সফলতাৰে সম্পন্ন ভাৰতৰ হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰৰ গুৰুত্বপূৰ্ণ পৰীক্ষা
হায়দৰাবাদস্থিত ডিআৰডিঅ'ৰ পৰীক্ষাগাৰত কৰা হয় হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰৰ স্ক্ৰেমজেট কোমবাষ্টৰৰ দীৰ্ঘকালীন পৰীক্ষা ।

Published : May 10, 2026 at 2:52 PM IST
নতুন দিল্লী : ভাৰতৰ হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ সফলতা । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ই শনিবাৰে সক্ৰিয়ভাৱে শীতল কৰিব পৰা পূৰ্ণাংগ স্ক্ৰেমজেট কোমবাষ্টৰৰ দীৰ্ঘ সময়ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে সক্ৰিয়ভাৱে শীতল কৰিব পৰা পূৰ্ণাংগ স্ক্ৰেমজেট কোমবাষ্টৰৰ বিস্তৃত দীৰ্ঘকালীন পৰীক্ষাই ভাৰতক উন্নত মহাকাশ ক্ষমতাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিছে । যিকোনো হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ বাবে এই প্ৰযুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কাৰণ সক্ৰিয় শীতল কৰিব পৰা ব্যৱস্থাই এই ক্ষেপণাস্ত্ৰক অবিশ্বাস্য গতিৰে শ শ মাইল যাত্ৰা কৰাত সহায় কৰে ।
মন্ত্ৰালয়ৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি হায়দৰাবাদস্থিত ডিআৰডিএলত কৰা এই পৰীক্ষাই ১২০০ ছেকেণ্ডতকৈ অধিক (২০ মিনিট) ধৰি অবিৰত হাইপাৰছ'নিক ক্ৰুজ ক্ষেপণাস্ত্ৰৰ বাবে প্ৰয়োজনীয় অতি তাপীয় বোজা বহন কৰাৰ ইঞ্জিনৰ ক্ষমতাক স্বীকৃতি প্ৰদান কৰে । মন্ত্ৰালয়ে জনোৱা মতে ডিআৰডিএলয়ে এই পৰীক্ষা সফলতাৰে সম্পন্ন কৰি হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰৰ বিকাশৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি অৰ্জন কৰিছে ।
বিবৃতিত কোৱা হৈছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৭০০ ছেকেণ্ডতকৈ অধিক সময়ৰ সফল পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৯ মে'ত হায়দৰাবাদৰ অত্যাধুনিক স্ক্ৰেমজেট কানেক্ট পাইপ টেষ্ট (এছচিপিটি) কেন্দ্ৰত ১২০০ ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে এই পৰীক্ষা চলোৱা হয় । ডিআৰডিএল হৈছে ডিআৰডিঅ'ৰ এক প্ৰিমিয়াৰ পৰীক্ষাগাৰ ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্ক্ৰেমজেট ইঞ্জিনৰ সফল গ্ৰাউণ্ড টেষ্টৰ বাবে ডিআৰডিঅ', উদ্যোগৰ অংশীদাৰ আৰু শিক্ষানুষ্ঠানক প্ৰশংসা কৰে । তেওঁ এই কৃতিত্বক দেশৰ হাইপাৰছ'নিক ক্ৰুজ ক্ষেপণাস্ত্ৰ উন্নয়ন কাৰ্যসূচীৰ বাবে এক শক্তিশালী ভেটি বুলি অভিহিত কৰে । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই সফল পৰীক্ষাই ভাৰতক উন্নত মহাকাশ সামৰ্থ্য আৰু অবিৰতভাৱে উদীয়মান যুদ্ধ প্ৰযুক্তিৰ ক্ষেত্ৰত আগ স্থান দিছে ।
লগতে পঢ়ক :
অত্যাধুনিক অগ্নি মিছাইল সফলতাৰে উৎক্ষেপণ ডিআৰডিঅ'ৰ,চিন্তিত পাকিস্তান-চীন

