শীঘ্ৰেই আকাশত দেখিবলৈ পোৱা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ; দেশবাসীয়ে কেতিয়া আৰু কেনেদৰে প্ৰত্যক্ষ কৰিব সেই দৃশ্য
আগন্তুক মাহৰ প্ৰথম সপ্তাহতেই দেখিবলৈ পোৱা যাব বছৰটোৰ প্ৰথমটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ । কেনেদৰে দেখিবলৈ পাব এই দৃশ্যটো । জানক এই সন্দৰ্ভত বিতংকৈ, বিস্তৃত প্ৰতিবেদনযোগে ---

Published : February 24, 2026 at 8:49 PM IST
হায়দৰাবাদ: অহা মাহৰ অৰ্থাৎ মাৰ্চৰ 3 তাৰিখে আকাশত দেখিবলৈ পোৱা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰু ই এক দৰ্শনীয় দৃশ্য হ’ব বুলি আশা কৰা হৈছে । অৱশ্যে প্ৰশ্ন উত্থাপন হয় যে ভাৰতবাসীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিবনে ?
পৃথিৱীয়ে সূৰ্য আৰু চন্দ্ৰৰ মাজৰ পৰা পাৰ হৈ যোৱাৰ লগে লগে ই তীব্ৰ ৰঙা ছাঁ পেলাই চন্দ্ৰক উজ্জ্বল ৰঙা গোলকলৈ ৰূপান্তৰিত কৰে ।
ৰঙা কিয় হয় ?
সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ ৰঙা হোৱা পৰিঘটনাক প্ৰায়ে ৰক্ত চন্দ্ৰ বা ইংৰাজীত ব্লাড মুন বুলি কোৱা হয় । পৃথিৱীয়ে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখাৰ বিপৰীতে কিছু পোহৰ চন্দ্ৰৰ পৃষ্ঠত পৰে । পৃথিৱীৰ বায়ুমণ্ডলে চুটি নীলা তৰংগদৈৰ্ঘবোৰ ফিল্টাৰ কৰি উলিয়াই দীঘলীয়া ৰঙা তৰংগদৈৰ্ঘবোৰ তাৰ মাজেৰে পাৰ হৈ চন্দ্ৰৰ ফালে পুনৰ প্ৰতিফলিত হ’বলৈ দিয়ে ।
যদি এজন ব্যক্তি বৰ্তমান চন্দ্ৰৰ পৃষ্ঠত থিয় হৈ থাকিলহেঁতেন তেন্তে পৃথিৱীৰ প্ৰতিটো সূৰ্য উদয় আৰু সূৰ্যাস্ত একেলগে চাব পাৰিলেহেঁতেন ।
এই ক’লা পৃথিৱীখনৰ চাৰিওফালে ৰঙা পোহৰৰ পাতল, জিলিকি থকা আঙঠি এটা দেখিবলৈ পোৱা যায়, কাৰণ আমাৰ বায়ুমণ্ডলটোৱে পৃথিৱীৰ চাৰিওফালে প্ৰতিটো সূৰ্য উদয় আৰু সূৰ্যাস্তৰ পৰা সূৰ্যৰ পোহৰক বেঁকা কৰি কেন্দ্ৰীভূত কৰে ।
ভাৰতত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’বনে ?
আমেৰিকা আৰু পশ্চিম ইউৰোপৰ কিছু অংশত সমগ্ৰ সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব যদিও ভাৰতৰ পৰ্যবেক্ষকসকলে পৰৱৰ্তী অংশটোহে দেখিবলৈ পাব । 3 মাৰ্চৰ সন্ধিয়া যেতিয়া ভাৰতৰ দিগন্তত চন্দ্ৰ উদয় হ’ব তেতিয়া ইতিমধ্যে ই পৃথিৱীৰ ছাঁৰ গভীৰ অংশৰ পৰা ওলাই আহিব ।
ভাৰতত এই আকাশী দৃশ্যৰ সাক্ষী হ’ব বিচৰাসকলৰ বাবে চন্দ্ৰটো পেনুমব্ৰেল পৰ্যায়ত উদয় হ’ব। পৃথিবীৰ ছাঁৰ বাহিৰৰ, পাতল অংশৰ মাজেৰে চন্দ্ৰ পাৰ হৈ এটা ক্ষীণ ছাঁৰ সৃষ্টি কৰিলে পেনামব্ৰেল পৰ্যায়ৰ সৃষ্টি হয়, য'ত চন্দ্ৰৰ পৃষ্ঠভাগ সম্পূৰ্ণ ক'লা বা ৰঙা নহয়, সামান্য অস্পষ্ট যেন দেখা যায় ।
3 মাৰ্চৰ দিনা নতুন দিল্লীত 18:18 বজাত চন্দ্ৰ উদয় হোৱাৰ বিপৰীতে মুম্বাইত অলপ পিছত 18:38 বজাত চন্দ্ৰ উদয় হ’ব । এই সময়ত চন্দ্ৰটো সাধাৰণতকৈ অলপ ক’লা দেখা যাব । আনুষ্ঠানিকভাৱে 21:23 বজাত এই গ্ৰহণৰ অন্ত পৰিব, য’ত উৎসাহীসকলে চন্দ্ৰটোৱে পুনৰ সম্পূৰ্ণ ৰূপালী জিলিকনি লাভ কৰাৰ লগে লগে চন্দ্ৰৰ ক্ষীণ ছাঁটো পৰ্যবেক্ষণ কৰিবলৈ কেইঘণ্টামান সময় পাব ।
ক’ত ইয়াক সৰ্বোত্তমভাৱে চাব পাৰি?
চন্দ্ৰগ্ৰহণ খালী চকুৰে চাব পাৰি ৷ ই 100% নিৰাপদ । বিশেষ ফিল্টাৰ বা চশমাৰ প্ৰয়োজন নাই । ভাৰতৰ সৰ্বোত্তম দৃশ্যৰ বাবে পূব দিগন্তৰ বাধাহীন দৃশ্য থকা স্থান বিচাৰি উলিয়াওক ।
লগতে পঢ়ক

