ভাৰতত আৰম্ভ হ’ল Volkswagen Tayron R-Line ৰ সমাৱেশ; বজাৰলৈ কেতিয়া ?
Volkswagen India ই আগন্তুক ফ্লেগশ্বিপ SUV Volkswagen Tayron R-Line ৰ স্থানীয় সমাৱেশ আৰম্ভ কৰিছে ।

Published : January 23, 2026 at 10:56 AM IST
হায়দৰাবাদ: গাড়ী নিৰ্মাতা কোম্পানী Volkswagen India ই মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰত থকা প্লাণ্টত নিজৰ আগন্তুক ফ্লেগশ্বিপ Volkswagen Tayron R-Line ৰ স্থানীয় সমাবেশ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতত মুকলি কৰা হ’ব এই 7খন আসনযুক্ত SUV ।
Volkswagen Tayron R-Line তথ্য
মুকলিৰ লগে লগে Volkswagen Tayron R-Line এ ভাৰতীয় বজাৰত Skoda Kodiaq, Jeep Meridian আৰু MG Gloster ৰ দৰে গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব আৰু ইয়াৰ মূল্য প্ৰায় 50 লাখ (এক্স-শ্ব’ৰুম) হ’ব বুলি আশা কৰা হৈছে । 2021 চনত ফক্সৱেগেন টিগুয়ান অলস্পেচ বন্ধ হোৱাৰ পিছত ভাৰতীয় বজাৰত 3 শাৰীৰ সম্পূৰ্ণ আকাৰৰ এছ ইউ ভি ছেগমেণ্টলৈ কোম্পানীটোৱে পুনৰ ঘূৰি আহিছে ।
For blue skies 𝘢𝘯𝘥 easy smiles 𝘢𝘯𝘥 moments that feel unhurried.
— Volkswagen India (@volkswagenindia) January 21, 2026
The Tayron R-Line. Coming soon#TayronRLine #VolkswagenIndia #Volkswagen pic.twitter.com/a1rWCdbHNp
কোম্পানীটোৰ এমকিউবি ইভিঅ’ প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে Volkswagen Tayron R-Line পাঁচখন আসনযুক্ত, কিন্তু ইয়াৰ হুইলবেছ 109 মিলিমিটাৰ দীঘল আৰু 2789 মিলিমিটাৰ । ইয়াত Tiguan ৰ দৰেই 2 লিটাৰৰ টাৰ্বো-পেট্ৰল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 204 SP আৰু 320 nm টৰ্ক উৎপাদন কৰে । ইয়াৰ সৈতে 7 স্পীড ডুৱেল ক্লাচ অটোমেটিক গিয়াৰবক্স সংযোগ কৰা হৈছে, যিয়ে চাৰিওটা চকালৈ শক্তি প্ৰেৰণ কৰে ।
Volkswagen Tayron R-Line বৈশিষ্ট্য
এই 3 শাৰীৰ SUV খন দেখাত Tiguan R-লাইনৰ দৰেই, কিন্তু বিভিন্ন লাইটিং এলিমেণ্টৰ সৈতে । আভ্যন্তৰীণ দিশৰ পৰা গাড়ীখনৰ সন্মুখৰ শাৰীৰ আসন অলপ বেলেগ আৰু ভেণ্টিলেচন ফাংচন আছে । ইয়াৰ উপৰিও ইয়াত 15 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট ছিষ্টেম, ডিজিটেল ড্ৰাইভাৰ ডিছপ্লে, পেনোৰামিক ছানৰুফ আৰু 30 ৰঙৰ এম্বিয়েণ্ট লাইটিং থাকিব ।
তিনি তৰপীয়া জলবায়ু নিয়ন্ত্ৰণ ব্যৱস্থাও সম্ভৱ । সুৰক্ষাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত থাকিব 7টা এয়াৰবেগ, 360 ডিগ্ৰী কেমেৰা, টায়াৰ-প্ৰেচাৰ মনিটৰিং ছিষ্টেম, লেভেল 2 এডিএএছ আৰু ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক ।
লগতে পঢ়ক

