনযান অভিযানৰ ক্ৰু মডিউল ব্যৱস্থাৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ যোগ্যতা পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰে । এই সফল পৰীক্ষণে ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ।

এই পৰীক্ষাসমূহৰ ভিতৰত আছে ক্ৰু মডিউল আপ-ৰাইটিং ছিষ্টেম (Crew Module Up-righting System, CMUS), ক্ৰু মডিউল ছাৰ্ভিচ মডিউল কানেক্ট ডিচকানেক্ট ছিষ্টেম (Crew Module Service Module Connect Disconnect System, CSCDS) আৰু ক্ৰু মডিউল গঠনৰ এপেক্স ক'ভাৰ ছেপাৰেচন লোড (Apex Cover separation loads) ।

CREW MODULE QUALIFICATION TESTS
ইছৰোৰ গগনযান ক্ৰু মডিউলৰ তিনিটা মুখ্য সুৰক্ষা পৰীক্ষণ সফলতাৰে সম্পন্ন (Image Credit: ISRO)

ক্ৰু মডিউল আপ-ৰাইটিং ছিষ্টেম (CMUS)

ক্ৰু মডিউল আপ-ৰাইটিং ছিষ্টেম (CMUS) হৈছে ক্ৰুৰ সুৰক্ষাৰ এক জটিল পৰীক্ষা । ই ক্ৰু মডিউল সাগৰত অৱতৰণ কৰাৰ পিছতো উলম্ব হৈ থকাটো নিশ্চিত কৰে । ইয়াৰ বাবে ইছৰোৱে এটা সংৰক্ষিত শীতল গেছ ভিত্তিক আপ-ৰাইটিং ছিষ্টেম প্ৰস্তুত কৰিছিল ।

প্ৰাইমাৰী ইনফ্লেচন মডিউল (primary inflation module) পৰীক্ষা কৰিবলৈ চিএমইউএছৰ সকলো উপাদানকে সামৰি এটা সম্পূৰ্ণ যোগ্যতা পৰীক্ষাৰ ছেট-আপ নিৰ্মাণ কৰা হৈছিল । ভাসমান ব্যৱস্থাক (floatation system) ফুলাবৰ বাবে উচ্চ চাপৰ বটলত ভৰোৱা গেছক নিয়ন্ত্ৰিত ভাল্ভৰ জৰিয়তে এৰি দিয়া হৈছিল । এই পৰীক্ষাসমূহে নিশ্চিত কৰে যে মডিউলসমূহে গেছৰ বটলক পৃথক পৃথক চাপত ফুলাবলৈ প্ৰয়োজনীয় সময়ৰ সৈতে সকলো কাৰ্যকৰিতা আৰু প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা পূৰণ কৰে ।

CREW MODULE QUALIFICATION TESTS
ইছৰোৰ গগনযান ক্ৰু মডিউলৰ তিনিটা মুখ্য সুৰক্ষা পৰীক্ষণ সফলতাৰে সম্পন্ন (Image Credit: ISRO)

ক্ৰু মডিউল ছাৰ্ভিচ মডিউল কানেক্ট ডিছকানেক্ট ছিষ্টেমৰ (CSCDS) আম্বিলিকেল ছেপাৰেচন পৰীক্ষা

ক্ৰু মডিউল ছাৰ্ভিচ মডিউল কানেক্ট ডিছকানেক্ট ছিষ্টেমে (CSCDS) ক্ৰু মডিউল আৰু ছাৰ্ভিচ মডিউলৰ মাজত বৈদ্যুতিক আৰু হাইড্ৰ'-নিউমেটিক আম্বিলিকেল সংযোগ হিচাপে কাম কৰে । ই পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সহায়ক ব্যৱস্থাৰ (ECLSS) বাবে বৈদ্যুতিক সংকেত আৰু তৰল পদাৰ্থ কঢ়িয়াই লৈ ফুৰে ।

এই ব্যৱস্থাটোত ক্ৰমে ছাৰ্ভিচ মডিউল আৰু ক্ৰু মডিউলৰ ফালে অৱস্থিত চিএছইউ-১ আৰু চিএছইউ-২ নামৰ দুটা আম্বিলিকেল ইউনিট থাকে । ছাৰ্ভিচ মডিউল বিচ্ছিন্ন হ’লে চিএছইউ-১ পৃথক হোৱাৰ বিপৰীতে চিএছইউ-২ পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ ঠিক আগতেই ক্ৰু মডিউলৰ পৰা পৃথক হয় ।

অভিযন্তাসকলে এক নকল ক্ৰু মডিউলৰ পৰা চিএছইউ-২ৰ পৃথকীকৰণ পৰীক্ষা কৰে । ইয়াত নিশ্চিত হয় যে ই কোনো সমস্যা নোহোৱাকৈ পৃথক হৈছে । লগতে পেনেল আৰু ইয়াৰ আন্তঃপৃষ্ঠসমূহৰ গাঁথনিগত সবলতাও বৰ্তী থাকে । এই পৰীক্ষাটোৱে সংহত ব্যৱস্থাটোৰ কাৰ্যক্ষমতাকো প্ৰমাণ কৰে আৰু ই প্ৰয়োজনীয় ডিজাইন মানক পূৰণ কৰাটো নিশ্চিত কৰে ।

এপেক্স ক'ভাৰ ছেপাৰেচন লোডৰ বাবে ক্ৰু মডিউল গাঁথনিগত যোগ্যতা পৰীক্ষা

এপেক্স ক'ভাৰে সমগ্ৰ মিছনটোত ক্ৰু মডিউলৰ পেৰাচুট আৰু আনুষংগিক উপ-ব্যৱস্থাসমূহক সুৰক্ষা প্ৰদান কৰে । মডিউলটোক তললৈ নমাৰ গতি লেহেমীয়া কৰিবৰ বাবে পেৰাচুটৰ পৰা খোলাৰ ঠিক পূৰ্বে ইয়াক নিৰ্ধাৰিত উচ্চতাত পাইৰ'টেকনিক থ্ৰাষ্টাৰ ব্যৱহাৰ কৰি পৃথক কৰি দিয়া হয় । অৰ্থাৎ ই হৈছে মহাকাশযানৰ পৰা পেলোড সম্পূৰ্ণভাৱে বা কিছু অংশ পৃথক কৰাৰ প্ৰক্ৰিয়া ।

CREW MODULE QUALIFICATION TESTS
ইছৰোৰ গগনযান ক্ৰু মডিউলৰ তিনিটা মুখ্য সুৰক্ষা পৰীক্ষণ সফলতাৰে সম্পন্ন (Image Credit: ISRO)

ক্ৰু মডিউলৰ গঠনে এই পৃথকীকৰণৰ পৰিঘটনাটো সহ্য কৰিব পাৰে নে নোৱাৰে সেইটো পৰীক্ষা কৰিবলৈ ইছৰোৱে এক নকল ক্ৰু মডিউল আৰু ইয়াৰ ব্যৱস্থাসমূহৰ সৈতে এটা যন্ত্ৰযুক্ত টেষ্ট ৰিগ নিৰ্মাণ কৰিছিল । পৰীক্ষাৰ সময়ত মহাকাশ সংস্থাটোৱে ক্ৰু মডিউলৰ গুৰুত্বপূৰ্ণ অংশত আনুমানিক বিক্ৰিয়াৰ বোজাতকৈ (বল) প্ৰায় ১.৭৫ গুণ অধিক প্ৰয়োগ কৰিছিল ।

পৰীক্ষাৰ সময়ত চাপ আৰু বিকৃতিৰ জোখ-মাখৰ পৰা এইটো নিশ্চিত হয় যে ডিজাইন মাৰ্জিন পৰ্যাপ্ত আছিল । ইয়াৰ দ্বাৰা প্ৰকৃত উৰণৰ সময়ত এপেক্স ক'ভাৰ পৃথকীকৰণৰ পৰিঘটনাৰ বাবে ক্ৰু মডিউলৰ গাঁথনিগত দৃঢ়তা প্ৰমাণিত হৈছে ।

তিনিওটা পৰীক্ষাৰ সফল পৰীক্ষণৰ পিছত ইছৰোৱে গগনযান কাৰ্যসূচীৰ অধীনত নিৰাপদ ক্ৰুযুক্ত অভিযানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ চূড়ান্ত কৰাৰ অধিক কাষ চাপিছে ।

লগতে পঢ়ক :আন এক ইতিহাস ৰচিবলৈ সাজু ভাৰতীয়মূলৰ মহাকাশচাৰী
লগতে পঢ়ক :ইছৰো ভ্ৰমণৰ অনন্য অভিজ্ঞতা: বিজ্ঞানী হোৱাৰ লক্ষ্য নলবাৰীৰ ছাত্ৰৰ