দেশৰ স্বাস্থ্য, কৃষি আৰু শিক্ষাৰ উন্নয়নৰ বাবে গুগলে আগবঢ়ালে 8 মিলিয়ন ডলাৰ
গুগলে ভাৰতৰ স্বাস্থ্য, কৃষি,শিক্ষা আৰু বহনক্ষম চহৰৰ AI কেন্দ্ৰৰ বাবে 8 মিলিয়ন ডলাৰ আগবঢ়াইছে ৷ AI গৱেষণা, স্বাস্থ্যসেৱা আৰু স্থানীয় ভাষাক অধিক গুৰুত্ব প্ৰদান কৰিছে।

Published : December 16, 2025 at 8:59 PM IST
হায়দৰাবাদ: গুগলে বিশ্বৰ লগতে ভাৰততো কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ উন্নতিৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । 16 ডিচেম্বৰ মঙলবাৰে গুগলে ভাৰতৰ চাৰিটা এআই চেণ্টাৰ অৱ এক্সেলেন্সৰ বাবে 80 লাখ ডলাৰৰ পুঁজিৰ কথা ঘোষণা কৰে । নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এ আই ইমপেক্ট ছামিট 2026 ৰ সময়ত গুগলে লেব টু ইমপেক্ট আলোচনাৰ সময়ত এই নতুন পুঁজিৰ কথা ঘোষণা কৰে।
এই পুঁজিৰ উদ্দেশ্য হৈছে গৱেষণা, জনসেৱা আৰু বাস্তৱ জীৱনৰ সমস্যাৰ বাবে এআই সমাধান বিকশিত কৰা । গুগলে নিৰ্বাচিত কৰা চাৰিটা এআই চেণ্টাৰে বিভিন্ন খণ্ডত কাম কৰিব ।
এই উপলক্ষে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰে যে ভাৰতে এআইক কেৱল টেক ট্ৰেণ্ড হিচাপেই নহয়, বৰঞ্চ কৌশলগত ৰাষ্ট্ৰীয় সামৰ্থ হিচাপেহে লয় । তেওঁ ব্যাখ্যা কৰে যে এই চাৰিটা এআই চেণ্টাৰ অৱ এক্সেলেন্সে দায়িত্বশীল এআই, মৌলিক গৱেষণা আৰু ৰাজহুৱা উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাধান বিকশিত কৰি সমন্বিত ৰাষ্ট্ৰীয় গৱেষণা অভিযান হিচাপে কাম কৰিব । তেওঁৰ এই বক্তব্য বিকাশিত ভাৰত 2047 ৰ দৃষ্টিভংগীৰ সৈতে জড়িত ।
Glad to be at the @Google program, a convergence of technology, talent and national purpose for boosting India’s AI capabilities and creating an AI-ready generation in India.
— Dharmendra Pradhan (@dpradhanbjp) December 16, 2025
Appreciate Google for their collaborations with our 4 AI COEs and the investment of USD 8 million to… pic.twitter.com/kgAU3OwnkG
| কেন্দ্ৰৰ নাম | প্ৰতিষ্ঠান | গুৰুত্ব প্ৰদান কৰিছে |
| TANUH | IISc বেংগালুৰু | অসংক্ৰামক ৰোগ (Non-communicable diseases) |
| Airawat Research Foundation | IIT কানপুৰ | চহৰীয়া (Urban governance) |
| AI Centre of Excellence for Education | IIT মাদ্ৰাজ | শিক্ষা (Education) |
| ANNAM.AI | IIT ৰ’পাৰ | কৃষি আৰু কৃষক কল্যাণ (Agriculture & farmer welfare) |
ভাৰতীয় ভাষা আৰু স্বাস্থ্যসেৱাৰ ওপৰত বিশেষ গুৰুত্ব
গুগলে আই আই টি বম্বেত নতুন গৱেষণা কেন্দ্ৰ আৰম্ভ কৰিবলৈ 20 লাখ ডলাৰ (প্ৰায় 17 কোটি ) প্ৰাৰম্ভিক পুঁজি আগবঢ়াব । ‘ইণ্ডিক লেংগুৱেজ টেকন’লজিছ ৰিচাৰ্চ হাব’ নামৰ এই হাবটোৱে ভাৰতীয় ভাষা (যেনে হিন্দী, তামিল, তেলেগু আদি)ৰ বাবে এআই প্ৰযুক্তিৰ উন্নতি সাধন কৰিব । ইয়াৰ ফলত গুগলৰ সঁজুলিসমূহে ভাৰতীয় ভাষাত ভালদৰে কাম কৰিব ।
স্বাস্থ্যসেৱা খণ্ডত গুগলে মেডজেমা মডেলৰ জৰিয়তে 4 লাখ ডলাৰৰ পুঁজিৰ কথা ঘোষণা কৰিছে । এই পদক্ষেপৰ অধীনত অজনা লেন্স আৰু এইমছে যৌথভাৱে ভাৰত-নিৰ্দিষ্ট ব্যৱহাৰৰ ক্ষেত্ৰত যেনে ছালৰ ৰোগ আৰু ৰোগীৰ মূল্যায়নৰ বাবে এআই মডেল প্ৰস্তুত কৰিব । আই আই এছ চিৰ গৱেষকসকলে বহল ক্লিনিকেল প্ৰয়োগৰ ওপৰত কাম কৰিব । গুগলৰ মতে, এই মডেলসমূহৰ ফলাফল ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অংশ হৈ পৰিব । ইয়াৰ উপৰিও গুগলে ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে কাম কৰি চিকিৎসালয়সমূহৰ ওপৰত নথিপত্ৰৰ বোজা হ্ৰাস কৰিবলৈ অগাঁথনিহীন চিকিৎসা ৰেকৰ্ডসমূহক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈ ৰূপান্তৰিত কৰিছে ।
ষ্টাৰ্টআপ আৰু ভৱিষ্যত পৰিকল্পনা
গুগলে ভাৰতীয় ভাষাৰ কণ্ঠ আৰু শাসন ভিত্তিক এআই মডেল বিকশিত কৰি থকা Gnani.AI আৰু CoRover.AI লৈও 50,000 ডলাৰৰ পুঁজিৰ কথা ঘোষণা কৰিছে । ভাৰতকেন্দ্ৰিক ট্ৰেইট ডাটাবেছ প্ৰস্তুত কৰিবলৈ আই আই টি বম্বেয়ে সুকীয়াকৈ 50 হাজাৰ ডলাৰ লাভ কৰিব । ৱাধৱনী এআইয়ে স্বাস্থ্য আৰু কৃষিৰ বাবে বহুভাষিক এআই এপ্লিকেচন বিকশিত কৰাৰ বাবেও 45 লাখ ডলাৰ লাভ কৰিব ।
গুগলৰ এই সকলোবোৰ ঘোষণাই ভাৰতৰ এআই প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতি আৰু ভৱিষ্যতে বিশ্বব্যাপী টেক লিডাৰ হোৱাৰ সম্ভাৱনা প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে গুগলে 2025 চনৰ অক্টোবৰ মাহত অন্ধ্ৰ প্ৰদেশৰ এআই ডাটা চেণ্টাৰৰ বাবে 15 বিলিয়ন ডলাৰৰ বিনিয়োগৰ কথা ঘোষণা কৰিছিল ।
গুগলৰ উপৰিও মাইক্ৰ’ছফ্টৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সত্য নাডেলাই শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰি ভাৰতত 17.5 বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ কথা ঘোষণা কৰে, যিটো এছিয়াত মাইক্ৰ’ছফ্টৰ সৰ্ববৃহৎ বিনিয়োগ । এই বিনিয়োগৰ লক্ষ্য হৈছে ভাৰতৰ এ আই আৰু ক্লাউড আন্তঃগাঁথনি শক্তিশালী কৰা ।
লগতে পঢ়ক
ভাৰতত মুকলি হ’ল Google AI Plus; 199 টকাতেই উপলব্ধ হ’ব Gemini 3 Pro আৰু 200GB ক্লাউড ষ্ট’ৰেজ

