ETV Bharat / technology

অসমীয়াৰ সাহ বাঁহেৰে মটৰ চাইকেল নিৰ্মাণ কৰি চৰ্চাত যোৰহাটৰ ৰজত কমল

উদ্ভাৱনী চিন্তা খতুৱাই মটৰ চাইকেল নিৰ্মাণ অসমীয়া যুৱকৰ ৷ বাঁহেৰে মটৰ চাইকেল নিৰ্মাণ কৰা ৰজত কমল বেজবৰুৱাৰ সৈতে আমাৰ সংবাদ কৰ্মী কুলগীতা সাউদৰ বিশেষ সাক্ষাৎকাৰ---

assams-architect-rajat-kamal-bezbaruah-showcases-green-design-with-bamboo-electric-motorcycle
প্ৰকৃতিৰ স্পৰ্শেৰে মটৰ চাইকেল নিৰ্মাণ কৰি চৰ্চাত অসমীয়া যুৱক (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : January 1, 2026 at 9:08 AM IST

|

Updated : January 1, 2026 at 10:42 AM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম তথা উত্তৰ-পূৰ্বাঞ্চল বাঁহৰ বাবে চহকী । ইয়াত বিভিন্ন প্ৰকাৰৰ বাঁহ উপলব্ধ হোৱাৰ লগতে আমি নানা কামত বাঁহৰ ব্যৱহাৰ কৰো । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে পৰম্পৰাগতভাৱে গৃহ নিৰ্মাণ, আচবাব আৰু সা-সঁজুলি প্ৰস্তুতৰ লগতে দৈনন্দিন জীৱনৰ বিভিন্ন কামত বাঁহ ব্যৱহাৰ কৰি আহিছে । এক কথাত বাঁহ আমাৰ জাতীয় জীৱনৰ অভিন্ন অংগ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব ।

বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগত এসময়ৰ ‘বাঁহেই সাহ হোৱা’ প্ৰচলিত বাক্যশাৰীৰ বাস্তৱ প্ৰতিফলন কম দেখিবলৈ পোৱা গৈছে যদিও এতিয়াও অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগস্বৰূপ বাঁহেৰে অনবদ্য শিল্প কৰ্ম সৃষ্টি কৰি বহুতেই চমক সৃষ্টি কৰি আহিছে । হস্তশিল্পৰ নিপুণ দক্ষতাৰে এইসকল লোকে বাঁহৰ সৃষ্টিকৰ্মক কলাত্মক ৰূপ দিয়াৰ লগতে ৰাজ্যখনৰ নামো উজ্জ্বলাবলৈ সক্ষম হৈছে । শেহতীয়াকৈ এইক্ষেত্ৰত চৰ্চালৈ আহিছে এজন যুৱকৰ নাম ৷ এই যুৱকজন হৈছে যোৰহাটৰ স্থাপত্যবিদ (Architech) ৰজত কমল বেজবৰুৱা । বেজবৰুৱাই বাঁহৰ সৈতে প্ৰযুক্তিৰ সমাহাৰ ঘটাই নিৰ্মাণ কৰি উলিয়াইছে এখন ইলেক্ট্ৰিক মটৰ চাইকেল ।

ETV Bharat ৰ সংবাদকৰ্মী কুলগীতা সাউদৰ সৈতে ৰজত কমল বেজবৰুৱাৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

বাহেঁৰে মটৰ চাইকেল নিৰ্মাণৰ পটভূমি

বিভিন্ন দিশলৈ লক্ষ্য ৰাখি যুৱ উদ্ভাৱক বেজবৰুৱাই এই পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰি ETV bharat ৰ আগত কয়, "মই বাঁহৰ স্থাপত্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছো । উত্তৰ-পূৰ্বাঞ্চলত বহু বাঁহ পোৱা যায় আৰু বাঁহেৰে কৰা যিকোনো নিৰ্মাণ কাৰ্য স্থায়ী হয় । সেয়ে যিবোৰ ঠাইত বাঁহ পোৱা যায় সেইবোৰ স্থানত বাঁহৰ নিৰ্মাণ কাৰ্য আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছো । কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ পয়োভৰৰ এই সময়ত সচৰাচৰ বাঁহেৰে সৈতে নিৰ্মাণ কৰা যিকোনো কাৰ্যক আওপুৰণি বুলি গণ্য কৰা পৰিলক্ষিত হয় । কিন্তু উল্লেখ কৰিব লাগিব যে বিদেশত দুমহলীয়া/তিনিমহলীয়া ঘৰ পৰ্যন্ত বাহেঁৰে নিৰ্মাণ কৰা হয় । এই নিৰ্মাণ কাৰ্য চাবলৈ পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা পৰ্যটক পৰ্যন্ত আহে । সেয়ে মোৰ মনলৈ আহিল যে অসমত যিহেতু বিভিন্ন জাতৰ বাঁহ উপলব্ধ, সেয়ে বাঁহেৰে সামগ্ৰী নিৰ্মাণ কৰিব পাৰিলে পৰ্যটকে সেইবোৰ চাবলৈ আমাৰ ৰাজ্যলৈও আহিব আৰু ইয়ে আমাৰ পৰ্যটন উদ্যোগটোকো এক নতুন গতি প্ৰদান কৰিব ।"

assams-architect-rajat-kamal-bezbaruah-showcases-green-design-with-bamboo-electric-motorcycle
প্ৰকৃতিৰ স্পৰ্শেৰে নিৰ্মাণ কৰা মটৰ চাইকেলৰ সৈতে যুৱক ৰজত কমল বেজবৰুৱা (ETV Bharat)

মটৰ চাইকেলখন নিৰ্মাণৰ সময়ত কিমান সময়ৰ প্ৰয়োজন হৈছিল

এগৰাকী স্থাপত্যবিদ হিচাপে বেজবৰুৱাই বিভিন্ন অট্টালিকা নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰি জনায়, "তেতিয়া মই ভাবিছিলো বাঁহে যদি ইমান ডাঙৰ অট্টালিকাৰ ভাৰ বহন কৰিব পাৰিছে তেনেহ’লে ইয়াৰে বাহনো নিৰ্মাণ কৰিব পৰা যাব । দুবছৰৰ ধৰি এই সন্দৰ্ভত বিভিন্ন চিন্তা-গৱেষণা চলাই চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই বাঁহেৰে নিৰ্মিত মটৰ চাইকেলখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছো । এইখন নিৰ্মাণ কৰোতে প্ৰায় এমাহ সময়ৰ প্ৰয়োজন হৈছিল ।"

মটৰ চাইকেলখনৰ ইতিবাচক দিশ

assams-architect-rajat-kamal-bezbaruah-showcases-green-design-with-bamboo-electric-motorcycle
মটৰ চাইকেলখন (ETV Bharat)

বাঁহ এবিধ বহনক্ষম সামগ্ৰী বুলি উল্লেখ কৰি বেজবৰুৱাই কয়, "সমগ্ৰ বিশ্ব প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে এই কথা মনলৈ আহে যে যিকোনো ক্ষেত্ৰতে আমাক এতিয়া বিকল্পৰ প্ৰয়োজন ৷ যিকোনো ক্ষেত্ৰত ব্যৱহৃত তীখা অথবা ষ্টীল হ’ল সীমিত সম্পদ ৷ গতিকে যিক্ষেত্ৰত আমাৰ কোনো বিকল্প নাই তেনেক্ষেত্ৰতহে তীখা ব্যৱহাৰ কৰা উচিত ৷ ইয়াৰোপৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিক এনেধৰণৰ বহনক্ষম সামগ্ৰীৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰতি আগ্ৰহী ৷ গতিকে ই নিশ্চয়কৈ ই পৰ্যটক আকৰ্ষণৰো কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰিব পাৰি ৷"

কেনেদৰে ব্যৱহাৰ উপযোগী হিচাপে গঢ়ি তোলা হৈছে ব্যৱহৃত বাঁহবোৰ

পঢ়ি থকা দিনতে এক বাঁহ সম্বন্ধীয় কৰ্মশালাত বেজবৰুৱাই অংশগ্ৰহণ কৰা বুলি আমাৰ আগত উল্লেখ কৰি এই সন্দৰ্ভত বেজবৰুৱাই কয়, " মটৰ চাইকেলখন নিৰ্মাণত ব্যৱহাৰৰ পূৰ্বে মই ব্যৱহৃত কৰিবলগীয়া বাঁহখিনি বিশেষ প্ৰক্ৰিয়াৰে ব্যৱহাৰ উপযোগী কৰি তুলিছিলো ৷ যাতে মটৰ চাইকেলখনৰ স্থায়িত্ব বৃদ্ধি হয় ৷ বাঁহখিনি বিশেষ প্ৰক্ৰিয়াৰে ব্যৱহাৰ উপযোগী কৰি তুলিলে ইয়াৰ স্থায়িত্ব 50-60 বছৰ পৰ্যন্ত বৃদ্ধি হয় বুলি উক্ত কৰ্মশালাখনৰ যোগেদি মই অৱগত হৈছিলো ৷ সেই ফৰ্মুলা খতুৱায়ে এই মটৰ চাইকেলখন নিৰ্মাণ কৰি তুলিছো ৷ মই নিৰ্মাণ কৰি তোলা মটৰ চাইকেলখন ব্যৱহাৰকাৰীয়ে ৰ’দ-বৰষুণৰ পৰা ৰক্ষা কৰিব ৰাখিলে ইয়াক নুন্যতম 20-25 বছৰ পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব ৷

কি বাঁহ ব্যৱহৃত হৈছে এই মটৰ চাইকেলখন নিৰ্মাণত ?

বেজবৰুৱাই কয় যে অসমৰ ভলুকা বাঁহ বহুত মজবুত । সেয়ে মটৰ চাইকেলখনৰ আকৃতি দিয়াত ভলুকা বাঁহ ব্যৱহাৰ কৰা হৈছে যদিও মটৰ চাইকেলখনৰ বডীটোত বিজুলী (অ'লিভেৰী ) বাঁহ ব্যৱহাৰ কৰা হৈছে । বাঁহবোৰ যোৰহাটৰ, ছয়গাঁও আৰু গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা বুলি জনায় বেজবৰুৱাই ।

নিৰ্মাণ ব্যয় ?

assams-architect-rajat-kamal-bezbaruah-showcases-green-design-with-bamboo-electric-motorcycle
মটৰ চাইকেল নিৰ্মাণত ব্যস্ত শ্ৰমিক (ETV Bharat)

প্ৰায় 50-60 হাজাৰ টকা ব্যয় কৰি ইলেক্ট্ৰিক মটৰ চাইকেলখন নিৰ্মাণ কৰি তুলিছে বেজবৰুৱাই । এই সন্দৰ্ভত তেওঁ কয়, "মই অতি কম খৰচত চাইকেলৰ বেটাৰী, মটৰ, চকা সংগ্ৰহ আৰু সংযোগ কৰি মটৰ চাইকেলখন নিৰ্মাণ কৰিছো । 10 হাজাৰ টকীয়া বেটাৰীৰে মটৰ চাইকেলখন ফুল চাৰ্জত 20 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে । ইয়াতকৈ বেছি শক্তিশালী বেটাৰী লগালে আৰু বেছি দূৰত্ব অতিক্ৰম কৰিব যদিও মই খৰচ কমাবলৈ মটৰ চাইকেলখনত চাইকেলৰ পাৰ্টছ ব্যৱহাৰ কৰিছো । ইয়াত স্কুটী নহ'লে মটৰ চাইকেলৰ মটৰ আৰু বেটাৰী লগালে 120-200 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । 20-25 কিলোগ্ৰাম ওজনৰ মটৰ চাইকেলখন চাৰ্জ হ'বলৈ 5-6 ঘন্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন ।"

তেওঁ লগতে কয়, "বাঁহ বহনক্ষম সামগ্ৰী। গোলকীয়া ভাৱে চালে আমাক সামগ্ৰী নিৰ্মাণত বহু বিকল্প লাগে । আমাৰ তীখা ( ষ্টিল )ৰ প্ৰাকৃতিক ভাণ্ডাৰ সীমিত । এসময়ত এই প্ৰাকৃতিক সম্পদৰ উৎসবোৰ শেষ হ'ব । সেয়ে সেইবোৰৰ বিকল্পৰ প্ৰয়োজন হৈছে । বাহঁ তীখাৰ উৎকৃষ্ট সেউজ বিকল্প হ'ব পাৰে ।"

পৰৱৰ্তী পৰিকল্পনা

মটৰ চাইকেলখন নিৰ্মাণৰ পিছত বাহেঁৰে এখন চাৰিচকীয়া বাহন আৰু ড্ৰোন বনোৱাৰ পৰিকল্পনা কৰিছে ৰজত কমল বেজবৰুৱাই ৷ চৰকাৰে এই সন্দৰ্ভত গৱেষণা আৰু বিকাশৰ কথা চিন্তা কৰিলে বহু কিবা-কিবি কৰাৰ পৰিকল্পনা পুহি ৰাখিছে অসমৰ ৰজত কমলে ৷

লগতে পঢ়ক

গ্ৰহাণু আৱিষ্কাৰৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ৰঙিয়াৰ আৰিয়ানে; নাছাৰ স্বীকৃতি: সতীৰ্থৰে মিলি ছাত্ৰাৱস্থাতে নিৰ্মাণ কৰিছিল দূৰবীণ

সহজ হৈ পৰিল অসমীয়া ডিটিপি; কৈ যোৱা কথা স্বয়ংক্ৰিয়ভাৱে টাইপ কৰিব ‘Aakhor AI’ এ

অসম সন্তানৰ কৃতিত্ব: ইছৰোৰ সন্মানীয় গৱেষণামূলক প্ৰকল্পৰ নেতৃত্ব দিব ড° মূৰ্চনা খুশ্ৰুৱে

Last Updated : January 1, 2026 at 10:42 AM IST