ETV Bharat / technology

Honda Activa ই ভাৰতত অতিক্ৰম কৰিলে 35 মিলিয়ন বিক্ৰীৰ সীমা

হোণ্ডা মটৰ চাইকেলৰ জনপ্ৰিয় স্কুটাৰ হোণ্ডা এক্টিভাই ভাৰতত 3.50 কোটি ইউনিটৰ বিক্ৰীৰ পৰিসংখ্যা অতিক্ৰম কৰিলে ।

honda-activa-crosses-3-dot-5-crore-units-sales-figure-in-india-know-when-it-was-launched
Honda Activa ই ভাৰতত অতিক্ৰম কৰিলে 35 মিলিয়ন বিক্ৰীৰ সীমা (Honda Motorcycle & Scooters India)
author img

By ETV Bharat Tech Team

Published : October 30, 2025 at 11:48 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দেশৰ দ্বিতীয় বৃহত্তম দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হোণ্ডা মটৰ চাইকেলৰ জনপ্ৰিয় স্কুটাৰ হোণ্ডা এক্টিভাক নতুনকৈ কোনো পৰিচয় দিয়াৰ প্ৰয়োজন নাই । 2001 চনত মুকলি কৰা এই অসাধাৰণ স্কুটাৰখন মুকলি কৰাৰ পিছৰে পৰা হোণ্ডা এক্টিভাই ভাৰতত বিক্ৰী হোৱা 35 মিলিয়ন ইউনিট অতিক্ৰম কৰিছে ।

বৰ্তমানৰ হোণ্ডা এচিটভা ৰেঞ্জত আছে হোণ্ডা এক্টিভা 110, এক্টিভা 125, এক্টিভা-আই আৰু এক্টিভা-ই । হিৰো মট’কৰ্পৰ সৈতে যৌথ উদ্যোগৰ জৰিয়তে 1999 চনত ভাৰতত হোণ্ডাৰ দুচকীয়া বাহনৰ যাত্ৰা আৰম্ভ হৈছিল । এইচ এম এছ আইৰ অধীনত কোম্পানীটোৰ প্ৰথম থলুৱা সামগ্ৰী হোণ্ডা এক্টিভা 2001 চনত মুকলি কৰা হৈছিল আৰু দ্ৰুতগতিত ই ঘৰুৱা নামত পৰিণত হৈছিল ।

কোম্পানীটোৱে জনোৱা মতে, 2015 চনত হোণ্ডা এক্টিভাই প্ৰথম এক কোটি গ্ৰাহকৰ কাষ চাপিছিল, তাৰ পিছত 2018 চনত 2 কোটি আৰু এতিয়া 2025 চনত 3.5 কোটি গ্ৰাহকৰ কাষ চাপিছিল । এই যাত্ৰাই লাখ লাখ গ্ৰাহকৰ চিৰস্থায়ী আস্থাক প্ৰতিফলিত কৰিছে ।

ভাৰতত হোণ্ডা এক্টিভাৰ যাত্ৰা

2001 চনত হোণ্ডা মটৰ চাইকেলৰ সম্পূৰ্ণ থলুৱা সামগ্ৰী হিচাপে মুকলি কৰা হোণ্ডা এক্টিভা স্কুটাৰখন বিগত 24 বছৰ ধৰি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা স্কুটাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ আৰম্ভণিৰ পৰাই 3 কোটিতকৈ অধিক ইউনিট বিক্ৰী হৈছে, যিয়ে ভাৰতীয় ক্ৰেতাসকলৰ মাজত ইয়াৰ চিৰন্তন জনপ্ৰিয়তা আৰু আস্থাৰ সাক্ষ্য দিছে ।

এতিয়া, হোণ্ডা এক্টিভা তিনিটা ভিন্নতাত উপলব্ধ: হোণ্ডা এক্টিভা, এক্টিভা 125 আৰু শেহতীয়াকৈ মুকলি কৰা হোণ্ডা এক্টিভা ই, যিয়ে গ্ৰাহকৰ বিভিন্ন ধৰণৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখিছে । হোণ্ডা এক্টিভা 110 ত 109.51CC বিএছ-ভিআই ইঞ্জিন আছে যিয়ে 7.73 বিএইচপি আৰু 8.9 এনএম টৰ্ক উৎপন্ন কৰে । ইয়াৰ ইন্ধন কাৰ্যক্ষমতা 59.5 কিলোমিটাৰ প্ৰতি লিটাৰ আৰু ইয়াৰ মূল্য 78,684 টকাৰ পৰা আৰম্ভ ।

আনহাতে হোণ্ডা এক্টিভা 125 ত আছে মডিফাইড 123.92 চিচি, একক চিলিণ্ডাৰ ইঞ্জিন যিটো OBD2B কম্প্লাইয়েণ্ট । এই ইঞ্জিনে 8.3 বিএইচপি শক্তি আৰু 10.15 এনএম টৰ্ক উৎপাদন কৰে । কোম্পানীটোৱে দাবী কৰিছে যে 51.23 কিলোমিটাৰ প্ৰতি লিটাৰ মাইলেজ । হোণ্ডা এক্টিভা 125 ৰ মূল্য আৰম্ভ হয় 82,257 টকা ।

হোণ্ডা এচিটভা ইৰ কথা ক’বলৈ গ’লে এই জাপানী কোম্পানীটোৱে ভাৰতীয় ইলেক্ট্ৰিক দুচকীয়া বাহনৰ বজাৰত প্ৰৱেশৰ সূচনা কৰে । স্কুটাৰখনৰ আৰম্ভণিৰ মূল্য 1.17 লাখ টকা । ইয়াত 3 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক আছে যিয়ে 6 কিলোৱাট মটৰক শক্তি প্ৰদান কৰে আৰু একক চাৰ্জত 102 কিলোমিটাৰৰ দাবী কৰা ৰেঞ্জ প্ৰদান কৰে ।

চলিত বৰ্ষৰ আৰম্ভণিতে দুচকীয়া বাহন নিৰ্মাতা কোম্পানীটোৱে 1949 চনত কাম আৰম্ভ কৰাৰ পিছৰে পৰা বিশ্বজুৰি 50 কোটি বাহন উৎপাদনৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল । ঐতিহাসিক 50 কোটি সংখ্যক ইউনিট ৷ ভাৰতৰ গুজৰাট ৰাজ্যৰ হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ (এইচএমএছআই) ভিথালাপুৰ প্লাণ্টৰ পৰা আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক