ETV Bharat / technology

Instagram ৰ নতুন বৈশিষ্ট্য: পাঁচটাকৈ ভাৰতীয় ভাষাত কৰিব পাৰিব ৰীলৰ অনুবাদ আৰু Lip-Sync

Instagram ত Meta AI ৰ সৈতে ৰীলছৰ বাবে ভাৰতীয় ভাষাত ভইচ ট্ৰেন্সলেচন, Lip-Sync আৰু নতুন ফণ্ট মুকলি কৰা হৈছে ।

instagram-reels-get-ai-dubbing-and-lip-sync-in-bengali-tamil-telugu-kannada-and-marathi
পাঁচটাকৈ ভাৰতীয় ভাষাত কৰিব পাৰিব ৰীলৰ অনুবাদ (AP/Instagram)
author img

By ETV Bharat Tech Team

Published : January 16, 2026 at 7:17 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতীয় ক্ৰিয়েটৰসকলৰ বাবে নিজৰ প্ৰসাৰ বৃদ্ধিৰ বাবে ইনষ্টাগ্ৰামে অহৰহ প্ৰচেষ্টা চলাই আছে । মুম্বাইত অনুষ্ঠিত ‘হাউছ অৱ ইনষ্টাগ্ৰাম’ অনুষ্ঠানত কোম্পানীটোৱে কেইবাটাও নতুন বৈশিষ্ট্য ঘোষণা কৰে, যিয়ে ব্যৱহাৰকাৰীৰ বাবে ভাষা আৰু আঞ্চলিক বাধাসমূহৰ প্ৰাচীৰ যথেষ্ট নাইকিয়া কৰি পেলাব পাৰিব বুলি আশা কৰা হৈছে । আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন হৈছে মেটা এআই ভিত্তিক অনুবাদ সঁজুলি, যাৰ ফলত ভাৰতীয় ক্ৰিয়েটৰসকলৰ বিষয়বস্তু কেৱল দেশতে নহয়, বিশ্বজুৰি অধিক সুলভ হৈ পৰিছে ।

এই আপডেটৰ আটাইতকৈ উল্লেখযোগ্য অংশটো হৈছে Reels ৰ বাবে ভইচ অনুবাদ বৈশিষ্ট্য । ক্ৰিয়েটৰসকলে এতিয়া তেওঁলোকৰ ৰীলসমূহ বাংলা, তামিল, তেলেগু, কানাড়া আৰু মাৰাঠী আদি ভাষাত অনুবাদ, ডাব, আনকি লিপ-চিংক কৰিব পাৰিব । মন কৰিবলগীয়া যে এতিয়ালৈকে ইনষ্টাগ্ৰামে ইংৰাজী, স্পেনিছ আৰু পৰ্তুগীজৰ লগতে এই বৈশিষ্ট্যসমূহ কেৱল হিন্দী ভাষাতহে সমৰ্থন কৰিছিল । অৱশ্যে এতিয়া মানুহে এই বৈশিষ্ট্যসমূহ আন পাঁচটা ভাৰতীয় ভাষাতো ব্যৱহাৰ কৰিব পাৰিব ।

একাধিক ভাষাত সৃষ্টি কৰিব পাৰিব Reels

2025 চনৰ নৱেম্বৰ মাহত ইনষ্টাগ্ৰামত এই বৈশিষ্ট্য মুকলি কৰা হৈছিল আৰু কোম্পানীয়ে এতিয়া ইয়াক আপডেট কৰিছে । এই বৈশিষ্ট্য ব্যৱহাৰ কৰাটো যথেষ্ট সহজ । ক্ৰিয়েটৰসকলে ৰীল আপলোড বা সম্পাদনা কৰাৰ সময়ত মেটা AI অনুবাদ সামৰ্থবান কৰিব পাৰে । তাৰ পিছত এআইয়ে স্বয়ংক্ৰিয়ভাৱে কথিত অডিঅ’টো আন ভাষালৈ ৰূপান্তৰিত কৰে । অনন্য বৈশিষ্ট্যটো হ’ল মাতটো সম্পূৰ্ণ ৰবটিক যেন নালাগে । এআইয়ে ক্ৰিয়েটৰৰ মূল কণ্ঠৰ সুৰ আৰু অনুভৱ বজাই ৰাখিব পাৰে আন ভাষাবোৰটো । ইয়াৰ ফলত এনে লাগে যেন আপুনি ৰীলৰ বিষয়বস্তু আন ভাষাত কৈছে । ইয়াৰ ফলত অনুবাদৰ পিছতো ৰীলছৰ শব্দ স্বাভাৱিক হৈ পৰে ।

ক্ৰিয়েটৰসকলে লিপ-চিংক বৈশিষ্ট্যও ব্যৱহাৰ কৰিব পাৰে । এআইয়ে অডিঅ’টো এনেদৰে সামঞ্জস্য কৰে যাতে ওঁঠৰ গতিবিধি নতুন ভাষাৰ লগত মিলি যায় । ইয়াৰ ফলত এনে লাগে যেন ক্ৰিয়েটৰে সেই ভাষাতেই ৰীল প্ৰস্তুত কৰিছে । ইয়াৰ ফলত অন্য ভাষাৰ দৰ্শকৰ সৈতে ক্ৰিয়েটৰৰ সংযোগ আৰু বিশ্বাস বৃদ্ধি পায় ।

ইয়াৰ উপৰিও ইনষ্টাগ্ৰামৰ এডিটিং টুল এডিটছত নতুন ভাৰতীয় ফণ্ট সংযোজন কৰা হৈছে । ক্ৰিয়েটৰসকলে এতিয়া দেৱনাগৰী আৰু বাংলা-অসমীয়া লিপিত লিখনী আৰু কেপচন লিখিব পাৰিব । অনাগত দিনত এই ফন্টসমূহ এণ্ড্ৰইড ডিভাইচত উপলব্ধ হ’ব ।

লগতে পঢ়ক