ETV Bharat / technology

যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬ ৰ তালিকাত অসমৰ ডঃ মনোৰঞ্জন দত্তৰ নাম

চূড়ান্ত ১৬ গৰাকীৰ ভিতৰত অন্তৰ্ভুক্ত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ।

Dr Manoranjan Dutta
ডঃ মনোৰঞ্জন দত্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 24, 2026 at 3:25 PM IST

|

Updated : August 24, 2026 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: ইণ্ডিয়ান ফিজিকেল ছ'চাইটিৰ ‘যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬’ৰ চূড়ান্ত পৰ্যায়ৰ বাবে মনোনীত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মনোৰঞ্জন দত্ত ৷

ইণ্ডিয়ান ফিজিকেল ছ'চাইটিৰ ৪১ সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলন (YPC-2026)ত প্ৰদান কৰিবলগীয়া সন্মানীয় 'YPC-2026 যুৱ পদাৰ্থ বিজ্ঞানী বঁটা'ৰ চূড়ান্ত পৰ্যায়ৰ বাবে সমগ্ৰ ভাৰতৰ পৰা বাছনিকৃত ১৬ গৰাকী যুৱ পদাৰ্থ বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ লখিমপুৰ জিলাৰ এইগৰাকী সন্তানে ।

যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬ ৰ চূড়ান্ত ১৬ গৰাকীৰ ভিতৰত অন্তৰ্ভুক্ত অসমৰ ডঃ মনোৰঞ্জন দত্ত (ETV Bharat)

৪১ সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলনখন ২০২৬ চনৰ ১০ আৰু ১১ ছেপ্টেম্বৰত কলকাতাস্থিত ‘UGC-Department of Atomic Energy Consortium for Scientific Research’ত অনুষ্ঠিত হ’ব ।

এই সন্মিলনত গৱেষণা পত্ৰ উপস্থাপনৰ পাছত বিচাৰক মণ্ডলীয়ে তিনিগৰাকী শ্ৰেষ্ঠ যুৱ পদাৰ্থ বিজ্ঞানী নিৰ্বাচন কৰিব, যিসকলে YPC-2026 বঁটা লাভ কৰিব । ইয়াৰোপৰি তেওঁলোকৰ গৱেষণা পত্ৰসমূহ Indian Physical Society ৰ গৱেষণা পত্ৰিকা The Physics Teacher ত প্ৰকাশ পাব ।

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ডঃ মনোৰঞ্জন দত্তই সমগ্ৰ দেশৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহ, যেনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (IISc), টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR), ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC), ভেৰিয়েবুল এনাৰ্জী চাইক্ল’ট্ৰন চেণ্টাৰ (VECC), ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট (ISI), সাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিকছ (SINP), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU), হায়দৰাবাদ বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, বসু ইনষ্টিটিউট আৰু প্ৰেছিডেন্সী বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ সৈতে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

এই বাচনিয়ে ডঃ দত্তৰ গৱেষণা কাৰ্যলৈ এক উল্লেখনীয় ৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনিছে । উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় তথা সমগ্ৰ লখিমপুৰৰ বাবেও এয়া এক বিশেষ সাফল্য ৷ আধুনিক পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিছে এইগৰাকী যুৱ বিজ্ঞানীয়ে ।

ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডঃ মনোৰঞ্জন দত্তই কয়, ‘‘ইণ্ডিয়ান ফিজিকেল ছ'চাইটিয়ে ৩৫ বছৰৰ অনুৰ্ধৰ যুৱ বিজ্ঞানীসকলৰ মাজত YPC অনুষ্ঠিত কৰে । ইয়াৰ বাবে তেওঁলোকে প্ৰাৰ্থীসকলৰ গৱেষণাৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ৩৮ খন গৱেষণা পত্ৰৰ মাজৰ পৰা ১৬ গৰাকীক বাছনি কৰিছে । মই অসম তথা সমগ্ৰ উত্তৰ-পূবৰ পৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে স্থান লাভ কৰিছোঁ ।’’

‘‘ইয়াত প্ৰতিনিধিত্ব কৰিব পৰাৰ বাবে মই নিজকে ধন্য মানিছোঁ ৷ মোৰ গৱেষণাৰ বিষয় হৈছে কৃষ্ণ পদাৰ্থ (Dark Matter) ৷ যিবোৰ পদাৰ্থই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনক আঠাৰ দৰে ধৰি ৰাখিছে ৷ ইয়াক খালী চকুৰে দেখা পোৱা নাযায় ৷ কিন্তু যিহেতু ইয়াৰ ভৰ আছে, গতিকে মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত ই গ্ৰহ-নক্ষত্ৰৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পাৰে ৷ গতিকে আমি গ্ৰহ-নক্ষত্ৰৰ গতি-বিধি নিৰীক্ষণ কৰি কিমান পৰিমাণৰ কৃষ্ণ পদাৰ্থ থাকিব লাগে সেয়া নিৰ্ণয় কৰিব পাৰোঁ ৷ তাৰ বাবে ইতিমধ্যে বহু স্থানত ডিটেক্টৰ স্থাপন কৰা হৈছে ৷ এই পদাৰ্থবোৰ নথকা হ’লে গ্ৰহ-নক্ষত্ৰবোৰ নিজৰ কক্ষপথত নাথাকিলহেঁতেন ৷’’ তেওঁ লগতে কয় ৷

লগতে পঢ়ক: নিজা উপগ্ৰহ নিৰ্মাণৰ দিশত কিমান দূৰ আগবাঢ়িছে অসম ? মুখ্যমন্ত্ৰীয়ে দিলে তথ্য

Last Updated : August 24, 2026 at 5:22 PM IST