Google নহয় Motorola ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা ভাৰতীয় এপ ষ্টোৰৰ দ্বাৰা কৰিব পাৰিব এপ ডাউনলোড
Motorola ব্যৱহাৰকাৰীসকলে এতিয়া আৰম্ভণিৰে পৰাই তেওঁলোকৰ ফোনত ইণ্ডাছ এপষ্ট’ৰ লাভ কৰিব, যাৰ ফলত এপ ডাউনলোড আৰু অধিক স্থানীয় হোৱাৰ লগতে সহজ হৈ পৰিব ।

Published : December 3, 2025 at 5:16 PM IST
হায়দৰাবাদ: ভাৰতত এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এপ ডাউনলোড কৰাটো পূৰ্বতকৈ সহজ হ’ব পাৰে, কিয়নো তেওঁলোকৰ হাতত এতিয়া ভাৰতীয় এপ ষ্ট’ৰৰ বিকল্প আছে । অৱশ্যে এই বৈশিষ্ট্য বৰ্তমান কেৱল মটৰ’লাৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ, কিয়নো মটৰ’লাই ফোনপেৰ সৈতে অংশীদাৰিত্ব কৰিছে, যাৰ জৰিয়তে এতিয়া মটৰ’লাৰ ফোনত ইণ্ডাছ এপষ্ট’ৰ প্ৰি-লোড কৰা হ’ব । অৰ্থাৎ মটৰ’লাৰ ফোন ব্যৱহাৰকাৰীয়ে গুগল প্লে ষ্ট’ৰৰ উপৰিও ইণ্ডাছ এপ ষ্ট’ৰৰ পৰা এপ ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব ।
মটৰ’লাৰ ফোনতো উপলব্ধ হ’ব ইণ্ডাছ এপ ষ্ট’ৰ
Proud and excited to bring @IndusAppstore to @motorolaindia devices!
— Indus Appstore (@IndusAppstore) December 3, 2025
With this, we are taking our vision of a more inclusive app ecosystem even further.
Learn More: https://t.co/KHbNTgIk4l#IndusAppstore #motorola pic.twitter.com/TNqGU8yPUE
মন কৰিবলগীয়া যে Xiaomi আৰু Lava ডিভাইচত ইতিমধ্যে Indus AppStore অন্তৰ্ভুক্ত কৰা হৈছে আৰু এতিয়া PhonePe য়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ই Motorola ফোনতো উপলব্ধ হ’ব । অৰ্থাৎ কোম্পানীটোৰ ইউজাৰ বেছ সম্প্ৰসাৰিত হ’ব । এই অংশীদাৰিত্বৰ বিত্তীয় চৰ্তসমূহ PhonPe য়ে প্ৰকাশ কৰা নাই যদিও এইটো স্পষ্ট যে এই পদক্ষেপে ভাৰতত PhonePe ৰ এপ মাৰ্কেটপ্লেচক শক্তিশালী কৰিব ।
PhonePe ৰ মুখ্য ব্যৱসায়িক বিষয়া প্ৰিয়া এম নাৰায়নে কয় যে মটৰ’লাৰ সৈতে অংশীদাৰিত্বই ইণ্ডাছ এপষ্ট’ৰক অধিক ভাৰতীয়ৰ ওচৰলৈ যাবলৈ অনুমতি দিব আৰু তেওঁলোকক সম্পূৰ্ণ স্থানীয় আৰু ব্যক্তিগতকৃত এপ আৱিষ্কাৰৰ অভিজ্ঞতা প্ৰদান কৰিব ।
motorola and Indus Appstore (the homegrown store by PhonePe) have announced their partnership.
— Mukul Sharma (@stufflistings) December 3, 2025
Moving forward, the appstore will make its way to moto phones. pic.twitter.com/f47Sper6hv
Motorola ইণ্ডিয়াৰ পৰিচালন সঞ্চালক টি এম নৰসিংহনে লগতে কয়, "এই ঘৰতে উৎপাদিত প্লেটফৰ্মে ব্যৱহাৰকাৰীসকলক সাংস্কৃতিকভাৱে প্ৰাসংগিক আৰু উদ্ভাৱনীমূলক এপৰ অভিজ্ঞতা প্ৰদান কৰিব । কোম্পানীটোৱে দাবী কৰে যে প্ৰতিটো এপ নিৰাপত্তা আৰু মেলৱেৰ পৰীক্ষণৰ পিছতহে তালিকাভুক্ত কৰা হয় ।" এই এপ ষ্ট’ৰৰ কিছুমান মূল বৈশিষ্ট্য চাওঁ আহক:
| বৈশিষ্ট্য | বিৱৰণ |
| সমৰ্থিত ভাষা | ইংৰাজীৰ লগতে 12 টা ভাৰতীয় ভাষা |
| সুৰক্ষা | মেলৱেৰ চেক কৰিহে আটাইকেইটা এপ তালিকাভুক্ত কৰা হৈছে |
| মুখ্য এপ | Flipkart, Ixigo, Dominos, JioMart আৰু অন্যান্য |
| AI বৈশিষ্ট্য | Voice search আৰু ব্যক্তিগতকৃত এপ পৰামৰ্শসমূহ |
| ডিভাইচ | Xiaomi, Lava আৰু বৰ্তমান Motorola ডিভাইচত উপলব্ধ |
2024 চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা হৈছিল ইণ্ডাছ এপষ্ট’ৰ । এইটো বিশেষভাৱে ভাৰতীয় ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজাইন কৰা হৈছিল । ইংৰাজীৰ উপৰিও ই হিন্দী, তামিল, মাৰাঠী, মালয়ালমৰ লগতে বাৰটা ভাৰতীয় ভাষা সমৰ্থন কৰে । এই প্লেটফৰ্মত ফ্লিপকাৰ্ট, ixigo, Snapdeal, Domino's Pizza, JioMart আৰু Bajaj Finserv আদিৰ দৰে চিনাকি নাম আছে ।
লগতে পঢ়ক

