আমেৰিকাৰ এআইএএৰ গডাৰ্ড এষ্ট্ৰ’নটিক্স বঁটাৰে সন্মানিত চন্দ্ৰযান-৩
২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ এ চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফল অৱতৰণ কৰা প্ৰথমখন মহাকাশযান হিচাপে ইতিহাস ৰচনা কৰে ৷


By ANI
Published : May 22, 2026 at 7:26 AM IST
ৱাশ্বিংটন ডিচি: ভাৰতৰ ‘চন্দ্ৰযান-৩’ চন্দ্ৰ অভিযানলৈ অনবদ্য স্বীকৃতি ৷ আমেৰিকান ইনষ্টিটিউট অৱ এৰ’নটিক্স এণ্ড এষ্ট্ৰ’নটিক্সে (এআইএএ) ২১ মে’ত ৱাশ্বিংটন ডিচিত ২০২৬ চনৰ গডাৰ্ড এষ্ট্ৰ’নটিক্স বঁটাৰে সন্মানিত কৰিছে চন্দ্ৰযান-৩ ক ।
২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ এ চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফল অৱতৰণ কৰা প্ৰথমখন মহাকাশযান হিচাপে ইতিহাস ৰচনা কৰে ৷ চন্দ্ৰৰ এই দক্ষিণ অঞ্চলৰ বৈজ্ঞানিক আৰু কৌশলগত গুৰুত্ব অপৰিসীম ৷ ইয়াৰ পূৰ্বে কেতিয়াও দক্ষিণ মেৰু পৃষ্ঠত অন্বেষণ কৰা হোৱা নাছিল ।
এই অভিযানে চন্দ্ৰলৈ ভৱিষ্যতে মানৱ অভিযানৰ সম্ভাৱনা প্ৰকট কৰিছিল আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত মূল ৰাসায়নিক মৌলৰ উপস্থিতি নিশ্চিত কৰা হৈছিল এই অন্বেষণত ৷ ই স্থানীয় সম্পদৰ দিশলৈ আঙুলিয়াই দিছিল, যিয়ে ভৱিষ্যতে এদিন চন্দ্ৰ পৃষ্ঠত জীৱনৰ সম্ভাৱনাক সমৰ্থন জনায় ।
আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ হৈ AIAA ASCEND 2026 সন্মিলনত এই বঁটা গ্ৰহণ কৰে । নিজৰ ভাষণত ৰাষ্ট্ৰদূত কোৱাট্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মহাকাশ দৃষ্টিভংগী ২০৪৭’ ৰ ৰূপৰেখা দাঙি ধৰি গভীৰ মহাকাশ অন্বেষণ, মানৱ মহাকাশ যাত্ৰা আৰু বাণিজ্যিক মহাকাশ খণ্ডৰ দ্ৰুত বিকাশৰ বাবে ভাৰতৰ ৰোডমেপক আলোকপাত কৰে ।
Congratulations to @isro and Chandrayaan 3 team on winning the prestigious 2026 Goddard Astronautics Award from The American Institute of Aeronautics and Astronautics @aiaa. Honored to accept the award on behalf of ISRO and to highlight Prime Minister Shri Narendra Modi's Space… pic.twitter.com/9wUfPydZnP
— Amb Vinay Mohan Kwatra (@AmbVMKwatra) May 21, 2026
তেওঁ ভাৰত আৰু আমেৰিকাৰ চৰকাৰ, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতাৰো আহ্বান জনায় ৷ মহাকাশ অন্বেষণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত গভীৰ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই আহ্বান জনায় ৰাষ্ট্ৰদূতগৰাকীয়ে ।
মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্বৰ বাবে AIAA এ প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে গডাৰ্ড মহাকাশ বিজ্ঞান বঁটা । কোনো ব্যক্তি বা দলক এই বঁটা প্ৰদান কৰা হয় । দলীয় মনোনয়নত অৱদানকাৰীৰ তালিকা অন্তৰ্ভুক্ত কৰা হয়, য’ৰ পৰা সৰ্বাধিক দুজনক আনুষ্ঠানিকভাৱে বঁটা গ্ৰহণ কৰিবলৈ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হয় ।
ৰকেটৰ দূৰদৰ্শী, অগ্ৰণী, সাহসী পৰীক্ষক আৰু চমৎকাৰা অভিযন্তা ৰবাৰ্ট এইচ গডাৰ্ডৰ স্মৃতিত তেওঁৰ পত্নী মিচেছ গডাৰ্ডে এই বঁটা প্ৰদান কৰিছিল ৷ ৰবাৰ্টে প্ৰাৰম্ভিক তৰল ৰকেট ইঞ্জিন উৎক্ষেপণৰ দ্বাৰা মহাকাশ বিজ্ঞানৰ বিকাশৰ মঞ্চ তৈয়াৰ কৰিছিল । ১৯৭৫ চনৰ পৰা প্ৰদান কৰা এই বঁটাই বৰ্তমানৰ ৰূপ লাভ কৰে, যেতিয়া প্ৰতিষ্ঠানটোৱে নাম সলনি কৰি পূৰ্বৰ গডাৰ্ড বঁটাৰ নিৰ্বাচনৰ মাপকাঠী বহল পৰিসৰলৈ লৈ যায় (যিটো প্ৰপালচন আৰু শক্তি ৰূপান্তৰৰ অভিযান্ত্ৰিক বিজ্ঞানত অৱদানৰ বাবে প্ৰদান কৰা হৈছিল) ৷
লগতে পঢ়ক: ড্ৰ’ন যুদ্ধ আৰু এণ্টি টেংক অভিযানৰ বাবে সাজু ভাৰত, সম্পন্ন কৰিলে ULPGM-V3 মিছাইলৰ পৰীক্ষণ

