মাহজাতীয় শস্য উৎপাদন বৃদ্ধিৰ নতুন কৌশল উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ
কৃষিকে শীঘ্ৰে পাব মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা বীজ ৷ আইআইপিআৰৰ বিজ্ঞানীসকলৰ উদ্ভাৱনে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কৃষকলৈ ৷

Published : August 16, 2026 at 8:57 PM IST
কানপুৰ : কৃষকৰ বাবে এটা ভাল খবৰ ৷ কানপুৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ পালচ ৰিচাৰ্চ চমুকৈ আইআইপিআৰৰ বিজ্ঞানীসকলে এনে এক নতুন কৌশল উদ্ভাৱন কৰিছে যিয়ে সহজেই মাহজাতীয় বা দালি শস্যৰ উৎপাদন ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি কৰিব পাৰে । তেওঁলোকে ৰাইজ’বিয়াম আৰু ফছফৰাছ দ্ৰৱীভূত বেক্টেৰিয়া (এবিধ উপকাৰী বেক্টেৰিয়া)ৰ মিশ্ৰণ সৃষ্টি কৰিছে যাৰ সহায়ত পোনে পোনে পথাৰত বীজ শোধন কৰিব পাৰিব ৷
বায়ুমণ্ডলত উপলব্ধ ৭৯ শতাংশ নাইট্ৰ’জেন ধৰি লোৱা এটা উপকাৰী বেক্টেৰিয়া হৈছে ৰাইজ’বিয়াম । তাৰ পিছত ই উদ্ভিদৰ শিপাত গঠন কৰে, যাৰ ফলত উদ্ভিদৰ বৃদ্ধিত সহায় কৰে । একেদৰে ফছফৰাছ-দ্ৰৱীভূত বেক্টেৰিয়াক পিএছবি কালচাৰ বুলি জনা যায় ৷ এই উপকাৰী বেক্টেৰিয়াবোৰ মাটিত সক্ৰিয় হৈ থাকে আৰু উদ্ভিদৰ ফছফৰাছৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে ।
এই সন্দৰ্ভত চন্দ্ৰ শেখৰ আজাদ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ অখিলেশ মিশ্ৰই কয় যে, এই দুয়োবিধৰ মিলিত উপস্থিতিয়ে উদ্ভিদৰ বৃদ্ধিৰ সূচনা কৰে আৰু সহজেই শস্যৰ উৎপাদন ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি কৰিব পাৰে । আইআইপিআৰৰ সঞ্চালক জি পি দীক্ষিতে কয় যে, তেওঁলোকৰ বিজ্ঞানীসকলে এই গৱেষণাৰ জৰিয়তে সফলতা লাভ কৰিছে ।
এই সফলতাৰ পাছত আইআইপিআৰৰ বিজ্ঞানীৰ দলসমূহে দেশৰ ১০খন ৰাজ্য ভ্ৰমণ কৰি কৃষকৰ উপস্থিতিত ১০ হাজাৰ একৰ চিনাক্তকৃত কৃষিভূমিত এই গৱেষণাৰ ব্যৱহাৰিক প্ৰয়োগ কৰিব । উত্তৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, ঝাৰখণ্ড, বিহাৰ আৰু ৰাজস্থানত এই পৰীক্ষামূলক ব্যৱস্থা কৰা হৈছে ।
বীজবোৰ কেৱল ৰাইজ’বিয়াম আৰু ফছফৰাছ দ্ৰৱীভূত কৰা বেক্টেৰিয়াৰ মিশ্ৰণৰ সৈতে মিহলি কৰা হয় । এবাৰ সিঁচিলে মাটিৰ সংস্পৰ্শলৈ অহাৰ পিছত দ্ৰুতগতিত বৃদ্ধি পায় । তদুপৰি ৰাইজ’বিয়াম আৰু ফছফৰাছৰ সংমিশ্ৰণে মাটিৰ নাইট্ৰ’জেন পুনৰ ভৰাই দিয়ে ৷ যাৰ ফলত কৃষকসকলে ডিএপি সাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা কম হয় ।
দীক্ষিতে কয়, "কৃষকসকলে পূৰ্বে চৰকাৰক সাৰৰ সংকটৰ বিষয়ে অৱগত কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা ত্বৰান্বিত কৰি এই মিশ্ৰণটো বিকশিত কৰিলে । এই নতুন প্ৰযুক্তিৰ সহায়ত কৃষকসকলে বিশেষ খৰচ বহন নকৰে।"

