ETV Bharat / technology

আপোনাৰ ফোনৰ লোকেশ্যন অনুসৰণ কৰিব বিচাৰে চৰকাৰে; তীব্ৰ প্ৰতিক্ৰিয়া এপল, গুগলৰ

সঞ্চাৰ সাথীৰ পাচত ভাৰতত GPS সকলো সময়তে সক্ষম কৰাৰ প্ৰস্তাৱে গোপনীয়তাৰ ক্ষেত্ৰত বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে ৷ পৰস্পৰ বিৰোধী স্থিতিত চৰকাৰ আৰু টেক কোম্পানীসমূহক ।

Govt mulls always-on phone location tracking, Apple, google Samsung push back over privacy: Report
প্ৰতীকাত্মক ছবি (GettY images)
author img

By ETV Bharat Tech Team

Published : December 6, 2025 at 5:31 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ৰাজহুৱা গোপনীয়তা সন্দৰ্ভত ভাৰতত নতুন বিতৰ্কৰ সৃষ্টি হৈছে । এই বিষয়টো ভাৰত চৰকাৰে দেশৰ সকলো স্মাৰ্টফোনত সকলো সময়তে ছেটেলাইট ভিত্তিক স্থান অনুসৰণ (এ-জিপিএছ) সক্ষম কৰাৰ প্ৰস্তাৱৰ সৈতে জড়িত । চৰকাৰে দাবী কৰিছে যে এইটো জনসাধাৰণৰ সুৰক্ষাৰ বাবে উপকাৰী, কিন্তু বিশ্বব্যাপী টেক জায়ান্ট এপল, গুগল আৰু ছেমছাঙে ভাৰত চৰকাৰৰ এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে ।

আৰম্ভণি

ভাৰত চৰকাৰে পূৰ্বে স্মাৰ্টফোন নিৰ্মাতাসকলক চৰকাৰী চাইবাৰ ছেফটি এপ সঞ্চাৰ সাথীক ফোনত প্ৰি-লোড কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল বুলি আমি সকলোৱে জ্ঞাত । কিন্তু বিৰোধী নেতাসকলৰ প্ৰতিবাদ আৰু ৰাজহুৱা গোপনীয়তাক লৈ উদ্বেগ প্ৰকাশ কৰা কাৰ্যকলাপৰ পিছত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হয় । ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি এটা নতুন প্ৰস্তাৱৰ উন্মেষ ঘটিছে যিয়ে আৰু অধিক বিতৰ্কৰ সূচনা কৰিছে ।

চৰকাৰ আৰু টেলিকম উদ্যোগে কি বিচাৰে ?

ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে তদন্তৰ সময়ত ফোন ব্যৱহাৰকাৰীৰ সঠিক আৰু নিৰ্দিষ্ট স্থানৰ তথ্য লাভ কৰিব নোৱাৰে বুলি কয় । বৰ্তমান কোম্পানীসমূহে কেৱল টাৱাৰৰ স্থানহে প্ৰদান কৰে, যিটো শুদ্ধ নহ’বও পাৰে । সেয়েহে টেলিকম কোম্পানী সংস্থা চিঅ’আইয়ে বিচাৰিছে যে চৰকাৰে ফোন নিৰ্মাতাসকলক জিপিএছ সদায় অন কৰি ৰাখিবলৈ বাধ্যতামূলক কৰক । ইয়াৰ অৰ্থ হ’ব যে ব্যৱহাৰকাৰীসকলে লোকেশ্যনটো বন্ধ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ ফোনসমূহ সকলো সময়তে অনুসৰণযোগ্য হৈ থাকিব ।

উদ্বিগ্ন কিয় স্মাৰ্টফোন কোম্পানী ?

এপল, গুগল, ছেমছাঙে চৰকাৰক স্পষ্টকৈ কৈছে যে এনে প্ৰয়োজনীয়তা পৃথিৱীৰ আন ক’তো নাই । ICEA (এপল আৰু গুগলৰ উদ্যোগ গোট)ই এখন গোপনীয় পত্ৰত লিখিছে যে ফোনসমূহক সকলো সময়তে অনুসৰণ কৰিবলৈ অনুমতি দিলে মূলতঃ ইয়াক নিৰ্দিষ্ট চোৰাংচোৱা সঁজুলি হিচাপে গঢ়ি তোলা হ’ব । এইক্ষেত্ৰত তেওঁলোকৰ মূল চিন্তা গোপনীয়তা আৰু আইনী বিপদৰ সমন্তৰালভাৱে সামৰিক বাহিনী, জাজ (Judge), সাংবাদিক, কৰ্পৰেট নেতাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা হ’ব বুলিও উদ্বেগ প্ৰকাশ কৰিছে । আনহাতে, স্থানৰ তথ্য আহৰণ কৰাৰ সময়ত দেখা দিয়া পপ-আপ সতৰ্কবাণীসমূহ আঁতৰোৱাৰ পৰামৰ্শই ব্যৱহাৰকাৰীৰ স্বচ্ছতা নাইকিয়া কৰিব ।

বিশেষজ্ঞসকলে কি কয়

ব্ৰিটিছ ডিজিটেল ফৰেনছিক বিশেষজ্ঞ Junade Ali য়ে কয় যে এই প্ৰস্তাৱে ফোনক প্ৰত্যক্ষ চোৰাংচোৱা সঁজুলিলৈ ৰূপান্তৰিত কৰিব । Electronic Frontier Foundation ৰ Cooper Quintin এ ইয়াক বিশ্বৰ আটাইতকৈ বিপজ্জনক ধৰণৰ Location Control বুলি অভিহিত কৰে ।

প্ৰসংগ চৰকাৰ আৰু টেলিকম সংস্থা স্মাৰ্টফোন সংস্থা
স্থানৰ সঠিকতা তদন্তত সহায় কৰিব গোপনীয়তাত আঘাত
এটা GPS সদায়ে সক্ৰিয় সুৰক্ষাৰ বাবে জৰুৰী এয়া চোৰাংচোৱাগিৰি
স্থানৰ পপআপ আঁতৰাওক লক্ষ্য অজ্ঞাত ব্যৱহাৰকাৰীৰ বাবে কোনো স্বচ্ছতা শেষ হ’ব

এই সন্দৰ্ভত চৰকাৰ বৰ্তমানেও কোনো স্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই যদিও এয়া কাৰ্যকৰী হ’বলৈ হ’লে এয়া দেশৰ নাগৰিকৰ গোপনীয়তা ভংগ কৰাৰ লগতে এইটোৱেই হ’ব দেশৰ আটাইতকৈ বিতৰ্কিত, চৰ্চিত টেক প্ৰাইভেচি বিতৰ্ক ।

লগতে পঢ়ক