আৰ্টেমিছ অভিযানত কেনেদৰে কাম কৰিছিল এগৰাকী ভাৰতীয় যুৱ মহিলা অভিযন্তাই ?
নাছা তেওঁৰ আবেগ । সেইবাবে বহু ব্যক্তিগত সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পোৱাৰ পিছতো নাছাতে থকাৰ সিদ্ধান্ত অভিযন্তাগৰাকীৰ ।

Published : April 12, 2026 at 3:31 PM IST
হায়দৰাবাদ : নাছাৰ চন্দ্ৰ অভিযান দ্বিতীয় আৰ্টেমিছৰ ইতিমধ্যে সফল সমাপ্তি হৈছে । এই অভিযানলৈ যোৱা মহাকাশচাৰীসকল শুকুৰবাৰে সুকলমে পৃথিৱীলৈ ঘূৰি আহিছে । যাৰ বাবে বিশ্বজুৰি এই অভিযানে চৰ্চা লাভ কৰিছে । তাৰ মাজতে ভাৰততো এই অভিযান অংশ এগৰাকী অভিযন্তাক লৈ চৰ্চা আৰম্ভ হৈছে । তেওঁ হৈছে হায়দৰাবাদৰ যুৱ কম্পিউটাৰ অভিযন্তা গ্ৰীষ্মা কালেপু । ফ্লাইট ডাটা ছিষ্টেমৰ তথ্য ব্যৱস্থাৰ বিশেষজ্ঞ অভিযন্তা হিচাপে তেওঁ দ্বিতীয় আৰ্টেমিছ প্ৰকল্পৰ অংশ আছিল । যিয়ে বিভিন্ন দিশ যেনে ছিষ্টেম মডিফিকেশ্যন আৰু ছিমুলেশ্যনৰ দৰে দিশবোৰ নিৰন্তৰ নিৰীক্ষণ আৰু পৰীক্ষা কৰিছিল ।
দ্বিতীয় আৰ্টেমিছ অভিযানৰ সফলতাৰ পিছত যুৱ অভিযন্তাগৰাকীয়ে কয় যে তেওঁ নাছাত থকাৰে সিদ্ধান্ত লৈছে, যি সিদ্ধান্ত তেওঁৰ শৈশৱৰ সপোন পূৰণ কৰে ।
তেওঁ কয়, "আমি হায়দৰাবাদৰ যদিও মোৰ জন্ম আমেৰিকাত হৈছিল । মোৰ পিতৃ ৰবি শেখৰ ষ্টাৰ্টআপৰ মেণ্টৰ আৰু মোৰ মাৰ নাম নিৰুপমা । মোৰ ৩ বছৰ বয়সত তেওঁলোক ভাৰতলৈ উভতি আহিছিল ।"
তেওঁ লগতে কয়, "যেতিয়া কল্পনা চাওলাক লৈ অহা স্পেচ শ্বাটলখন উভতি অহাৰ সময়ত ধ্বংস হ'বলৈ ধৰিছিল তেতিয়া মোৰ মনত পৰে আমি মাৰ সৈতে সেইবোৰ টিভিত চাইছিলোঁ । অৱশ্যে সেই সময়ত মই সৰু আছিলোঁ । কিন্তু সেই ঘটনাই মোৰ মনত গভীৰ ছাপ পেলাইছিল ।"
তেওঁ কয়, "সেইদিনাৰ পৰাই-মই যেতিয়া ছবি অংকন কৰো, মোৰ কিতাপ হওক, স্কুলত বাছি লোৱা গল্পই হওক-সকলো মহাকাশৰ সৈতে জড়িত আছিল । মোৰ এই আবেগ দেখি মায়ে মোলৈ বাতৰি কাকতত পোৱা প্ৰাসংগিক গ্ৰন্থ আৰু লেখাবোৰ আনি দিছিল । তাৰ পিছত এদিন মই ক'লোঁ যে ভৱিষ্যতে মই এজন 'মহাকাশ বিজ্ঞানী' হ'ম। সেই সময়ত মোৰ বয়স আছিল মাত্ৰ ১০ বছৰ । তথাপিও মোৰ অটল দৃঢ়তা দেখি মায়ে মোক সেই লক্ষ্যত উপনীত হ'বলৈ কি অধ্যয়ন কৰিব লাগিব সেই কথা বুজাই দিলে ।"
অভিযন্তা গ্ৰীষ্মা কালেপুই লগতে কয়, "সপ্তম শ্ৰেণীত মই নাছাৰ জ্যোতিৰ্বিজ্ঞান অলিম্পিয়াডত দ্বিতীয় স্থান লাভ কৰিছিলোঁ । এই কৃতিত্বৰ দ্বাৰা মই কেনেডি মহাকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা 'নাছা ট্ৰেক ট্ৰেইনিং প্ৰগ্ৰেম'ত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ । অৱশ্যে পিতৃৰ পৰামৰ্শ অনুসৰি কাম কৰি মই সেই সুযোগ এৰাৰ সিদ্ধান্ত লৈছিলো আৰু তাৰ পৰিৱৰ্তে সেই পথেৰে কেৱল দৰ্শক হিচাপে নহয়, কৰ্মচাৰী হিচাপে খোজ দিয়াৰ সংকল্প লৈছিলোঁ ।"
তেওঁ লগতে কয়, "মই ভেলোৰত ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ । তাত মই 'এছইডিএছ'-ষ্টুডেণ্টছ ফৰ দ্য এক্সপ্ল'ৰেশ্যন এণ্ড ডেভেলপমেণ্ট অৱ স্পেচ নামৰ এটা ক্লাবৰ সদস্য আছিলোঁ । এই সংস্থাটোৰ সমগ্ৰ বিশ্বতে শাখা আছে । এই ক্লাবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মহাকাশ সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাত জড়িত হয় ।"
ভাৰতৰ চন্দ্ৰযান অভিযান সন্দৰ্ভত তেওঁ কয়, "চন্দ্ৰযান অভিযানৰ সময়ত উৎক্ষেপণ কৰা ১০৪ টা উপগ্ৰহৰ ভিতৰত ৩৫ টা ইয়াতেই নিৰ্মাণ কৰা হৈছিল আৰু মই সেইবোৰ নিৰ্মাণত ভূমিকা লৈছিলোঁ । মোৰ অধ্যয়নৰ দ্বিতীয় বৰ্ষত মই এছইডিএছৰ প্ৰজেক্ট মেনেজাৰ হৈছিলোঁ । এই সংস্থাটোৱে নিয়মিতভাৱে সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিযোগিতাৰ আয়োজন কৰে । মই 'ফুলি অট'ন'মাছ ফ্লাইট নেভিগেশ্যন পেলোড' আৰু 'পেলোড ড্ৰপিং অভাৰৰ দৰে প্ৰকল্পত কাম কৰিছিলোঁ আৰু এই প্ৰতিযোগিতাসমূহৰ অন্তিম পৰ্যায়লৈ সফলতাৰে গৈছিলোঁ ।"
তেওঁ লগতে কয়, "২০২২ চনত মই জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজি (জৰ্জিয়া টেক)ত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিলোঁ । বহু বিখ্যাত সংস্থাই নিযুক্তি অভিযানৰ বাবে আমাৰ কেম্পাছলৈ আহিল । ফলস্বৰূপে মোৰ প্ৰথম বছৰৰ ভিতৰতে মই নাছাত ইণ্টাৰশ্বিপৰ বাবে নিৰ্বাচিত হৈছিলোঁ ।"
তেওঁ কয়, "পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰ্জিয়া টেকে মোক দূৰ শিক্ষাৰ অনুমতি দিলে । মোৰ পাঠ্যক্ৰমৰ কাম আগবঢ়াই নিয়াৰ লগতে মেৰিলেণ্ডৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত বৈদ্যুতিক ব্যৱস্থা আৰু শক্তি নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এবছৰীয়া প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ ।"
তেওঁ লগতে কয়, "২০২৪ চনত ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ হোৱাৰ পিছত মই ফ্ল'ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰত ফ্লাইট ডাটা চিষ্টেমত বিশেষজ্ঞ হিচাপে কম্পিউটাৰ ইঞ্জিনিয়াৰ শাখাত যোগদান কৰিলোঁ । তাত মোক আৰ্টেমিছ অভিযানৰ সৈতে জড়িত সকলো গৱেষণা পত্ৰ পৰ্যালোচনা কৰাৰ দায়িত্ব দিয়া হৈছিল । আনকি তেওঁলোকে এই নথিপত্ৰসমূহৰ ভিত্তিত পৰীক্ষাও কৰিছিল । মই এটা কাম মাত্ৰ ৪ মাহতে সম্পূৰ্ণ কৰিলোঁ, যিটো সাধাৰণতে এবছৰতকৈও অধিক সময় লয় । তাৰ পিছত সাক্ষাৎকাৰৰ সময়ত মোৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে মোক আৰ্টেমিছ অভিযানৰ এটা পদৰ বাবে প্ৰস্তাৱ দিয়া হয় ।"
অভিযন্তাগৰাকীয়ে কয়, "মহাকাশযানখনত এনে এটা ব্যৱস্থা আছে যিয়ে ইয়াক শক্তি প্ৰদান কৰা ক্ৰাইজেনিক নিয়ন্ত্ৰণ কৰে । বিভিন্ন পেৰামিটাৰসমূহ অবিৰতভাৱে নিৰীক্ষণ আৰু পৰীক্ষা কৰাটো মোৰ কাম আছিল, যেনে ছিষ্টেম মডিফিকেশ্যন আৰু ছিমুলেশ্যন । মোৰ সহকৰ্মীসকল মোতকৈ বয়সীয়াল আৰু বহু বেছি অভিজ্ঞ আছিল- কাৰণ মই মাত্ৰ ২৫ বছৰীয়া আছিলোঁ । যদিও প্ৰথম অৱস্থাত মই যদিও আচহুৱা অনুভৱ কৰিছিলোঁ, মোৰ সহকৰ্মীসকলে মোৰ প্ৰকৃত আবেগক বুজি পোৱাৰ লগে লগে তেওঁলোকে মোৰ সৈতে আত্মীয়তা গঢ়ি তুলিলে । আমি শ্বিফটত কাম কৰিছিলোঁ আৰু আৰ্টেমিছ অভিযানৰ বাবে দীঘলীয়া সময় ধৰি কাম কৰিছিলোঁ ।"
এই অভিযান আৰম্ভ হোৱাৰ কথা স্মৰণ কৰি তেওঁ কয়, "উৎক্ষেপণৰ মুহূৰ্তত মোৰ চকুলো নিগৰি আহিছিল । এতিয়া ব্যক্তিগত মহাকাশ সংস্থাৰ পৰাও নিযুক্তিৰ প্ৰস্তাৱ পাই আছোঁ । অৱশ্যে মই নাছাত থকা সিদ্ধান্ত লৈছোঁ, যিটো মোৰ শৈশৱৰ সপোন আছিল । যদি কাৰোবাৰ আবেগ থাকে তেন্তে যিকোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাব পাৰে । এইখিনিতে ক'ব পাৰি যে ঘৰৰ পৰা পোৱা সমৰ্থন সমানেই গুৰুত্বপূৰ্ণ । প্ৰতিগৰাকী যুৱতীয়ে সেই একেধৰণৰ উৎসাহ পাব লাগে ।"
লগতে পঢ়ক : Artemis II: চন্দ্ৰ অভিযানৰ সফল সমাপ্তিৰে সুকলমে অৱতৰণ দ্বিতীয় আৰ্টেমিছৰ মহাকাশচাৰীৰ

