ETV Bharat / technology

ধেমাজিৰ বিজ্ঞানী তথা উদ্ভাৱক নৱজিৎ ভৰালীক আন্তৰ্জাতিক উদ্ভাৱন বঁটা প্ৰদান

সোণালী সূতা কটা যন্ত্ৰ উদ্ভাৱনৰ বাবে পৰিচিত ITBP Awards 2026 আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যুৱ উদ্ভাৱক ধেমাজিৰ নৱজিৎ ভৰালীয়ে ৷

Dhemaji Scientist and inventor Navajit Bharali Wins International Innovation Award 2026
ধেমাজিৰ বিজ্ঞানী তথা উদ্ভাৱক নৱজিৎ ভৰালীক আন্তৰ্জাতিক উদ্ভাৱন বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 2:55 PM IST

3 Min Read
Choose ETV Bharat

ধেমাজি : বিশ্বৰ বুকুত পুনৰ জিলিকি উঠিল অসমৰ গৌৰৱ মুগা শিল্প । পেৰিছত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুগা সূতা কটা যন্ত্ৰ উদ্ভাৱন কৰাৰ বাবে ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ এগৰাকী যুৱ উদ্ভাৱক এক বিশেষ বঁটা প্ৰদান কৰা হয় ৷ ৷

Innovation Team Best Practices চমুকৈ ITBP Awards 2026 অনুষ্ঠানত সূতা স্পিনিং আৰু ৰিলিং মেচিন (Silk Spinning cum Reeling Machine) উদ্ভাৱন কৰাৰ বাবে যুৱ উদ্ভাৱক নৱজিৎ ভৰালীক এই বঁটা প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানটো 3 ৰ পৰা 6 জুন, 2026 লৈকে অনুষ্ঠিত হৈছিল ।

ধেমাজিৰ বিজ্ঞানী তথা উদ্ভাৱক নৱজিৎ ভৰালীক আন্তৰ্জাতিক উদ্ভাৱন বঁটা প্ৰদান (ETV Bharat Assam)

উল্লেখ্য যে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত মুগা শিল্পৰ বিকাশৰ বাবে “মিছন চেনেহ জৰী“ আৰম্ভ কৰিছে ৷ এনে সময়তে ফ্ৰান্সৰ পেৰিছত European Institute for Creative Strategies and Innovation আৰু Club De paris, Des Directeurs De L'innovation-এ যুটীয়াভাৱে Maison de l’Océan ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ITBP Awards 2026 অনুষ্ঠানত নৱজিতে এই বঁটা লাভ কৰে ৷

এই বঁটা লাভ কৰি আৱেগিক হৈ পৰে যুৱ উদ্ভাৱক নৱজিৎ ভৰালী ৷ বঁটা গ্ৰহণৰ সময়ত নৱজিতে অসমৰ মুগা সূতা, মালবাৰী সূতা আৰু এৰী সূতাৰ গৌৰৱময় পৰিচয় দাঙি ধৰে ৷ লগতে পেৰিছৰ মঞ্চত তেওঁ উদ্ভাৱন কৰা যন্ত্ৰ প্ৰদৰ্শন কৰে ৷ ইয়াৰ জৰিয়তে বহু দেশৰ প্ৰতিনিধিয়ে প্ৰথমবাৰ বাবে অসমৰ তিনিবিধ সূতাৰ বিষয়ে অৱগত হয় ৷

Dhemaji Scientist and inventor Navajit Bharali Wins International Innovation Award 2026
নৱজিৎ ভৰালীয়ে উদ্ভাৱন কৰা যন্ত্ৰ (ETV Bharat Assam)

পেৰিছত এই বঁটা লাভ কৰাৰ পাছতে শনিবাৰে যুৱ উদ্ভাৱকগৰাকী ধেমাজি জিলা বৰদলনিৰ নিজৰ ঘৰত উপস্থিত হয় ৷ ঘৰত উপস্থিত হোৱাৰ পাছতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

যুৱ উদ্ভাৱকগৰাকীয়ে কয়, “মই তাত মোৰ তিনিটা উদ্ভাৱন দেখুৱাও ৷ তাৰে এটা হ’ল Silk Spinning Cum Reeling Machine, যি পাট-মুগা আৰু এৰীসূতা কটা যন্ত্ৰ হিচাবে উদ্ভাৱন কৰিছিলো । এই অনুষ্ঠানৰ জৰিয়তে মই অসমৰ মুগা, পাট আৰু এৰীসূতা বিদেশৰ বিভিন্ন লোকৰ আগত পৰিচয় কৰাই দিবলৈ সক্ষম হওঁ ৷ পেৰিচৰ তেওঁলোকৰ কিতাপত আমাৰ সম্পদ পাট, মুগা আৰু এৰীসূতা আৰু মোৰ যন্ত্ৰটোৰ বিষয়ে প্ৰকাশ কৰিছে । মই ভাবো যে আমাৰ সম্পদবিলাক অসম তথা ঘৰতে নাৰাখি বিশ্ব বজাৰলৈ লৈ যাব লাগে ৷’’

পাঁচশৰো অধিক লোক স্বাৱলম্বী

নৱজিতে লগতে কয়, ‘‘শিপিনীসকলক নতুন প্ৰযুক্তিৰ সৈতে চিনাকি কৰাই দিব লাগিব ৷ পৰম্পৰাগত যন্ত্ৰৰ পৰিৱৰ্তে অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰিলে অধিক লাভান্বিত হ’ব পাৰিব ৷’’

Dhemaji Scientist and inventor Navajit Bharali Wins International Innovation Award 2026
নৱজিৎ ভৰালীয়ে উদ্ভাৱন কৰা যন্ত্ৰ (ETV Bharat Assam)

তেওঁ উল্লেখ কৰা মতে, যোৱা ডেৰ বছৰ ধৰি অসমৰ মুগা পালক আৰু শিপিনীসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ এতিয়ালৈকে পৰোক্ষ আৰু প্ৰত্যেক্ষভাৱে অসমৰ পাঁচশৰো অধিক লোকক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে ৷ এই কামটো কৰি এজন অসমীয়া হিচাপে খুবেই সুখী অনুভৱ কৰা লগতে বিশ্ব বিভিন্ন দেশৰ অসমৰ সম্পদ পাট, এৰী আৰু মুগা সূতাক পৰিচয় কৰি দিবলৈ পাই যথেষ্ট আনন্দিত হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, ইতিমধ্যে একেটা যন্ত্ৰতে কম খৰচত এই পাট, এৰী সকলো সূতা কাটিব পৰা বাবে অসমৰ সকলো শিপিনীয়ে ইয়াক আদৰি লৈছে ৷ বিশ্ব বজাৰতো এতিয়া এই যন্ত্ৰবিধ সমাদৃত হৈছে । এতিয়ালৈকে তেওঁ উদ্ভাৱন কৰা দুটা যন্ত্ৰৰ নামত ভাৰত চৰকাৰৰ পৰা পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ৰিলায়েন্স-মেটাই নিৰ্মাণ কৰিব নবীকৰণযুক্ত শক্তিচালিত এআই ডাটা চেণ্টাৰ, ক'ত হ'ব এই অভিলাষী প্ৰকল্প ?