ETV Bharat / technology

গুগলে মুকলি কৰিলে UCP; পূৰ্বতকৈ সহজ হ’ব অনলাইন শ্বপিং

গুগলে আৰম্ভ কৰিলে UCP যাৰ ফলত প্ৰত্যক্ষ বজাৰ কৰা, সহজ পেমেণ্ট আৰু এআই মোডত উন্নত কাষ্টমাইজড অনলাইন শ্বপিঙৰ পথ মুকলি হ’ল ।

google-launches-universal-commerce-protocol-to-enable-direct-shopping-via-search-and-ai
গুগলে Shopify , Wayfair, Target আৰু Walmart ৰ দৰে ডাঙৰ কোম্পানীসমূহৰ সহযোগত UCP বিকশিত কৰিছে (Google)
author img

By ETV Bharat Tech Team

Published : January 12, 2026 at 5:19 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অনলাইন শ্বপিং চলোৱাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰিবলৈ সাজু হৈছে টেক জায়াণ্ট গুগলে । কোম্পানীটোৱে নতুন এআই শ্বপিং টুল প্ৰৱৰ্তন কৰিছে যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে গুগল চাৰ্চৰ জৰিয়তে পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰিব । ইয়াৰ বাবে গুগলে ইউনিভাৰ্চেল কমাৰ্চ প্ৰট’কল (UCP) আৰম্ভ কৰিছে । এইটো এটা মুক্ত ব্যৱস্থা যিয়ে সমগ্ৰ বজাৰ প্ৰক্ৰিয়া পছন্দৰ সামগ্ৰী আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি পেমেণ্ট, ডেলিভাৰী আৰু পৰৱৰ্তী গ্ৰাহক সমৰ্থন পৰ্যন্ত সৰল কৰিব তুলিব ।

গুগলে প্ৰকাশ কৰা এটা ব্লগ পোষ্ট অনুসৰি, কোম্পানীটোৱে Shopify , Wayfair, Target আৰু Walmart ৰ দৰে ডাঙৰ কোম্পানীসমূহৰ সহযোগত UCP বিকশিত কৰিছিল । এই প্ৰট’কলৰ লক্ষ্য হৈছে ডিজিটেল এজেণ্ট, ব্যৱসায় আৰু পেমেণ্ট কোম্পানীসমূহক একক প্লেটফৰ্মত সংযোগ কৰা । UCP ক বিভিন্ন উদ্যোগত কাম কৰিবলৈ ডিজাইন কৰা হৈছে আৰু এজেণ্ট 2 এজেণ্ট, এজেণ্ট পেমেণ্টছ প্ৰটোকল আৰু মডেল প্ৰসংগ প্ৰট'কলৰ দৰে বৰ্তমানৰ প্ৰযুক্তিসমূহো সমৰ্থিত ।

গুগল পে’ৰ জৰিয়তে ধন পৰিশোধ কৰা হ’ব

কোম্পানীটোৰ মতে, মুকলিৰ লগে লগে UCP য়ে গুগল চাৰ্চৰ এআই মোড আৰু জেমিনি এপত নতুন চেকআউট বৈশিষ্ট্য প্ৰৱৰ্তন কৰিব । ইয়াৰ ফলত আমেৰিকাত থকা ব্যৱহাৰকাৰীসকলে গুগলৰ প্ৰডাক্ট লিষ্টিঙৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব । গুগল পে ব্যৱহাৰ কৰি পেমেণ্ট কৰা হ’ব আৰু গুগল ৱালেটত সংৰক্ষণ কৰা পেমেণ্ট আৰু শিপিংৰ বিৱৰণ স্বয়ংক্ৰিয়ভাৱে যোগ কৰা হ’ব । আগন্তুক সময়ত পেপ’লৰ পেমেণ্ট অপচন সংযোজন কৰা হ’ব বুলিও গুগলে ঘোষণা কৰিছে ।

google-launches-universal-commerce-protocol-to-enable-direct-shopping-via-search-and-ai
গুগলে মুকলি কৰিলে UCP; পূৰ্বতকৈ সহজ হ’ব অনলাইন শ্বপিং (Google)

গুগলে ক্ৰমান্বয়ে UCP আন দেশলৈ সম্প্ৰসাৰণ কৰাৰ লগতে অধিক খুচুৰা বিক্ৰেতা যোগ কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ উপৰিও ই আনুগত্য পুৰস্কাৰ, প্ৰডাক্টৰ পৰামৰ্শ, আৰু ব্যৱহাৰকাৰীৰ পছন্দৰ ওপৰত ভিত্তি কৰি এটা কাষ্টমাইজড শ্বপিং অভিজ্ঞতাৰ দৰে বৈশিষ্ট্যও যোগ কৰিব । ইয়াৰ উপৰিও গুগলে নতুন বিজনেছ এজেণ্ট মুকলি কৰিছে, যিয়ে ভাৰ্চুৱেল বিক্ৰী সহায়ক হিচাপে কাম কৰিব । প্ৰথম অৱস্থাত ল’ৱেজ, মাইকেলছ, পছমাৰ্ক, ৰিবকৰ দৰে কোম্পানীত উপলব্ধ হ’ব ।

গুগলে এআই মোডত বিজ্ঞাপন পৰীক্ষা অব্যাহত ৰাখিব বুলিও নিশ্চিত কৰিছে ৷ ডাইৰেক্ট অফাৰ নামৰ এটা নতুন বৈশিষ্ট্য মুকলি কৰা হৈছে, যাৰ ফলত ব্ৰেণ্ডসমূহে নিজৰ বিশেষ অফাৰসমূহ ক্ৰয় কৰিবলৈ সাজু হোৱা ব্যৱহাৰকাৰীসকলক পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব পাৰিব । এই পাইলট প্ৰগ্ৰেমত অংশগ্ৰহণ কৰা ব্যৱসায়ীসকলৰ ভিতৰত আছে Petco, elf Cosmetics, Samsonite আৰু Shopify ।

লগতে পঢ়ক