Apple Fitness Plus: ভাৰতত উপলব্ধ হ’ব 15 ডিচেম্বৰৰ পৰা; ব্যৱহাৰকাৰীয়ে লাভ কৰিব 12 টাকৈ ৱৰ্কআউট সেৱা
15 ডিচেম্বৰৰ পৰা ভাৰতত উপলব্ধ হ’ব এপল ফিটনেছ প্লাছ, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে আইফোন আৰু এপল ৱাটচত প্ৰ’-লেভেল ফিটনেছ ট্ৰেইনিং লাভ কৰিব পাৰিব ।

Published : December 9, 2025 at 8:32 PM IST
হায়দৰাবাদ: ভাৰতত মুকলি হ’ব Apple Fitness Plus । ভাৰতত ফিটনেছ প্লাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে টেক জায়ান্ট এপলে । 15 ডিচেম্বৰত ভাৰতত মুকলি হ’ব এপলৰ জনপ্ৰিয় ফিটনেছ এণ্ড ৱেলনেছ প্লেটফৰ্ম । কোম্পানীটোৱে ইয়াক আজিলৈকে সৰ্ববৃহৎ বিশ্বব্যাপী সম্প্ৰসাৰণ বুলি অভিহিত কৰিছে আৰু ভাৰত সেই তালিকাত অন্তৰ্ভুক্ত হৈছে ।
বহুতে Apple Fitness Plus ক কেৱল এটা ৱৰ্কআউট এপ বুলি ভাবে, কিন্তু আচলতে ই এটা সম্পূৰ্ণ ডিজিটেল ফিটনেছ ইক'ছিষ্টেম, যিয়ে আপোনাৰ এপল ৱাটচ, আইফোন, আইপেড আৰু এপল টিভিৰ সৈতে কাম কৰি আপোনাৰ ফিটনেছ যাত্ৰাক ব্যক্তিগতকৃতভাৱে অনুসৰণ কৰাৰ লগতে গাইড কৰে । এতিয়া, আপোনাৰ স্বাস্থ্য মেট্ৰিক্স AirPods Pro 3 ৰ পৰা পোনপটীয়াকৈ পৰ্দাত প্ৰদৰ্শিত হয় অৰ্থাৎ অভিজ্ঞতা বহুত মসৃণ হৈ পৰিছে ।

ফিটনেছ প্লাছৰ সৈতে উপলব্ধ
এপলে কয় যে এই সেৱাই 12 টা ৱৰ্কআউট ফৰ্মেট আগবঢ়াব, যিয়ে নতুন ব্যৱহাৰকাৰীৰ পৰা অভিজ্ঞ ব্যৱহাৰকাৰীলৈকে সকলোৰে প্ৰয়োজনীয়তা সামৰি ল’ব । ফিটনেছ প্লাছত উপলব্ধ ৱৰ্কআউটৰ ধৰণসমূহ হ’ল:
- Strength
- Yoga
- HIIT
- Pilates
- Dance
- Cycling
- Kickboxing
- Meditation
- Treadmill/Running
- Rowing
- Core
- Mindful Cooldown
ৱৰ্কআউটৰ সময়ো আপুনি ইচ্ছা অনুসৰি নিৰ্ধাৰণ কৰিব পাৰে । আপুনি 5 মিনিটৰ পৰা 45 মিনিট পৰ্যন্ত যিকোনো নিৰ্বাচন কৰিব পাৰে ।
Apple Watch বা AirPods Pro 3 ৰ সৈতে সুবিধাসমূহ
যদি আপোনাৰ এটা Apple Watch আছে, আপুনি আপোনাৰ পৰ্দাত হৃদস্পন্দন, কেলৰি বাৰ্ন, কাৰ্যকলাপ ৰিং আৰু বাৰ্ন বাৰৰ দৰে বাস্তৱ সময়ৰ তথ্য চাব পাৰিব । ইয়াৰ ফলত আপোনাৰ ৱৰ্কআউটৰ মনিটাইজেশ্যন আৰু অনুসৰণ দুয়োটা উন্নত হ’ব । এয়াৰপডছ প্ৰ’ 3 ব্যৱহাৰকাৰীসকলেও প্ৰত্যক্ষ অনস্ক্ৰীণ মেট্ৰিক্স সমৰ্থন লাভ কৰিব ।
কাষ্টম প্লেনৰ বৈশিষ্ট্য
এই বৈশিষ্ট্য সেইসকলৰ বাবে যিসকলে প্ৰতিদিনে কি ৱৰ্কআউট কৰিব সেইটো নিৰ্ণয় কৰাটো অতিশয় কঠিন বুলি বিবেচনা কৰে । কাষ্টম প্লেনে আপোনাৰ আপোনাৰ পছন্দৰ ৱৰ্কআউট, সময়সীমা, প্ৰশিক্ষক আৰু সংগীতৰ প্ৰতি লক্ষ্য ৰাখি এটা ব্যক্তিগতকৃত সাপ্তাহিক প্লেন দেখুৱাব । ইয়াৰ উপৰিও, আপুনি Apple Fitness Plus ৰ সৈতে আন কিছুমান বিশেষ বৈশিষ্ট্যৰ সুবিধা ল'ব পাৰে:
- Stay Consistent: আপোনাৰ ৰুটিন অনুসৰি এটা ৰেডিমেড পৰিকল্পনা
- Push Further: অধিক তীব্ৰ বা দীঘলীয়া প্ৰশিক্ষণ বিচৰাসকলৰ বাবে
- Get Started: নতুনসকলৰ বাবে সহজ ৱৰ্কআউট চেট
সংগীতৰ বৈশিষ্ট্য

ফিটনেছ প্লাছৰ সংগীত বৈশিষ্ট্য যথেষ্ট গভীৰ । এপল মিউজিক লাইব্ৰেৰীৰ পৰা গীত উপলব্ধ । কে-পপ সংগীতৰ নতুন শিতান এটাও সংযোজন কৰা হৈছে । আৰ্টিষ্ট স্পটলাইট প্লেলিষ্টত টেইলৰ চুইফট, বিয়ন্সে, বিটিএছ আৰু চেলিনা গোমেজৰ দৰে তাৰকাৰ সংগীতৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ ৱৰ্কআউটৰ বৈশিষ্ট্য আছে । ই এক অডিঅ’ ৱাক অভিজ্ঞতা য’ত চেলিব্ৰিটিৰ জীৱনৰ কাহিনী শুনি খোজ কাঢ়িবও পাৰি । শেহতীয়া খণ্ডটোত ফৰ্মুলা 1 ৰ ড্ৰাইভাৰ ইউকি চুনোডাক দেখা গৈছে ।
যোগ: 12টা ধ্যান থিম, যেনে শান্ত (Clam), টোপনি, শব্দ আৰু অধিক ৷ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ দিনটোত কিছু মননশীল সময় বিচাৰি উলিয়াবলৈ সহায় কৰিবলৈ উপলব্ধ ।
ভাৰতত ছাবস্ক্ৰিপচনৰ মূল্য:
| প্লেন | মূল্য |
| মাহেকীয়া | 149 টকা |
| বছৰেকীয়া | 999 টকা |
| পৰিয়ালকেন্দ্ৰিক | 6 জন পৰ্যন্ত |
নতুন এপল ৱাটচ, আইফোন, আইপেড, এপল টিভি, এয়াৰপডছ প্ৰ’ 3 বা পাৱাৰবিটছ প্ৰ’ 2 কিনিলে 3 মাহৰ বিনামূলীয়া ফিটনেছ প্লাছ চাবস্ক্ৰিপচনও থাকিব ।
কোনবোৰ ডিভাইচে কাম কৰিব?
- আইফোন 8 বা তাৰ পৰৱৰ্তী মডেল
- এপল ৱাটচ ছিৰিজ 3 বা তাৰ পৰৱৰ্তী মডেল
- আইপেড
- এপল টিভি
ভাৰতত কেতিয়া উপলব্ধ হ’ব ?
15 ডিচেম্বৰত ভাৰতত মুকলি হ’ব এই সেৱা । তেতিয়াৰ পৰা ভাৰতীয় ব্যৱহাৰকাৰীয়ে এপল ফিটনেছ প্লাছৰ সকলো বৈশিষ্ট্যৰ সুবিধা ল’ব পাৰিব ।
লগতে পঢ়ক

