ETV Bharat / technology

এপলে মুকলি কৰিলে হাইপাৰটেনচন নোটিফিকেচন বৈশিষ্ট্য; ব্যৱহাৰকাৰী কিদৰে লাভান্ধিত হ’ব ?

এপল ৱাটচৰ নতুন বৈশিষ্ট্যই এতিয়া আপোনাৰ উচ্চ ৰক্তচাপৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰি আপোনাক সময়মতে সজাগ হ’বলৈ সহায় কৰিব ।

apple-watch-brings-hypertension-notifications-to-india
এপলে মুকলি কৰিলে হাইপাৰটেনচন নোটিফিকেচন বৈশিষ্ট্য (Apple)
author img

By ETV Bharat Tech Team

Published : December 5, 2025 at 7:54 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এপলে এতিয়া ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে এটা বৃহৎ স্বাস্থ্য বৈশিষ্ট্য মুকলি কৰিছে, যাৰ প্ৰয়োজন দীৰ্ঘদিন ধৰি মানুহে কৰি আছিল । এতিয়া মানুহে এপল ৱাটচত হাইপাৰটেনচন নোটিফিকেচন ফিচাৰ লাভ কৰিছে, যিয়ে আপোনাৰ ৰক্তচাপৰ দীৰ্ঘম্যাদী অৱস্থাৰ মূল্যায়ন কৰিব আৰু আপোনাক ক’ব যে ই ক্ৰনিক হাই বি পিৰ লক্ষণ নে অন্য কিবা ৷ আপুনি নিজে কোনো ৰোগৰ কোনো লক্ষণ অনুভৱ নকৰাৰ সময়তো Apple Watch ৰ এই নতুন বৈশিষ্ট্য অতি উপযোগী হ’ব বুলি এপলে দাবী কৰিছে । এই কাৰণেই এপল ৱাটচৰ এই উচ্চ ৰক্তচাপৰ বৈশিষ্ট্যটো মানুহৰ যিকোনো ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কাৰণ উচ্চ ৰক্তচাপ প্ৰায়ে কোনো লক্ষণ নোহোৱাকৈয়ে থাকে আৰু মানুহে ইয়াৰ বাবে সাধাৰণতে চিকিৎসকৰ ওচৰলৈ যোৱা দেখা পোৱা নাযায় ।

এপল ৱাটচত এটা অপটিকেল হাৰ্ট চেন্সৰ আছে যিয়ে আপোনাৰ হৃদস্পন্দনৰ প্ৰতি আপোনাৰ ৰক্তবাহী নলীবোৰে কেনে প্ৰতিক্ৰিয়া কৰে তাক নিৰীক্ষণ কৰে । তাৰ পিছত ঘড়ীটোৱে যোৱা 30 দিনৰ তথ্য বিশ্লেষণ কৰে আৰু যদি ই উচ্চ ৰক্তচাপৰ ইংগিত দিয়াৰ আৰ্হি বাৰে বাৰে দেখুৱায় তেন্তে আপোনাক উচ্চ ৰক্তচাপৰ সতৰ্কবাণী প্ৰেৰণ কৰিব । এই প্ৰক্ৰিয়াটোক এপল ৱাটচৰ হাইপাৰটেনচন বৈশিষ্ট্য বুলি কোৱা হয় ।

এপল ৱাটচে মানৱ স্বাস্থ্যৰ যত্ন ল’ব

যদি আপোনাৰ এপল ৱাটচ আছে আৰু ই আপোনাক কেতিয়াবা উচ্চ ৰক্তচাপৰ সতৰ্কবাণী প্ৰেৰণ কৰে, তেন্তে ইয়াক আওকাণ নকৰিব ৷ কিয়নো এই তথ্যই আপোনাৰ স্বাস্থ্যৰ নিয়ম সলনি কৰাত বা প্ৰাৰম্ভিক পৰ্যায়তে সময়মতে চিকিৎসা আৰম্ভ কৰাত সহায় কৰিব পাৰে । এই ব্যৱস্থাটো এপলে কেৱল প্ৰযুক্তিৰ ওপৰত এৰি দিয়া নাই । কোম্পানীটোৱে এই বৈশিষ্ট্যটো এক লাখৰো অধিক লোকক জড়িত কৰি কেইবাটাও গৱেষণামূলক অধ্যয়নৰ জৰিয়তে বিকশিত কৰিছিল আৰু 2000 ৰো অধিক লোকৰ ৰিপৰ্ট ক্লিনিকত পৰীক্ষা কৰোৱা হৈছিল । কোম্পানীটোৱে অনুমান কৰিছে যে মাত্ৰ প্ৰথম বছৰৰ ভিতৰতে এই বৈশিষ্ট্যই বিশ্বৰ 10 লাখতকৈ অধিক লোকক তেওঁলোকৰ পূৰ্বতে অজ্ঞাত উচ্চ ৰক্তচাপৰ অৱস্থাৰ বিষয়ে সতৰ্ক কৰি দিব ।

চেণ্টাৰ ফৰ ক্ৰনিক ডিজিজ কণ্ট্ৰলৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক দোৰাইৰাজ প্ৰভাকৰনে কয়, "উচ্চ ৰক্তচাপ হৈছে আটাইতকৈ ব্যাপক কিন্তু কম স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যজনিত বিপদৰ ভিতৰত অন্যতম । যদি মানুহে দৈনিক পিন্ধা যন্ত্ৰৰ জৰিয়তে আগতীয়া লক্ষণ ধৰা পৰে, তেন্তে ইয়াৰ চিকিৎসাৰ পথ বহুত সহজ হৈ পৰে । যদি কোনো ব্যৱহাৰকাৰীয়ে এপল ৱাটচৰ পৰা হাইপাৰটেনচন এলাৰ্ট পায়, তেন্তে এএইচএ (আমেৰিকান হাৰ্ট এছ'চিয়েচন)ৰ গাইডলাইন অনুসৰি তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লওক ল’ব লাগে ।"

শ্ৰেণী এই বৈশিষ্ট্যটোৱে কেনেদৰে কাম কৰে
ডাটা চৰ্ছ এপল ৱাটচ অপটিকেল হাৰ্ট চেন্সৰ
ডাটা কিউৰেচন 30 দিনলৈকে পটভূমিত স্বাস্থ্যৰ তথ্য বিশ্লেষণ
সৰ্তকীকৰণ পদ্ধতি যেতিয়া স্থায়ী উচ্চ ৰক্তচাপৰ দৰে আৰ্হি দেখা যায় তেতিয়া জাননী প্ৰেৰণ কৰা হয়
বৈজ্ঞানিক বৈধ্যতা এক লাখতকৈ অধিক ব্যক্তিৰ পৰা প্ৰশিক্ষণৰ তথ্য আৰু 2000ৰো অধিক ব্যক্তিৰ ক্লিনিকেল অধ্যয়ন
পৰৱৰ্তী পদক্ষেপ তৃতীয় পক্ষৰ বি পি মনিটৰৰ পৰা 7 দিনৰ বাবে ৰিডিং লগ কৰক আৰু আপোনাৰ চিকিৎসকক দেখুৱাওক

লগতে পঢ়ক