Strawberry Moon, Snow Moon... 2026 বৰ্ষত দেখিবলৈ পোৱা যাব এইকেইটা ফুল মুন
2026 বৰ্ষত বিশ্বই 13 টাকৈ পূৰ্ণিমাৰ সাক্ষী হ’ব । এই সন্দৰ্ভত বিতংকৈ জানো আহক বিস্তৃত প্ৰতিবেদনযোগে ---

Published : January 6, 2026 at 11:39 AM IST
হায়দৰাবাদ: পূৰ্ণিমা - আমাৰ বাবে এই নামটো অতি পৰিচিত ৷ বিশেষকৈ ভাৰতীয় হিন্দু সমাজত এই পূৰ্ণিমাক কেন্দ্ৰ কৰি বহু লোকবিশ্বাস, ৰীতি-নীতি গঢ়ি উঠা দেখা গৈছে । পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰতি বছৰে এবাৰতকৈ অধিক পূৰ্ণিমা তিথিৰ সাক্ষী হয় । জ্যোতিৰ্বিজ্ঞানীসকলে জনাইছে যে 2026 বৰ্ষত বিশ্বই 13 টাকৈ পূৰ্ণিমাৰ সাক্ষী হ’ব । এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে 3 জানুৱাৰীৰ দিনা দেখিবলৈ পোৱা গৈছিল এটা ফুল মুন যাৰ নাম আছিল Wolf Moon । জানুৱাৰী মাহৰ প্ৰচণ্ড ঠাণ্ডাৰ বাবে মূলতঃ ইউৰোপ আৰু আমেৰিকাৰ গ্ৰাম্য অঞ্চলত পহুৰ মাত শুনিবলৈ পোৱা যায় । সেইবাবেই 3 জানুৱাৰীৰ পূৰ্ণিমাক নামকৰণ কৰা হৈছে Wolf Moon নামেৰে । নাছাই প্ৰদান কৰা তথ্য অনুসৰি ই এটা ছুপাৰ মুন । কাৰণ এই সময়ত চন্দ্ৰ তুলনামূলকভাৱে অলপ ডাঙৰ আৰু উজ্জ্বল দেখা যায় । বাকী মুনকেইটা এটা নীলা চন্দ্ৰ, এটা ৰক্ত চন্দ্ৰ, তিনিটা ছুপাৰমুন আৰু দুটা চন্দ্ৰ গ্ৰহণ । এই সন্দৰ্ভত বিতং তথ্য জানি লওঁক এই প্ৰতিবেদনযোগে ---
1 ফেব্ৰুৱাৰী
2026 চনৰ দ্বিতীয়টো পূৰ্ণিমা চন্দ্ৰ । যাক Snow Moon বুলিও জনা যায় । এই সময়ছোৱাত আমেৰিকাৰ বিভিন্ন ঠাইত প্ৰচণ্ড বৰফ পৰে । ইয়াৰ লগতে বহু অঞ্চলত বৰফৰ ধুমুহাও দেখা যায় । সেইবাবেই ফেব্ৰুৱাৰী মাহৰ পূৰ্ণিমাক তুষাৰ চন্দ্ৰ নামেৰে নামাকৰণ কৰা হৈছে । হিন্দু পঞ্জিকা অনুসৰি এই দিনটোক মাঘ পূৰ্ণিমা বুলি কোৱা হয় । হিন্দুসকলৰ বাবে সেই দিনটো অতি পবিত্ৰ বুলি গণ্য কৰা হয় ।
3 মাৰ্চ
এই সময়ত বিজ্ঞানীসকলে পুনৰ পূৰ্ণিমা হ’ব বুলি ঘোষণা কৰিছে । যাৰ নাম ৰখা হৈছে Worm Moon । কাৰণ এই সময়ৰ পৰাই শীতকাল শেষ হৈ ক্ৰমান্বয়ে সূৰ্যৰ তাপ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । হিন্দু পঞ্জিকা অনুসৰি এই দিনটোক ফাগুন পূৰ্ণিমা বুলিও কোৱা হয় । দক্ষিণ ভাৰতৰ ৰাজ্য প্ৰধানকৈ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত এই দিনটোক কাম দাহন বুলি কোৱা হয় । উত্তৰ ভাৰতত, যিটো হোলিকা দাহন নামেৰে জনাজাত ।
2 এপ্ৰিল
চলিত বৰ্ষৰ এপ্ৰিল মাহত সমগ্ৰ বিশ্ব পূৰ্ণিমাৰ চন্দ্ৰৰ সাক্ষী হ’ব । যাক আক্ষৰিক অৰ্থত গোলাপী চন্দ্ৰ বুলি কোৱা হয়। এই সময়ৰ পৰাই গছত নতুন পাত গজে । আমেৰিকাৰ বিভিন্ন পাহাৰীয়া অঞ্চল গোলাপী ফুলেৰে আবৃত আৰু সেইবাবেই এই পূৰ্ণিমা বা সম্পূৰ্ণ চন্দ্ৰক গোলাপী চন্দ্ৰ নামেৰে নামাকৰণ কৰা হৈছে । ভাৰতত এই পূৰ্ণিমা চন্দ্ৰক চ’ত পূৰ্ণিমা বুলি কোৱা হয় । হিন্দু পঞ্জিকা অনুসৰি এয়া প্ৰথমটো পূৰ্ণিমা ।
1 মে’
এই দিনটো 2026 চনৰ পঞ্চমটো পূৰ্ণিমা । এই সময়ত আমেৰিকাৰ গ্ৰেট লেকছ অঞ্চলত বহুত ফুল ফুলে আৰু সেইবাবেই এই পূৰ্ণিমাক ফুল চন্দ্ৰ নামেৰে নামাকৰণ কৰা হৈছে । হিন্দু পঞ্জিকা অনুসৰি এই দিনটো বৌদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয় । সেই দিনটোত গৌতম বুদ্ধৰ জন্ম হৈছিল ।
31 মে'
মে' মাহত পুনৰ পূৰ্ণিমা বা ফুল মুন । একে মাহতে দ্বিতীয়বাৰৰ বাবে পূৰ্ণিমাৰ দিন । যাক নীলা চন্দ্ৰ বুলিও কোৱা হয় ।
29 জুন
এই দিনটোত যি পূৰ্ণিমা চন্দ্ৰ থাকে তাৰ নাম ষ্ট্ৰবেৰী মুন । এই পূৰ্ণিমা 29 জুনত দেখা যাব । এই সময়ত কানাডা, আলাস্কাকে ধৰি 48 টা অঞ্চলত ষ্ট্ৰ’বেৰী চপোৱা হয় । সেইবাবেই এই পূৰ্ণিমাক ষ্ট্ৰ’বেৰী চন্দ্ৰ বুলি কোৱা হয় ।
29 জুলাই
গ্ৰীষ্মকালত দেখিবলৈ পোৱা এইটো দ্বিতীয় পূৰ্ণিমা । বহুতে ইয়াক চলমন মুন বুলিও কয় । হিন্দু পঞ্জিকা অনুসৰি এই পূৰ্ণিমা দিনটোত গুৰু পূৰ্ণিমা পালন কৰা হয় ।
28 আগষ্ট
এই দিনটোত বিশ্বই ফুল মুনৰ সাক্ষী হ’ব । যাক ষ্টাৰজিন মুন বুলি কোৱা হয় । এই পূৰ্ণিমা চন্দ্ৰৰ নাম ষ্টাৰজিন হ্ৰদৰ নামেৰে ষ্টাৰজিন মুন ৰখা হৈছে । হিন্দু পঞ্জিকা অনুসৰি এই পূৰ্ণিমা চন্দ্ৰক শ্ৰৱণ পূৰ্ণিমা বুলি কোৱা হয় । এই দিনটোত বহুতে উপবাসে থাকে ৷
26 ছেপ্টেম্বৰ
এই দিনটোত দেখিবলৈ পোৱা ফুল মুন হাৰ্ভেষ্ট মুন বুলিও কোৱা হয় । কাৰণ সেই সময়ত আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ কৃষকে ৰাতিও বিভিন্ন পথাৰত কাম কৰে । তেওঁলোকৰ লক্ষ্য হৈছে শীতকাল আৰম্ভ হোৱাৰ আগতেই কৃষি কাম সম্পূৰ্ণ কৰা । হিন্দু পঞ্জিকা অনুসৰি এই পূৰ্ণিমাক ভদ্ৰ পূৰ্ণিমা বুলিও কোৱা হয় ।
26 অক্টোবৰ
এই পূৰ্ণিমা চন্দ্ৰক হাণ্টাৰ মুন বুলি কোৱা হয় । কাৰণ এই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চিকাৰীয়ে ৰাতি চিকাৰ কৰিবলৈ ওলাই যায় । একেলগে চিকাৰ কৰি পিছদিনাৰ বাবে খাদ্য জমা কৰি ৰাখে । এই পূৰ্ণিমা সময়ত কেইবাটাও ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয় ।
24 নৱেম্বৰ
আজিৰ দিনটোত ছুপাৰমুন হ’ব বুলি বিজ্ঞানীসকলে জনাইছে । যিটো এই বছৰৰ দ্বিতীয়টো ছুপাৰমুন । এই সময়ত উত্তৰ আমেৰিকাৰ এদল লোকে শীতকালৰ বাবে খাদ্য সংগ্ৰহৰ বাবে কঠোৰ পৰিশ্ৰম কৰে । ইহঁতক বিভাৰ বোলা হয় । তেওঁলোকৰ নাম অনুযায়ী এই পূৰ্ণিমাক বিভাৰ বা বিভাৰ পূৰ্ণিমা বুলিও কোৱা হয় । হিন্দু পঞ্জিকা অনুসৰি ইয়াক কাৰ্তিক পূৰ্ণিমা বুলিও কোৱা হয় ।
24 ডিচেম্বৰ
ইয়াক শীতল চন্দ্ৰ বুলিও কোৱা হয় । কাৰণ এই সময়ত আমেৰিকাত বৰ ঠাণ্ডা । সেইবাবেই ইয়াক কল্ড ছুপাৰমুন বুলিও কোৱা হয় । উত্তৰ ভাৰতৰ হিন্দুসকলেও এই দিনটো মাৰ্গশীৰ্ষ পূৰ্ণিমা হিচাপে পালন কৰে ।
লগতে পঢ়ক

