চীনা এপৰ জৰিয়তে ই-ৰিক্সা বিকল দুষ্ট চক্ৰৰ, তথ্য প্ৰযুক্তি মন্ত্ৰণালয় কঠোৰ নিৰ্দেশনা গুগল-এপলক
তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে গুগল আৰু এপলক কিছুমান ই-ৰিক্সা দূৰৈৰ পৰা নিষ্ক্ৰিয় কৰিব পৰা ব্লুটুথ এক্সপ্ল’ইটৰ সৈতে জড়িত এপ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে ।

Published : July 3, 2026 at 3:46 PM IST
নতুন দিল্লী: ই-ৰিক্সা চালকৰ বাবে শেহতীয়াকৈ এটা সমস্যাই দেখা দিয়াৰ অভিযোগ উঠিছে ৷ এই সমস্যা হৈছে চলন্ত অৱস্থাত হঠাৎ ই-ৰিক্সা বন্ধ হৈ পৰাটো ৷ বিশেষ এপ ব্যৱহাৰ কৰি এটা চক্ৰই ই-ৰিক্সাৰ বেটাৰী বন্ধ কৰি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত এতিয়া কঠোৰ হৈছে চৰকাৰ ৷
ই-ৰিক্সা দূৰৈৰ পৰা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা এপ্লিকেচন দুটা আঁতৰাবলৈ গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰক নিৰ্দেশ দিছে তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ে । মেইটিৰ সচিব এছ কৃষ্ণনে কয়, "আমাৰ দৃষ্টিগোচৰ হোৱা দুটা এপ আছে আৰু দুয়োটা এপ প্লে’ ষ্ট’ৰ আৰু এপ ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হৈছে । এপ ষ্ট'ৰসমূহে উপযুক্ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন, যাতে ব্যৱহাৰকাৰীয়ে ক্ষতিকাৰক এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰে ।"
#WATCH | Delhi | On removal of two apps which were being allegedly used to prank e-rickshaws from app stores, S. Krishnan, Secretary, MeiTY, says, "There are a couple of apps which came to our notice yesterday, and both the apps have been taken down from the app stores. App… pic.twitter.com/Es9PikIHjF
— ANI (@ANI) July 3, 2026
ই-ৰিক্সা বন্ধ হোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দিল্লী পৰিবহণ বিভাগে সংশ্লিষ্ট এপসমূহৰ ওপৰত তদন্ত আৰম্ভ কৰে ৷ তাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ এপ ব্যৱহাৰকাৰীয়ে ব্লুটুথ সক্ষম ই-ৰিক্সাৰ বেটাৰী নিষ্ক্ৰিয় কৰি বাহনসমূহ চলাব নোৱৰা কৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
অপব্যৱহাৰ কৰা এপ্লিকেচনসমূহ হৈছে বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা (BMS) এপ, যি কাৰিকৰী বিদ্যাবিদসকলৰ বাবে ডিজাইন কৰা হৈছে ৷ যাতে বেটাৰীৰ প্ৰাচলসমূহ যেনে ভল্টেজ, উষ্ণতা আৰু কাৰেণ্ট নিৰীক্ষণ কৰিব পাৰে । কিন্তু একাংশ যুৱকে ব্লুটুথৰ জৰিয়তে কিছুমান ই-ৰিক্সাৰ পাৱাৰ চাপ্লাই দূৰৈৰ পৰা বন্ধ কৰি এপবোৰ প্ৰেংক হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ।
খবৰ অনুসৰি এই কাৰ্যই কিছুমান কম খৰচী ব্লুটুথ-সক্ষম লিথিয়াম বেটাৰী পেকক প্ৰভাৱিত কৰে, যিবোৰত পাছৱৰ্ড বা প্ৰমাণীকৰণৰ দৰে মৌলিক সুৰক্ষা বৈশিষ্ট্যৰ অভাৱ । ফলত প্ৰায় ১০-১৫ মিটাৰ ব্লুটুথ ৰেঞ্জৰ ভিতৰত যিকোনো ব্যক্তিয়ে বেটাৰী মেনেজমেণ্ট চিষ্টেম (বিএমএছ)ৰ সৈতে সংযোগ কৰি বাহনখন নিষ্ক্ৰিয় কৰিব পাৰে বুলি জানিব পৰা গৈছে । কাৰখানা-সুৰক্ষিত বা মালিকানাধীন বেটাৰী ব্যৱস্থাপ্ৰণালীসমূহ হেকৰ দ্বাৰা প্ৰভাৱিত নহয় ।
ইফালে দিল্লীত চালকৰ বাবে এই ব্যাঘাতৰ অৰ্থ হ’ব পাৰে যাত্ৰী আবদ্ধ হোৱা, আয় হেৰুওৱা, ঘণ্টাৰ পিছত ঘণ্টা অপচয় হোৱা আৰু অপ্ৰয়োজনীয় মেৰামতি । এএনআইৰ সৈতে হোৱা কথা-বতৰাত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আমান ছিদ্দিকীয়ে ই-ৰিক্সাৰ কাম বন্ধ কৰি দিয়া এজন চালকক সহায় কৰাৰ কথা বৰ্ণনা কৰে ।
ছিদ্দিকিয়ে কয়, ‘‘এজন ব্যক্তিয়ে নিজৰ ৰিক্সাখন আন এজনৰ লগত বান্ধি লৈ যোৱা দেখিছিলো । মই সন্দেহ কৰিছিলো যে এই এপটো ইয়াৰ পিছফালে আছে । মই মোৰ বাহনখন পিছফালে আনি মোৰ এপটো ৰিক্সাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিলোঁ । এবাৰ সংযোগ হোৱাত মই তেওঁক ৰ'বলৈ ক'লোঁ আৰু ক'লোঁ যে তেওঁৰ ৰিক্সাখন এতিয়া পুনৰ সক্ৰিয় হ'ব ।"
ছিদ্দিকীৰ মতে, চালকজনে ই-ৰিক্সাখন ভাৰাত লৈছিল আৰু পুৱাৰে পৰা বন্ধ হৈ পৰাৰ বাবে গোটেই দিনটোৰ উপাৰ্জন প্ৰায় ৪০০ৰ পৰা ৫০০ টকা হেৰুৱাইছিল ।
"তেওঁ আচৰিত হ'ল আৰু মোক ক'লে যে তেওঁৰ গোটেই দিনটোৰ উপাৰ্জন হেৰুৱাইছে । ৰিক্সাখন ভাৰাত লৈছিল । ময়ো আৱেগিক হৈ পৰিলোঁ । তেওঁৰ ৰিক্সাখন গোটেই দিনটো একে ঠাইতে আছিল । মানুহে যি কৰি আছে সেয়া ভুল ।" ছিদ্দিকীয়ে কয় ৷
চালকসকলে প্ৰায়ে ব্লুটুথৰ দুৰ্বলতাৰ বিষয়ে অজ্ঞাত আৰু কিছুমান ক্ষেত্ৰত এপৰ জৰিয়তে কেৱল নিষ্ক্ৰিয় কৰা বাহনসমূহ "মেৰামতি" কৰিবলৈ মেকানিকসকলক ধন দিয়াৰ খবৰ আহিছে । এই কাৰ্যই বাহনখনৰ ডিজিটেল ডেচব’ৰ্ডটোও ক্লিয়াৰ কৰিব পাৰে আৰু বেটাৰীৰ ছেটিংছ পুনৰুদ্ধাৰ নোহোৱালৈকে ইয়াক ষ্টাৰ্ট কৰাত বাধা দিব পাৰে ।
এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ব্যৱহাৰকাৰীসকল সমালোচনাৰ সন্মুখীন হয় । দিল্লীৰ ব্যস্ত পথত যাতায়ত ব্যাহত কৰাৰ বাহিৰেও এইধৰণৰ হেকিঙে ই-ৰিক্সাত বহুলভাৱে ব্যৱহৃত বেটাৰী ব্যৱস্থাৰ সুৰক্ষাৰ ওপৰত উদ্বেগ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: লক্ষ্ণৌত আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰ উৎখাত, উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী মহিলা গ্ৰেপ্তাৰ

