ETV Bharat / technology

ফেচবুকৰ নতুন বৈশিষ্ট্য: AI ৰ সহায়ত ফেচবুকে সৃষ্টি কৰিব পুৰণি ফটোৰ সৈতে ক’লাজ আৰু ভিডিঅ’

ফেচবুকে ব্যৱহাৰকাৰীৰ কেমেৰা ৰোলত এটা নতুন স্মাৰ্ট ফিচাৰ মুকলি কৰিছে, যিটোৱে কাম কৰিব কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত । বিতংকৈ জানক ---

facebook-new-ai-feature-automatically-turns-your-memories-into-fun-collages-and-videos
ফেচবুকৰ নতুন বৈশিষ্ট্য: কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফেচবুকে সৃষ্টি কৰিব পুৰণি ফটোৰ সৈতে ক’লাজ আৰু ভিডিঅ’ (Meta)
author img

By ETV Bharat Tech Team

Published : October 18, 2025 at 2:54 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মেটাই ফেচবুকত মুকলি কৰিছে AI-powered এটা নতুন ফিচাৰ যিয়ে আপোনাৰ পুৰণি ফটো আৰু ভিডিঅ’ক পুনৰ বিশেষ কৰি তুলিব । এই বৈশিষ্ট্যই আপোনাৰ কেমেৰা ৰোলৰ পৰা আপোনাৰ শ্ৰেষ্ঠ মুহূৰ্তসমূহ স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচন কৰিব আৰু ক’লাজ, ভিডিঅ' বা আকৰ্ষণীয়ভাৱে এডিটিং কৰি সৃষ্টি কৰিব যিবোৰ আপুনি সহজেই ফেচবুক বা মেচেঞ্জাৰত শ্বেয়াৰ কৰিব পাৰিব ।

ইয়াৰ লক্ষ্য হৈছে মানুহক তেওঁলোকৰ স্মৃতিৰ সৈতে সংযোগ কৰা, কিয়নো দৈনন্দিন জীৱনৰ ব্যস্ততাত বহুতে ফটো ক্লিক কৰে যদিও শ্বেয়াৰ কৰাত ব্যৰ্থ হয় । কেতিয়াবা, তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ ছবিবোৰ শ্বেয়াৰ কৰাৰ যোগ্য নহয় বা শ্বেয়াৰ কৰাৰ আগতে সম্পাদনা কৰিব লাগিব, যাৰ বাবে তেওঁলোকৰ সময় নাথাকে ।

এই বৈশিষ্ট্যৰ বিশেষত্ব

  • এই বৈশিষ্ট্য সম্পূৰ্ণৰূপে বৈকল্পিক, অৰ্থাৎ আপুনি ইয়াক ব্যৱহাৰ কৰিব বা নকৰিব নিজে ঠিক কৰিব পাৰে ।
  • এই বৈশিষ্ট্য সক্ষম কৰিবলৈ ফেচবুকে আপোনাৰ অনুমতি সাপেক্ষে আপোনাৰ কেমেৰা ৰোল স্কেন কৰে আৰু AI ব্যৱহাৰ কৰি নিৰ্দিষ্ট ফটো বিচাৰি উলিয়ায় যিবোৰ প্ৰায়ে স্ক্ৰীণশ্বট বা ৰেণ্ডম ছবিৰ মাজত হেৰাই যায় ।
  • এই বৈশিষ্ট্যৰ AI ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে ফটো সম্পাদনা কৰে, যেনে জন্মদিনৰ মুহূৰ্ত বা ভ্ৰমণৰ শ্বট, সৃষ্টিশীল ৰূপ সৃষ্টি কৰিবলৈ ।
  • ইচ্ছা কৰিলে এই ক’লাজ বা ভিডিঅ’বোৰ চেভ কৰিব পাৰে বা আনকি শ্বেয়াৰ কৰিব পাৰে ।
  • ইয়াৰ বাবে কোনো ধৰণৰ ডিজাইন বা সম্পাদনা দক্ষতাৰ প্ৰয়োজন নাই । এআইয়ে সকলো কাম স্বয়ংক্ৰিয়ভাৱে কৰে ।

গোপনীয়তাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ

Meta এ স্পষ্টভাৱে উল্লেখ কৰিছে যে ব্যৱহাৰকাৰী মাধ্যম AI প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা নহ'ব যদিহে আপুনি Meta AI সঁজুলিসমূহ ব্যৱহাৰ কৰি নিজে সম্পাদনা বা অংশীদাৰী নকৰে । সকলো পৰামৰ্শ ব্যক্তিগত হৈ থাকে আৰু আপুনি কি, কেতিয়া আৰু কাৰ লগত শ্বেয়াৰ কৰিব সেইটো সিদ্ধান্ত ল’ব পাৰে । তদুপৰি ব্যৱহাৰকাৰীয়ে নিজৰ ফেচবুক কেমেৰা ৰোল ছেটিংছৰ জৰিয়তে যিকোনো সময়তে এইটো বন্ধ কৰিব পাৰে ।

ক’ত ক’ত উপলব্ধ ?

বৰ্তমান মেটাই এই বৈশিষ্ট্য আমেৰিকা আৰু কানাডাত মুকলি কৰিছে । এই দুখন দেশৰ ফেচবুক ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ Stories আৰু Feed ত পৰামৰ্শ শ্বেয়াৰ কৰা দেখিছে, আনহাতে সৃষ্টি কৰা বিষয়বস্তুও ‘Memories’ শিতানত সংৰক্ষণ কৰা হৈছে । Meta’s blog post ৰ মতে , ফেচবুকে অতি সোনকালে এই নতুন বৈশিষ্ট্য আন দেশত পৰীক্ষা কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক