Airtel আৰু Google ৰ অংশীদাৰিত্ব: RCS মেজেজিঙত উপলব্ধ হ’ব AI স্পেম ফিল্টাৰ আৰু ব্যৱসায়িক পৰীক্ষণ
Airtel আৰু গুগলৰ অংশীদাৰিত্বই এআই ভিত্তিক স্পেম ফিল্টাৰ আৰু ব্যৱসায়িক পৰীক্ষণৰ সৈতে আৰচিএছ বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত সুৰক্ষা বৃদ্ধি কৰিব।

Published : March 2, 2026 at 5:48 PM IST
হায়দৰাবাদ: ভাৰতত মোবাইল মেছেজিং অধিক সুৰক্ষিত কৰাৰ বাবে ভাৰতী এয়াৰটেলে গুগলৰ সৈতে অংশীদাৰিত্ব কৰিছে । এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ৰিচ কমিউনিকেচন চাৰ্ভিচ (RCS) মেছেজিঙত স্পেম আৰু ডিজিটেল জালিয়াতি ৰোধ কৰা । দুয়োটা কোম্পানীয়ে একেলগে এনে এক ব্যৱস্থা প্ৰস্তুত কৰিছে যিয়ে বিশেষকৈ এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে উন্নত, সুৰক্ষিত বাৰ্তা প্ৰেৰণৰ অভিজ্ঞতা প্ৰদান কৰিব ।
এই নতুন বৈশিষ্ট্য গুগল মেছেজ এপৰ জৰিয়তে উপলব্ধ হ’ব । কোম্পানীটোৱে কয় যে তেওঁলোকে নিজৰ টেলিকম নেটৱৰ্ক ইনটেলিজেন্সক গুগলৰ আৰ চি এছ প্লেটফৰ্মৰ সৈতে একত্ৰিত কৰিছে । ইয়াৰ ফলত বাৰ্তা প্ৰেৰণ কৰা ব্যৱসায়িক একাউণ্টসমূহৰ কঠোৰ নিৰীক্ষণ আৰু সন্দেহজনক বিষয়বস্তুৰ প্ৰি-ফিল্টাৰিং সম্ভৱ হ’ব ।
এয়াৰটেলে ইয়াৰ এআই-ভিত্তিক স্পেম ধৰা পেলোৱা সঁজুলিসমূহ পোনপটীয়াকৈ আৰচিএছ ফ্ৰেমৱৰ্কত একত্ৰিত কৰিছে । ইয়াৰ ফলত যিকোনো ব্যৱসায়িক বাৰ্তাৰ বাস্তৱ সময়ৰ মূল্যায়ন সম্ভৱ হ’ব । ছিষ্টেমে যিকোনো সন্দেহজনক লিংক, ভুৱা অফাৰ বা প্ৰৱঞ্চনামূলক বাৰ্তা ব্লক বা ফিল্টাৰ কৰিব । তদুপৰি, টেলিকম পৰ্যায়ত প্ৰামাণিক ব্যৱসায়িক প্ৰেৰকৰ পৰিচয় পৰীক্ষা কৰা হ’ব, যাৰ ফলত ব্যৱহাৰকাৰীয়ে বিশ্বাসযোগ্য বাৰ্তা লাভ কৰাটো নিশ্চিত কৰা হ’ব ।
সকলো RCS বৈশিষ্ট্য উপলব্ধ হ’ব
কোম্পানীসমূহে স্পষ্ট কৰি দিছে যে ব্যৱহাৰকাৰীসকলে RCS ৰ সকলো জনপ্ৰিয় বৈশিষ্ট্য যেনে উচ্চ ৰেজোলিউচনৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা, টাইপিং ইনডিকেটৰ চোৱা, পঢ়া ৰচিদ আৰু বাৰ্তাৰ প্ৰতিক্ৰিয়া উপভোগ কৰি থাকিব । পাৰ্থক্য মাথো এইটোৱেই যে এইবোৰ এতিয়া অতিৰিক্ত সুৰক্ষা স্তৰৰ সৈতে পৰিপূৰক হ’ব ।
Airtel ৰ মতে, ইয়াৰ এআই ব্যৱস্থাই যোৱা 18 মাহত 71 বিলিয়নতকৈ অধিক স্পেম কল আৰু 2.9 বিলিয়ন স্পেম এছএমএছ ব্লক কৰিছে । কোম্পানীটোৱে দাবী কৰিছে যে এই ব্যৱস্থাসমূহৰ ফলত তেওঁলোকৰ নেটৱৰ্কত ৰিপ’ৰ্ট কৰা আৰ্থিক লোকচান প্ৰায় 68.7 শতাংশ হ্ৰাস পাইছে । কিন্তু কিছুমান অভাৰ-দ্য-টপ মেছেজিং প্লেটফৰ্মে এতিয়াও টেলিকম গ্ৰেডৰ সুৰক্ষা মানদণ্ড মানি চলা নাই, যিয়ে ভাবুকিৰ সৃষ্টি কৰিছে ।
নতুন RCS ভিত্তিক ব্যৱস্থাটোত সুৰক্ষাৰ একাধিক স্তৰ থাকিব । ইয়াৰ ভিতৰত ব্যৱসায়িক প্ৰেৰকসকলৰ টেলিকম-ভিত্তিক পৰীক্ষণ, ডু নট ডিষ্টাৰ্ব (DND) নিয়মসমূহ মানি চলা, প্ৰচাৰ আৰু লেনদেনমূলক বাৰ্তাসমূহৰ পাৰ্থক্য আৰু ক্ষতিকাৰক লিংকসমূহৰ বহু-স্তৰীয় পৰীক্ষণ অন্তৰ্ভুক্ত ।
যদি কোনো প্ৰেৰকক এয়াৰটেল বা গুগলৰ এআই চিষ্টেমে সন্দেহজনক বুলি ধৰা পেলায়, তেন্তে তেওঁলোকৰ বাৰ্তা সীমিত বা ব্লক হ’ব পাৰে । দুয়োটা কোম্পানীয়ে কয় যে এই অংশীদাৰিত্বই দেখুৱাইছে যে কেনেকৈ টেলিকম অপাৰেটৰ আৰু টেক প্লেটফৰ্মে একেলগে কাম কৰি ভাৰতৰ ডিজিটেল মেছেজিং ইক’চিষ্টেমক অধিক সুৰক্ষিত আৰু জবাবদিহি কৰিব পাৰে ।
লগতে পঢ়ক
কিশোৰে ‘ইচ্ছামৃত্যু’ৰ সন্ধান কৰিলেই নটিফিকেশ্যন লাভ কৰিব অভিভাৱকে
গুগল মেপতে সন্ধান লাভ কৰিব পাৰিব আপোনাৰ নিকটৱৰ্তী আধাৰ কেন্দ্ৰটোৰ

