ETV Bharat / technology

iPhone ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ! Apple CarPlay ত উপভোগ কৰিবলৈ পাব Apple TV ৰ কণ্টেট

Apple এ অতি সোনকালে CarPlay গাড়ীৰ পৰ্দাত Apple TV ষ্ট্ৰীমিং আগবঢ়াব পাৰে, যিটোৱে গাড়ীখন ৰখাই থোৱাৰ সময়তহে কাম কৰিব ।

apple-to-bring-airplay-video-in-the-car-for-iphone-users-via-carplay
iPhone ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ! Apple CarPlay ত দেখিবলৈ পোৱা যাব Apple TV (Apple Developer)
author img

By ETV Bharat Tech Team

Published : February 21, 2026 at 8:46 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: প্ৰযুক্তি জগতত এপল অপ্ৰতিৰোধ্য । এপলে প্ৰায়ে নিজৰ নতুন প্ৰযুক্তি বা ডিভাইচৰ বাবে শিৰোনাম দখল কৰে । এইবাৰো পৰিস্থিতি বেলেগ নহয় । শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এপলে অতি সোনকালে আইফোন ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ গাড়ীৰ স্ক্ৰীণত পোনপটীয়াকৈ এপল টিভিৰ বিষয়বস্তু চাবলৈ অনুমতি দিব পাৰে । এই নতুন বৈশিষ্ট্যৰ নাম হ'ব ‘গাড়ীত এয়াৰপ্লে ভিডিঅ' ৷ 2025 চনত ৱৰ্ল্ডৱাইড ডেভেলপাৰ কনফাৰেন্সত প্ৰথমবাৰৰ বাবে ইয়াক টিজ কৰা হৈছিল যদিও তাৰ পিছত এই বৈশিষ্ট্য আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই ।

এই বৈশিষ্ট্য শেহতীয়াকৈ iOS 26.4 ৰ ৰাজহুৱা বিটা সংস্কৰণত প্ৰকাশ পাইছে, ইয়াৰ পৰা বুজা যায় যে এপলে অতি সোনকালে ইয়াক সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিব পাৰে । AirPlay Video in the Car বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ আইফোনৰ পৰা পোনপটীয়াকৈ CarPlay সমৰ্থিত গাড়ীৰ স্ক্ৰীণলৈ ভিডিঅ’ কন্টেন্ট ষ্ট্ৰীম কৰিব পাৰিব । অৱশ্যে এইটো কেৱল সাধাৰণ স্ক্ৰীণ মিৰ’ৰিং নহ’ব । এপলে এটা মূল সুৰক্ষা প্ৰয়োজনীয়তা আৰোপ কৰিছে: এই বৈশিষ্ট্যই কেৱল তেতিয়াহে কাম কৰিব যেতিয়া বাহনখন সম্পূৰ্ণৰূপে বন্ধ হৈ যাব । অৰ্থাৎ গাড়ী চলোৱাৰ সময়ত ভিডিঅ’ চোৱাৰ অনুমতি দিয়া নহ’ব, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে কেৱল পাৰ্কিং লটত, চাৰ্জ কৰাৰ সময়ত বা কাৰোবাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তহে এই বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰিব ।

আন ব্ৰেণ্ডৰ গাড়ীতো উপলব্ধ হ’ব এই বৈশিষ্ট্য

এই বৈশিষ্ট্যৰ দ্বাৰা সকলো গাড়ীয়ে স্বয়ংক্ৰিয়ভাৱে লাভৱান নহ’ব । গাড়ী নিৰ্মাতাসকলে তেওঁলোকৰ ইনফ’টেইনমেণ্ট ছিষ্টেম আপডেট কৰিব লাগিব । ব্যৱহাৰকাৰীসকলে এই বৈশিষ্ট্য ব্যৱহাৰ কৰিব নোৱাৰিব যেতিয়ালৈকে AirPlay ভিডিঅ’ সমৰ্থন তেওঁলোকৰ গাড়ীত CarPlayৰ সৈতে সংযুক্ত নহয় । এই বৈশিষ্ট্য ক্ৰমান্বয়ে বিভিন্ন ব্ৰেণ্ডৰ গাড়ীত মুকলি কৰা হ’ব ।

নতুন বাতৰি অনুসৰি, CarPlay-এনেবল স্ক্ৰীণত এপল টিভিৰ দৰে ডেডিকেটেড ইন্টাৰফেছও থাকিব, যিয়ে এটা স্বতন্ত্ৰ এপ হিচাপে কাম কৰিব । ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে গাড়ীৰ পৰ্দাত আইফোনত অসমাপ্ত হৈ থকা শ্ব’ বা চিনেমা পুনৰ আৰম্ভ কৰিব পাৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে গাড়ীৰ পৰ্দাৰ পৰা পোনপটীয়াকৈ নতুন খণ্ড বা ভিডিঅ’ চাব পাৰিব ।

iOS 26.4 ৰাজহুৱা বিটা আপডেটত CarPlay ৰ বাবে ভয়েচ ভিত্তিক কথোপকথন এপৰ সমৰ্থনো দেখুওৱা হৈছে । অৱশ্যে ইয়াৰ কিছু সীমাবদ্ধতা থাকিব । বিশ্বাস কৰা হৈছে যে ‘Hey Siri’ ৰ দৰে হট কীৱৰ্ডৰ সহায়ত থাৰ্ড পাৰ্টি AI এপ সক্ৰিয় নহ'ব । গতিকে ব্যৱহাৰকাৰীয়ে প্ৰথমে এপটো খুলিব লাগিব আৰু তাৰ পিছত ইয়াৰ সৈতে কথা পাতিব লাগিব । এপলে এতিয়াও প্ৰকাশ কৰা নাই AirPlay Video in the Car বৈশিষ্ট্যৰ মুকলিৰ তাৰিখ । আশা কৰা হৈছে যে iOS 24.6 ৰ চূড়ান্ত পৰ্যায়ত ইয়াক ক্ৰমান্বয়ে মুকলি কৰা হ’ব ।

লগতে পঢ়ক