ETV Bharat / technology

বজাৰত চাহিদা নাই iPhone Air ৰ; কোম্পানীয়ে হ্ৰাস কৰিলে 80 শতাংশ উৎপাদন

এপলৰ অতি খীণ iPhone Air এ গ্ৰাহকক আকৰ্ষণ নকৰাৰ ফলত কোম্পানীটোৱে নিজৰ উৎপাদন 80 শতাংশ হ্ৰাস কৰে ।

iphone-air-demand-collapses-apple-cuts-production-by-80-percent
বজাৰত চাহিদা নাই iPhone Air ৰ (Apple)
author img

By ETV Bharat Tech Team

Published : October 23, 2025 at 4:18 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এপলে বিশ্বাস কৰিছিল যে আইফোন এয়াৰৰ ছুপাৰ থিন ডিজাইন আৰু প্ৰিমিয়াম লাইটৱেট বডিয়ে বজাৰত চাহিদা বৃদ্ধি কৰিব । এই বছৰ যেতিয়া এপলে আইফোন 17 ছিৰিজ মুকলি কৰিছিল, তেতিয়া কোম্পানীটোৰ পৰম্পৰাগত মডেলতকৈ নতুন মডেল আইফোন এয়াৰৰ বিষয়ে অধিক চৰ্চা চলিছিল । এপলে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ খীণ ফোনটো, যিটো দেখাত পাতল হোৱাৰ লগতে ওজনো কম । এপলে বিশ্বাস কৰিছিল যে ইয়াৰ শ্লীম ডিজাইনৰ ফোনটো ব্যৱহাৰকাৰীয়ে ভাল পাব, কিন্তু কাৰ্যতঃ সেয়া হোৱা নাই । শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আইফোন এয়াৰৰ চাহিদা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ইয়াৰ বিষয়ে জানো আহক ---

এপলৰ এজন বিশিষ্ট ডিভাইচ বিশ্লেষক মিং-চি কুওৰ মতে কোম্পানীটোৰ যোগান শৃংখলৰ অংশীদাৰসকলে আইফোন এয়াৰৰ উৎপাদন 80% হ্ৰাস কৰিছে । ইয়াৰ উপৰিও 2025 চনৰ শেষৰ ফালে দীঘলীয়া লিড টাইম থকা কেইবাটাও উপাদান বন্ধ কৰা হ’ব ।

কিয় ইমান বিপৰ্যয়ৰ সন্মুখীন হ’ল এপল ?

iphone-air-demand-collapses-apple-cuts-production-by-80-percent
বজাৰত চাহিদা নাই iPhone Air ৰ; কোম্পানীয়ে হ্ৰাস কৰিলে 80 শতাংশ উৎপাদন (Apple)

জানিব পৰা মতে, আইফোন 17 আৰু আইফোন 17 প্ৰ’ই ইতিমধ্যে এপলৰ হাই-এণ্ড ব্যৱহাৰকাৰীসকলক যোগান ধৰিছে । ফলস্বৰূপে এপলৰ আইফোন এয়াৰৰ কোনো সুকীয়া গ্ৰাহক নাই । অৰ্থাৎ এপলৰ আইফোন লাইনআপৰ চতুৰ্থ শ্লট, বেছ, প্ৰ’ আৰু প্ৰ’ মেক্সৰ বাহিৰেও—মিনি, প্লাছ বা এয়াৰ—বাৰে বাৰে বিফল হৈছে ।

ভেৰিয়েণ্ট কৌশল ফলাফল
iPhone mini (5.4-inch) কমপেক্টপ্ৰেমীসকলৰ বাবে চাহিদা যথেষ্ট কম
iPhone Plus সুলভ মূল্যৰ বিগ-স্ক্ৰীণ বিকল্প আশানুৰূপ নহ’ল
iPhone Air (5.6mm খীণ)কম ওজন, শ্লীম, প্ৰিমিয়াম লুক শূণ্য চাহিদা

নতুনকৈ চৰ্চিত খবৰ

  • Nikkei ই লিখিছে যে আইফোন এয়াৰৰ “কাৰ্যতঃ কোনো চাহিদা নাই”।
  • জাপানৰ মিজুহো ছিকিউৰিটিজে কয় যে এপলে 10 লাখ ইউনিট উৎপাদন হ্ৰাস কৰিছে ।
  • মিং-চি কুওৱে কয় যে 2026 চনৰ প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত যোগানকাৰীসকলে তেওঁলোকৰ ক্ষমতা 80% হ্ৰাস কৰিব ।

এপলৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

এপলে এতিয়া আইফোন এয়াৰৰ পৰা আইফোন 18 লাইনআপ আৰু 2026 চনত মুকলি হোৱাৰ আশা কৰা প্ৰথমটো ফোল্ডেবল আইফোনলৈ গুৰুত্ব দিব পাৰে । ইয়াৰ অৰ্থ হ’ল আগন্তুক বছৰত এপলে নিজৰ নতুন “এয়াৰ” কনচেপ্ট বন্ধ কৰি দিব পাৰে আৰু আইফোন লাইনআপৰ চতুৰ্থ স্থানটো ফল্ডেবল আইফোন বা নতুন শিতানলৈ স্থানান্তৰ কৰিব পাৰে ।

এপলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা ছেমছাঙৰ অৱস্থা

এপলৰ খীণ স্মাৰ্টফোন ফ্লপৰ তালিকাত অকলশৰীয়া নহয় । ছেমছাঙে এটা ছুপাৰ শ্লীম স্মাৰ্টফোন গেলাক্সি Edge 25 ও মুকলি কৰিছিল । এই ফোনটোৰ ক্ষেত্ৰত ছেমছাঙে বহু আশা কৰিছিল যদিও বিক্ৰী ইমানেই বেয়া আছিল যে কোম্পানীয়ে ইয়াৰ পৰৱৰ্তী সংস্কৰণ বাতিল কৰিছিল । এপল আৰু ছেমছাঙৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি স্পষ্ট যে শ্লীম আৰু আল্ট্ৰা শ্লীম স্মাৰ্টফোনৰ চাহিদা বজাৰত কম ।

লগতে পঢ়ক