গুগলে বন্ধ কৰিব Dark Web Reports বৈশিষ্ট্য; কেতিয়া পৰ্যন্ত ব্যৱহাৰকাৰীয়ে লাভ কৰিব তথ্য আঁতৰোৱাৰ সুযোগ
অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ পৰিব গুগলৰ Dark Web Reports বৈশিষ্ট্য ৷ ইয়াৰ পূৰ্বে ব্যৱহাৰকাৰীয়ে ডিলিট কৰিব পাৰিব ব্যক্তিগত তথ্য ৷

Published : December 16, 2025 at 8:10 PM IST
হায়দৰাবাদ: গুগলে এটা মূল বৈশিষ্ট্য বন্ধ কৰিবলৈ সাজু হৈছে । এইবাৰ কোম্পানীটোৱে Dark Web Reports বৈশিষ্ট্য বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । এই বৈশিষ্ট্য 2023 চনৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য Dark Web ত ফাদিল হোৱাৰ ক্ষেত্ৰত লক্ষ্য ৰখাটো । গুগলে নিশ্চিত কৰিছে যে 2026 চনৰ ফেব্ৰুৱাৰী মাহত এই সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব ।
গুগল Dark Web Reports ৰ বৈশিষ্ট্য কি আছিল ?
ডাৰ্ক ৱেব প্ৰতিবেদনসমূহে ডাৰ্ক ৱেবত ব্যৱহাৰকাৰীসকলৰ ইমেইল, ফোন নম্বৰ আৰু অন্য ব্যক্তিগত বিৱৰণসমূহ স্কেন কৰা বৈশিষ্ট্য প্ৰদান কৰে । যদি কোনো ডাটা ফাদিল হোৱা ধৰা পৰে তেন্তে গুগলে ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী প্ৰেৰণ কৰিব । এই বৈশিষ্ট্য প্ৰথমতে কেৱল গুগল ৱানৰ গ্ৰাহকৰ বাবেহে উপলব্ধ আছিল যদিও 2024 চনত সকলো ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া কৰা হৈছিল ।
এতিয়া গুগলে Dark Web Reports বৈশিষ্ট্য বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । গুগলৰ সমৰ্থন পৃষ্ঠা অনুসৰি 2026 চনৰ 15 জানুৱাৰীৰ পৰা নতুন ডাৰ্ক ৱেব ব্ৰিচ স্কেন বন্ধ হ’ব, আৰু 2026 চনৰ 16 ফেব্ৰুৱাৰীত Dark Web Reports বৈশিষ্ট্য সম্পূৰ্ণৰূপে বন্ধ হৈ যাব । 16 ফেব্ৰুৱাৰীত ব্যৱহাৰকাৰীৰ সকলো তথ্য স্থায়ীভাৱে ডিলিট কৰা হ’ব ।
আপোনাৰ প্ৰফাইল কেনেকৈ ডিলিট কৰিব ?
প্ৰথম পৰ্যায় : Google Account লৈ যাওক
দ্বিতীয় পৰ্যায়: Dark Web Report খোলক
তৃতীয় পৰ্যায় : Edit Monitoring Profile ত ক্লিক কৰক
চতুৰ্থ পৰ্যায়: Delete Monitoring Profile নিৰ্বাচন কৰক
পঞ্চম পৰ্যায়: প্ৰফাইলটো এবাৰ মচি পেলোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে এই বৈশিষ্ট্যত প্ৰৱেশ হেৰুৱাব ।
আঁৰৰ কাৰণ বাখ্যা গুগলৰ
গুগলে এই বৈশিষ্ট্য বন্ধ কৰাৰ কাৰণো বুজাই দিছে । গুগলৰ মতে, ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়াই প্ৰকাশ কৰিছে যে এই বৈশিষ্ট্যই কেৱল তথ্যহে প্ৰদান কৰিছিল যদিও স্পষ্ট আৰু কাৰ্যকৰী পদক্ষেপ প্ৰদান কৰা নাছিল । সেয়েহে কোম্পানীটোৱে এতিয়া এনে সঁজুলিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিয়ে ব্যৱহাৰকাৰীসকলক তথ্য সুৰক্ষাৰ বাবে স্পষ্ট আৰু ব্যৱহাৰিক নিৰ্দেশনা প্ৰদান কৰে ।
গুগলৰ পৰামৰ্শ
এই বৈশিষ্ট্য বন্ধ কৰাৰ উপৰিও গুগলে কিছুমান নতুন সঁজুলি ব্যৱহাৰ কৰাৰ পৰামৰ্শও দিছে । তলত গুগলে ব্যৱহাৰকাৰীসকলক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া সুৰক্ষা সঁজুলিসমূহৰ তালিকা দিয়া হ’ল:
- Security Checkup
- Google Password Manager
- Passkey
- Results about you বৈশিষ্ট্য
Results about you বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক Google চাৰ্ছৰ পৰা ব্যক্তিগত তথ্য, যেনে তেওঁলোকৰ ফোন নম্বৰ আৰু ঠিকনা আঁতৰোৱাৰ অনুৰোধ কৰিবলৈ অনুমতি দিয়ে ।
লগতে পঢ়ক

