ETV Bharat / technology

সামাজিক মাধ্যমত কিশোৰৰ সুৰক্ষা; বয়সভিত্তিক নিষেধাজ্ঞা জাৰি কৰাৰ চিন্তা-চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ

Deepfake ৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমত বয়সভিত্তিক নিষেধাজ্ঞা আৰু কঠোৰ নিয়ম সন্দৰ্ভত ভাৰত চৰকাৰে কোম্পানীসমূহৰ সৈতে আলোচনাত মিলিত হৈছে ।

ashwini-vaishnaw-flags-deepfake-menace-calls-for-stronger-ai-regulations
ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (PTI)
author img

By ETV Bharat Tech Team

Published : February 17, 2026 at 5:13 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বয়সৰ ভিত্তিত বাধা আৰোপ কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিছে ভাৰত চৰকাৰে । ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে Deepfake ৰ দৰে ভাবুকিৰ পৰা শিশু আৰু সমাজক ৰক্ষা কৰিবলৈ চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ সৈতে অহৰহ আলোচনাত মিলিত হৈ আছে । কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত এই মন্তব্য কৰে তথ্য-প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে ।

তেওঁ বুজাই দিলে যে যেনেকৈ অষ্ট্ৰেলিয়াই 16 বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে, ভাৰতেও সুষম আৰু সমতাপূৰ্ণ পথ বিচাৰিছে । অশ্বিনী বৈষ্ণৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে Deepfake ৰ সমস্যা প্ৰতিদিনে অধিক ভয়াৱহ হৈ পৰিছে । ই কেৱল শিশুৰ ক্ষতি কৰাই নহয় সমাজত ভুল তথ্য আৰু বিভ্ৰান্তিও বিয়পাইছে । তেওঁ কয় যে বৰ্তমানৰ আইনসমূহৰ বাহিৰেও অধিক শক্তিশালী নিয়মৰ প্ৰয়োজনীয়তা আছে । ইয়াৰ সমাধানৰ বাবে চৰকাৰে উদ্যোগটোৰ সৈতে আলোচনা আৰম্ভ কৰিছে ।

সকলো প্লেটফৰ্মে ভাৰতীয় নিয়ম মানি চলিব লাগিব

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে যিকোনো ডিজিটেল প্লেটফৰ্ম, সেয়া Netflix হওঁক, Youtube হওঁক, Meta হওঁক বা X ই হওঁক, ভাৰতীয় আইন আৰু সংবিধান মানি চলিব লাগিব । তেওঁ আৰু কয় যে সংসদীয় সমিতি এখনে এই বিষয়টো সন্দৰ্ভত গভীৰ অধ্যয়ন চলাইছে । চৰকাৰে Deepfake ৰ বিৰুদ্ধে কঠোৰ আৰু ফলপ্ৰসূ আইন প্ৰণয়ন কৰিবলৈ সংসদৰ ভিতৰত বহল সহমত গঢ়ি তুলিব বিচাৰে । ইয়াৰ স্পষ্ট উদ্দেশ্য হৈছে সমাজখনক আৰু বিশেষকৈ শিশুসকলক ডিজিটেল ক্ষতিৰ পৰা ৰক্ষা কৰা ।

অশ্বিনী বৈষ্ণৱে কয় যে বহু দেশে এতিয়া বয়সৰ ওপৰত ভিত্তি কৰি কন্টেন্ট আৰু প্লেটফৰ্মৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে । ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্টৰ অধীনত ভাৰতে ইতিমধ্যে শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে সুকীয়া নিয়মাৱলী ৰূপায়ণ কৰিছে । AI Impact Summit ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সন্মিলনত ভাৰতৰ থলুৱা বা সাৰ্বভৌম এআই মডেলসমূহ উপস্থাপন কৰা হৈছিল । এই মডেলসমূহে গ্ল’বেল এআই মডেলৰ সমতুল্য কাম কৰি আছে । ভৱিষ্যতে এই মডেলসমূহৰ বাবে AI MIssion 2.0 ৰ অধীনত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰস্তুত কৰা হ’ব ।

তেওঁ উল্লেখ কৰে যে ভাৰতীয় তথ্যৰ ভিত্তিত সৰু-বৰ ভাষাৰ আৰ্হি প্ৰস্তুত কৰিবলৈ 12 টা প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপ নিৰ্বাচিত কৰা হৈছে । OpenAI ৰ ChatGPT আৰু Google ৰ Gemini ৰ দৰে গ্লোবেল মডেল ইতিমধ্যে বজাৰত উপলব্ধ হৈছে । মন্ত্ৰীগৰাকীৰ মতে, ভাৰতত AI ৰ ওপৰত বিনিয়োগকাৰীৰ আস্থা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু অহা এবছৰ বা দুবছৰত 20 ,000 কোটিতকৈ অধিক মূল্যৰ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক